অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহৎ সালসলনি
নিয়মীয়া বাৰ্তা, ১৬ মার্চ: অসম চৰকাৰৰ গৃহ বিভাগে বৃহস্পতিবাৰে ৰাজ্যৰ আৰক্ষী বিভাগৰ শীৰ্ষ পৰ্যায়ত বৃহৎ সালসলনি কৰিছে।
সেই অনুসৰি তালিকা –
গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক বদলি কৰা হৈছে আৰু তেওঁৰ ঠাইত পুষ্কিন জৈনক নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে পুষ্কিন জৈন পূৰ্বতে সদিয়াৰ এছ পি আছিল।
চি আই ডিৰ এছ পি জয়শ্ৰী খেৰচাক বদলি কৰি ১নং অসম আৰক্ষী টাস্ক ফ’ৰ্চ (এ পি টি এফ) বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।
ক্ৰাইম ব্ৰাঞ্চৰ এছ পি শান্তনু শৰ্মা পাঠকক বদলি কৰি কাৰ্বি আংলঙৰ ২৩ নং এ পি (আই আৰ) বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।
ইমদাদ আলীক গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ডিচিপি সুভাছিছ বৰুৱাক সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে উলুবাৰী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।
১ম এ পি টি এফ বেটেলিয়নৰ কমাণ্ডেণ্ট মৃণাল ডেকাক সদিয়াৰ নতুন এছ পি হিচাপে নিযুক্তি দিয়া হৈছে।
অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদক গুৱাহাটী যান-বাহন আৰক্ষীৰ অতিৰিক্ত উপ-আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে, গুৱাহাটীৰ প্ৰাক্তন এডিচিপি কল্যাণ কুমাৰ পাঠকক কামৰূপ জিলাৰ এএছপি হিচাপে নিযুক্তি দিয়া হৈছে।
নন্দিনী কাকতিক গুৱাহাটী কেন্দ্ৰীয় মণ্ডলৰ এডিচিপি হিচাপে নিযুক্তি দিয়া হৈছে।