নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত মাহেকীয়া আলোচনী অসমীয়া বৰ্ণিলৰ বৰ্ষপূৰ্তি

নিয়মীয়াবাৰ্তা, ২২ফেব্ৰুৱাৰী: ৫ ফেব্ৰুৱাৰী দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত অসমীয়া মাহেকীয়া আলোচনী ‘অসমীয়া বৰ্ণিল’ৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানটি আয়োজন কৰা হয়৷ বৰ্ণিলৰ উপদেষ্টা, কবি কেশৱ কুমাৰ শইকীয়াই বন্তি প্ৰজ্বালন কৰা অনুষ্ঠানটিত সভাপতি আসন শুৱনি কৰে ঔপন্যাসিক, কবি, গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্যই৷ বৰ্ণিলৰ সম্পাদক ডিম্পল গগৈয়ে আঁতধৰা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়ায় সম্পাদক ডিম্পল গগৈ আৰু মুখ্য সম্পাদক আইলুন লাহন বৰাই৷ উক্ত অনুষ্ঠানত সমাজ, সাহিত্য, সংস্কৃতি, সংবাদ আজি ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ৮ গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়৷ বঁটা প্ৰাপক ব্যক্তি সকল ক্ৰমে- ২০২২-২৩ বৰ্ষৰ বৰ্ণিল প্ৰভাৰ সন্মান বিশিষ্ট সাহিত্যিক, সম্পাদক, সাংবাদিক শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী, সংবাদ প্ৰহৰীৰ সন্মান নিউজ লাইভৰ প্ৰগেম এডিটৰ শ্ৰীযুত নিপ কুমাৰ বৰুৱা, যুৱ কবিৰ সন্মান কবি শ্ৰীযুত বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকৰ সন্মান প্ৰাগ নিউজৰ সংবাদদাতা শ্ৰীযুত উৎপল বৰা, কৰ্মশ্ৰীৰ সন্মান কবি শিক্ষক শ্ৰীযুত অমৃত ৰাজখোৱা, শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান পুৰুষ/ মহিলা ক্ৰমে কণ্ঠশিল্পী শ্ৰীযুত সীমান্ত শেখৰ আৰু শ্ৰীযুতা বৰ্ণালী কলিতা, শ্ৰেষ্ঠ অনুষ্ঠান পৰিৱেশিকাৰ সন্মান ডি ৱাই ৩৬৫ ৰ সাংবাদিক শ্ৰীযুত মিতুৰাণী দাস৷ বঁটা প্ৰদানৰ পাছতেই ‘বৰ্ণিল অনুভৱ’ নামেৰে এখন কবি সন্মিলনো আয়োজন কৰা হয়৷ বিশিষ্ট কবি শ্ৰীযুত দেৱপ্ৰসাদ তালুকদাৰ আৰু শ্ৰীযুতা ৰীতা বৰুৱাৰ সঞ্চালনাত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে কবিতা পাঠ কৰে৷ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক, কবি, গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্য, বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ, বিশিষ্ট কবি ৰীতা বৰুৱা, কেৰিয়াৰ পৰামৰ্শদাতা বুলজিৎ বুঢ়াগোহাঁই, কবি কমলজিৎ কলিতা, সমাজকৰ্মী শৈলেন বৰুৱাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি৷ উক্ত অনুষ্ঠানত বৰ্ণিল কেলেণ্ডাৰ উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক, কবি, গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্যয়ে৷ দৃষ্টিৰূপা বৰদলৈৰ সঁচা প্ৰেমৰ অনুভৱ ‘ভালপোৱা শেষ ইচ্ছা’ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী ৰাজু ফুকনে৷ উক্ত দিনাই ৰক্তদানৰ দৰে এক মহৎ সেৱা আগবঢ়াই অহা আৰু সমাজ জীৱনৰ সকলো স্তৰৰ লোকক স্বাস্থ্য আৰু সজাগতাৰ বাবে উন্নত আৰু বিজ্ঞানসন্মতভাৱে জীৱন নিৰ্বাহ কৰা দৰকাৰী তথ্য তথা কৌশল প্ৰদান কৰা ‘ইউনিটি উই দ্যা ব্লাড ড’নৰছ’ নামৰ সংস্থাটোক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ হয়৷ সদৌ শেষত সভাপতিৰ মন্তব্যৰে সহ-সম্পাদক দৃষ্টিৰূপা বৰদলৈৰ শলাগৰ শৰায়ে অনুষ্ঠানটি সামৰণি পৰে৷

প্ৰেৰকঃ সুৰজ দাস
নিয়মীয়াবাৰ্তা, তিনিচুকীয়া

You might also like