মাৰবার্গ ভাইৰাছৰ সংক্রমণ বৃদ্ধি; ইকুৱেটৰিয়েল গিনিত মাৰবার্গ ভাইৰাছৰ সংক্রমণ নিশ্চিত কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: ক’ভিড–১৯ মহামাৰীৰ শংকা সম্পূর্ণ মাৰ নৌযাওঁতেই এইবাৰ আফ্রিকাৰ দেশত মাৰবার্গ ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছে৷ মধ্য আফ্রিকান দেশ ইকুৱেটৰিয়েল গিনিত ইতিমধ্যে মাৰবার্গ ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে৷ এতিয়ালৈকে অতিকমেও ৯জন লোকে এই ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰাৰ বিপৰীতে ২০০তকৈ অধিক লোকক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে৷
বিশ্ব স্বাস্থ্য সংস্থাই ইকুৱেটৰিয়েল গিনিত মাৰবার্গ ভাইৰাছৰ সংক্রমণ নিশ্চিত কৰি এই ভাইৰাছটো সন্দর্ভত জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অতি জ্বৰ, প্রচণ্ড মূৰৰ বিষকে ধৰি বিভিন্ন আনুষংগিক লক্ষণৰ মাৰবার্গ ভাইৰাছ ইব’লা ভাইৰাছৰ সৈতে সম্পর্কিত৷ মাৰবার্গ ভাইৰাছ অতি সংক্রমণশীল আৰু এই ভাইৰাছত আক্রান্তৰ মৃত্যুৰ হাৰ ৮৮ শতাংশ৷ ইকুৱেটৰিয়েল গিনিৰ লগতে আফ্রিকান দেশ এংগোলা, কেনিয়া, দক্ষিণ আফ্রিকা, য়ুগাণ্ডা আৰু ডেম’ক্রেটিক ৰিপাব্লিক অৱ কংগোতো এই ভাইৰাছটোত আক্রান্ত লোকৰ তথ্য পোহৰলৈ আহিছে৷ মাৰবার্গ ভাইৰাছত আক্রান্ত হোৱা লোকে অতিমাত্রা জ্বৰত ভোগাৰ লগতে গুৰুতৰ মূৰৰ বিষত ভোগে৷
প্রথম সাত দিন ধৰি শৰীৰৰ বিভিন্ন অংগত অস্বাভাৱিকতা দেখুওৱাৰ পিছত দুই দিনৰ পৰা ২১ দিনলৈকে এই ভাইৰাছটো চিনাক্ত কৰাত জটিলতা থাকে৷ কিয়নো, এই ভাইৰাছটোত আক্রান্ত ৰোগীৰ দেহত টাইফয়েড আৰু মেলেৰিয়াত আক্রান্তৰ দৰে লক্ষণ দেখা দিয়ে৷ বাদুলীয়ে খোৱা ফল–মূলৰ পৰা মানুহৰ দেহলৈ সম্প্রসাৰিত হোৱা এই ভাইৰাছটো পাছলৈ প্রত্যক্ষভাৱে ইজন ব্যক্তিৰ পৰা সিজন ব্যক্তিলৈ সম্প্রসাৰিত হয়৷ সংক্রমিত লোকে ব্যৱহাৰ কৰা সামগ্রীৰ উপৰি লোকজনৰ শৰীৰৰ চর্দি–কাহৰ পৰাও আন ব্যক্তিলৈ এই ভাইৰাছটো বিয়পে৷
বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে, এই ভাইৰাছটোত আক্রান্ত ৰোগীক চিকিৎসাৰ বাবে কোনোধৰণৰ চিকিৎসা ব্যৱস্থা কিম্বা ভেকচিন নাই৷ তেনে কাৰণতে জনতা সজাগ–সতর্ক হোৱাটো অতি জৰুৰী৷ ইব’লা ভাইৰাছৰ দৰেই মাৰবার্গ ভাইৰাছো বাদুলীৰ পৰা আহি মানৱ দেহত প্রৱেশ কৰে৷ এই ভয়াৱহ ভাইৰাছটো ১৯৬৭ চনত প্রথম চিনাক্ত কৰা হৈছিল৷ ইকুৱেটৰিয়েল গিনিত মাৰবার্গ ভাইৰাছৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জৰুৰী বৈঠক অনুষ্ঠিত কৰি এই সন্দর্ভত বিশ্বৰ সকলো দেশক সজাগ আৰু সচেতন হোৱাৰ বাবে পৰামর্শ আগবঢ়াইছে৷