নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্মজীৱনৰ অৱসৰঃ বৰহোলাত শিক্ষক বুধীন্দ্ৰ নাথ হাজৰিকাক ৰাজহুৱা বিদায় সম্বৰ্ধনা

# অতীত সুঁৱৰি আবেগিক হৈ উঠিল বহুজন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ তিতাবৰ মহকুমাৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ বুধীন্দ্ৰ নাথ হাজৰিকাই আজি অৱসৰ গ্ৰহণ কৰে। সেয়ে বিদ্যালয়খনত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে এক ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। পুৱা শিক্ষকগৰাকীক বিদ্যালয়খনৰ সহকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু এন চি চি ক্ৰেডেটেৰে ঘৰৰ পৰা স-সন্মানেৰে বিদ্যালয়খনলৈ আদৰি আনে। ইয়াৰ পিছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি যোগেন শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা। সভাত বিদ্যালয়খনৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ মহন্তই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে বিদায়ী শিক্ষকগৰাকীৰ কৰ্মজীৱনৰ ওপৰত চমু আলোকপাত কৰে। শিক্ষক দিগন্ত বৰাই আঁত সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ৰমে বিজয় মোহন সন্দিকৈ, ডম্বৰু চুতীয়া, ব্ৰজেন হাজৰিকা, মহেন্দ্ৰ নাথ হাজৰিকা, সমাজকৰ্মী ছফিকুল হক, সাংস্কৃতিক কৰ্মী গোবিন মহন্ত, অৱসৰপ্ৰাপ্ত অধ্যক্ষা মঞ্জুলা গগৈ সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক বিবুল হাজৰিকা, হৰেন গগৈ, বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী কলিতা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি মণ্টু বৰদলৈ, সম্পাদক ধ্ৰুৱজ্যোতি ফুকন‌ আদি উপস্থিত থাকি বিদায়ী শিক্ষক বুধীন্দ্ৰ নাথ হাজৰিকাৰ কৰ্মজীৱনৰ অতীত সুঁৱৰাৰ লগতে বিদ্যালয়খনৰ উত্তোৰণৰ বাবে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ কথা উল্লেখ কৰি বক্তব্য প্ৰদান কৰে। সভাতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতি, বৰহোলা আঞ্চলিক ছাত্র সন্থা, সেউজী কানন শাখা সাহিত্য সভা, বি কে একাডেমীকে ধৰি বহুকেইগৰাকী শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্ৰী, কৰ্মচাৰী, ছাত্ৰ একতা সভা আৰু অলেখ অনুষ্ঠান-প্ৰতিষ্ঠান, শুভাকাংক্ষীয়ে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ, শৰাই, সফুৰা, চেলেং, ফুলৰ থোপা, কিতাপ আদিৰে বুধীন্দ্ৰ নাথ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। বুধীন্দ্ৰ নাথ হাজৰিকাই বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক যোৰহাট জিলাৰ ভিতৰতে এখন জাকত-জিলিকা বিদ্যালয় হিচাপে গঢ় দিয়াৰ লগতে বিদ্যালয়খনৰ সকলো দিশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছিল সেই কথাও ভাষণত বহুজনে প্ৰকাশ কৰে। উল্লেখ্য যে ১৯৮৪ চনতে শিক্ষকতাৰ চাকৰি জীৱন আৰম্ভ কৰা বুধীন্দ্ৰ নাথ হাজৰিকাই আজি বিদায়ী দিনটোত যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হয়। সম্বৰ্ধনা সভাৰ আৰম্ভণিতে কেইবাগৰাকী ছাত্ৰীয়ে এক সমবেত সংগীত পৰিবেশন কৰে। সভা চলি থকাৰ মাজতে তৃষ্ণা ঠাকুৰ, গৌৰি বৰা, লক্ষ্যদ্বীপ চুতীয়া আদিয়ে সংগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। উল্লেখ্য যে বৰহোলাৰ এজন বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক বুধীন্দ্ৰ নাথ হাজৰিকাৰ আজি বিদায়ী ক্ষণত অঞ্চলটোৰ বহুকেইজন শুভাকাংক্ষী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীও আবেগিক হৈ পৰাৰ কথা জানিবলৈ দিছে।

You might also like