নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱনির্মিত মৰিগাঁও সদৰ থানাৰ দ্বাৰ উন্মোচন

বার্তা বুৰো, ২৫ ফেব্ৰুৱাৰীঃ অসম আৰক্ষীৰ আধুনিকীকৰণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসম আৰক্ষী মৈত্ৰী আঁচনিৰ অধীনত নতুন ৰূপত নিৰ্মাণ কৰা মৰিগাঁৱ সদৰ আৰক্ষী থানাৰ আজি দ্বাৰ মুকলি কৰে অসম আৰক্ষীৰ মধ্য সংমণ্ডল আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীৱে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভলাল বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ সমীৰণ বৈশ্য, উপ আৰক্ষী অধীক্ষক মৌচুমী দাস, উপ আৰক্ষী অধীক্ষক সীমান্ত ধনীৰাম বৰা, মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক জ্যোতি প্ৰসাদ সন্দিকৈ প্ৰমুখ্যে আৰক্ষীৰ লোক সকল। প্ৰায় ৮১,৩২,৭৫৯ টকা ব্যয়সাপেক্ষে এই সদৰ থানাখনৰ নিৰ্মানৰ ফলত মৰিগাঁও আৰক্ষীৰ এক দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ হল।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like