নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা মাফিয়াৰ সৈতে কোনে লেনদেন কৰিলে তিনি কোটি টকা ?

  • সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়াত সংবাদমেল সম্বোধন 
নিয়মীয়া বাৰ্তা, ২২ফেব্ৰুৱাৰী: লিডুৰ কয়লাখনিত ১২ জানুৱাৰীৰ পৰা মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত তিনিচুকীয়াত অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে কয়লা মাফিয়াৰ পৰা কোনো সংগঠনৰ নেতৃত্বত তিনি কোটি টকাৰ লেনদেনৰ কথা সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ এই তিনি কোটি টকাৰ লেনদেনৰ কথা চৰ্চিত হৈ থকাৰ মাজতে আজি তিনিচুকীয়াৰ প্ৰেছ ক্লাৱত সদৌ মৰাণ ছাত্ৰ সন্থা, অসম মৰাণ সভাই এখন সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ আজিলৈকে নিৰুদ্দেশ হৈ থকাক লৈ সৰৱ হৈ পৰে আৰু কয় যে, এইসন্দৰ্ভত শেহতীয়া স্থিতি অতি ৰহস্যজনক ৷ চৰকাৰ, জিলা প্ৰশাসন, ক’ল ইণ্ডিয়াই গুৰুত্বসহকাৰে দায়িত্ব নোলোৱা যেন অনুভৱ হৈছে ৷ প্ৰাঞ্জল মৰাণ জীৱিত আছে নে মৃত্যু হ’ল সেয়াও অৱগত কৰা নাই জিলা প্ৰশাসনে, সেয়া জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে ৷ আনহাতে, লিডুৰ কয়লাখনি পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষীয়ে মৃত্যু হ’ল বুলি জনাইছে ৷ মৃত্যু হোৱা স্থান দেখাইছিল৷ যদিহে মৃত্যুয়েই হ’ল তেন্তে মৃতদেহ উদ্ধাৰ কৰক আৰু পৰিয়ালৰ হাতত গতাই দিয়ক৷ সমান্তৰালভাৱে মৃত্যুৰ লগত সম্পৰ্ক থকা লোকসকলক গ্ৰেপ্তাৰ কৰক, আজিপৰ্য্যন্ত এজাহাৰত নাম সন্নিৱিষ্ট কৰাসকলক গ্ৰেপ্তাৰ নকৰাটো দুৰ্ভাগ্যজনক ৷ যদিহে গ্ৰেপ্তাৰ কৰিছে, তেন্তে এই ঘটনাৰ স’তে জৰিত আৰক্ষীয়ে কাক কাক গ্ৰেপ্তাৰ কৰিলে ৰাজহুৱা কৰক ? জিলা প্ৰশাসনে যদি মৃত্যু হোৱা নাই, জীৱিত অৱস্থাত আছে তেন্তে ঘূৰাই দিয়ক আৰু মৃত্যু হ’ল যদি মৃতদেহ দিয়ক ৷ গতিকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ক্ষিপ্ৰগতিৰে সমাধান কৰক ৷ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বিহিত ব্যৱস্থা লওক ৷
  আনহাতে, তিনি কোটি টকাৰ লেনদেনৰ কথা চৰ্চিত সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে কয় যে, মৰাণ ছাত্ৰ সন্থাই কেতিয়াও কোনো টকা পইচাৰ লেনদেনৰ কথা পতা নাই ৷ মৰাণ ছাত্ৰ সন্থাই মৰাণ জনগোষ্ঠীক আঁৰত ৰাখি তেনে কাম নকৰে ৷ একাংশ লোকে মৰাণ ছাত্ৰ সন্থাৰ বিৰুদ্ধে আঙুলি টোৱাইছে ৷ তেওঁলোকক সকীয়নি প্ৰদান কৰিছোঁ তেনে নকৰিবলৈ ৷ যদিহে কোনোয়ে তিনি কোটি টকা দিয়াৰ কথা জানে তেন্তে পৰিয়ালক সেয়া দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ ইফালে, ১৭ ফেব্ৰুৱাৰীৰ পৰা তিনিদিন মাকুমত কয়লাৰ সৰবৰাহ সম্পূৰ্ণ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ গণতান্ত্ৰিক সংগঠন হিচাপে গণতান্ত্ৰিকভাৱে আন্দোলন গ্ৰহণ কৰিছিল আৰু দৃষ্টিগোচৰ কৰা হৈছে ৷ গতিকে তিনিদিনৰ পাছত সেয়া প্ৰত্যাহাৰ কৰা হ’ল ৷ পুনৰ এখন সংগঠনৰ সভা হ’ব সভা অনুষ্টিত কৰা হ’ব আৰু সেই সভাতে সিদ্ধান্ত গ্ৰহণ কৰি পুনৰ কায্যসূচী গ্ৰহণ কৰিব ৷ আজিৰ সংবাদমেলত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, উপ সভাপতি পলিন্দ্ৰ বৰা, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে মৃদুল দহোতীয়া, বিৰাজ মৰাণ উপস্থিত থকাৰ বিপৰীতে কিছু পলমকৈ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া আৰু সাধাৰণ সম্পাদক বিতুপন মৰাণো উপস্থিত হয় ৷
প্ৰেৰক:- বিবেক বড়া
You might also like