বিহালীত অবৈধভাৱে মাটি কটা ট্ৰেক্টৰ জব্দ
নিয়মীয়া বাৰ্তা, ৫ফেব্ৰুৱাৰী : বিহালীত ইটা ভাটা আৰু ৰাস্তাৰ কামত অবৈধ শিল, বালি আৰু মাটিৰ ব্যৱসায় চলি থকা নতুন কথা নহয়। বিহালীত অবৈধ শিল,বালি আৰু মাটিৰ ব্যৱসায়ৰ বিৰুদ্ধে বিভিন্ন দল ,সৎগঠন আদিয়ে প্ৰতিবাদ কৰি থকাৰ সময়তে কালি আৰু পৰহি কেইবাখনো ট্ৰেক্টৰ বন বিভাগে জব্দ কৰে। খেতি পথাৰত দ খাল খান্দি মাটিৰ অবৈধ ব্যৱসায় চলি থকাৰ অৱস্থাত পৰহি আৰু যোৱা কালি বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ে বিহালীৰ বিভিন্ন স্থানৰ মাটিভৰ্তি ট্ৰেক্টৰ ছয়খন জব্দ কৰে। জব্দ কৰা ট্ৰেক্টৰসমুহ বৰ্তমান বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আছে।
প্ৰেৰক ভুবন লুইটেল