ডিকোডিং জীৱনঃ স্ব–আলাপ
- পার্থ সাৰথি মহন্ত
আমি কি কি ভাবি থাকোঁ? কেতিয়াবা ভাবোঁনে আমি কি কি ভাবোঁ?
আমি কিন্তু অনবৰতে ভাবি থাকোঁ, নিজৰ লগত কথা পাতি থাকোঁ৷ গুৰুত্বপূর্ণ কথাটো হ’ল কি পাতো, কেনেকৈ পাতো, কেনেধৰণৰ শব্দ–বাক্য–ভাষা ব্যৱহাৰ কৰি পাতো৷ কিমান ইতিবাচক বা নেতিবাচক এই কথা–বতৰাৰ ভাব, ভাষা আৰু ধৰণ৷ পুৱা সাৰ পাইছোঁ, কিন্তু বিছনাৰ পৰা উঠি যাব মন যোৱা নাই৷ স্ব–আলাপ– ‘যা উঠি যা, অলপ ব্যায়াম কৰ’৷ ইতিবাচক৷ ‘একো লাভ নাই, এদিন কৰি কি হ’ব, তোৰ দ্বাৰা একো নহ’ব৷’ নেতিবাচক৷ ইতিবাচক স্ব–আলাপে আমাক উৎসাহিত কৰে, অনুপ্রাণিত কৰে৷ নেতিবাচক স্ব–আলাপে নিৰুৎসাহিত কৰে৷ আমাৰ মনটো কোঁচ খুৱাই আনে৷
এই যে মনটো কোঁচ খাই আহিল, বুকুৰ এটা চুক কোঁচ খাই আহিল– জীৱনটোৱেই কোঁচ খাবলৈ আৰম্ভ হৈ গ’ল৷ পৃথিৱীখন সংকুচিত হৈ আহিল৷ সেই কাৰণেই নেতিবাচক স্ব–আলাপ চিন্তনীয়, গুৰুত্বপূর্ণ৷ ঋণাত্মক ধৰণে যেতিয়া আমি নিজৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁ, বহু সময়ত সেয়া আমি ভাল বুলি ভাবোঁ৷ এজন ইনাৰ ক্রিটিক লাগে বুলি ভাবি আমি ভাল পাওঁ৷ আত্মসমালোচনাই আমাক বিচলিত হোৱাৰ পৰা ধৰি ৰাখিব বুলি আমি আশ্বস্তবোধ কৰোঁ৷ কিন্তু সত্যটো হ’ল– আমি তলকিব পৰাৰ আগতেই এই স্বস্তি অশান্তিত পৰিণত হয়৷ এই নকাৰাত্মক কথাবোৰে আমাৰ শক্তি–সামর্থ্য–সম্ভা সকলো নিঃশেষ কৰি পেলায়৷ নিজৰ ওপৰতে বিশ্বাস নোহোৱা কৰি পেলায়৷ আমি মানসিক চাপত ভুগিবলৈ আৰম্ভ কৰোঁ৷ এংজাইটি আৰু ডিপ্রেচনত সোমাই যাওঁ৷ ডাঙৰ কথাটো হ’ল এই গোটেইবোৰ আমি নিজে নিজৰ লগত কথা পাতি, নিজেই নিজক কৈ কৈ কৰোঁ৷
এংজাইটি ডিজর্ডাৰ এতিয়া সমগ্র বিশ্বতে অতিপাত বাঢ়িছে৷ আমি দুশ্চিন্তা–দুর্ভাৱনা–উ আশংকাত ভোগো৷ বিশ্বৰ ত্রিশ শতাংশ প্রাপ্তবয়স্ক লোক এই মানসিক ৰোগত ভুগি আছে৷ ভাৰতত এই পৰিসংখ্যা আৰু ভয় লগা৷ দুবছৰ পূর্বে হোৱা এটা অধ্যয়নত প্রকাশ পাইছে চৌষত্তৰ শতাংশ ভাৰতীয় ষ্ট্রেছত Stress) আৰু অষ্টাশী শতাংশ এংজাইটিত ভুগি আছে৷
ষ্ট্রেছ আৰু এংজাইটিয়ে আমাৰ মটিভেচন নোহোৱা কৰি পেলোৱাৰ লগতে আমাক ক্রমাৎ নিঃসহায় কৰি তোলে৷ অসহায়বোধে আমাক সন্মুখত থকা সম্ভাৱনাবোৰ নেদেখা কৰি তোলে৷ দেখা পালেও এই সম্ভাৱনাৰ আমি সদ্ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰোঁ৷ কাৰণ আমি নিজক ‘নোৱাৰিবা, নোৱাৰিবা’ বুলি কৈ থাকোঁ৷ যিমানেই নোৱাৰিবা বুলি কওঁ সিমানেই নোৱাৰিম বুলিও বিশ্বাস কৰোঁ৷ আমি এক ঠেক পৰিধিলৈ সোমাই যাওঁ৷ ই আনকি মানুহৰ লগত আমাৰ সম্পর্কও বেয়া কৰি পেলায়৷ অশান্তি আৰু নিৰাপত্তাহীনতাই সম্পর্কবোৰ তিক্ত কৰি তোলে৷ আমি এক স্ব–সৃষ্ট খোলাত আবদ্ধ হৈ পৰোঁ৷
আৰু এটা অধ্যয়ন হৈছিল৷ কিছু এথলীটক লৈ৷ উপদেশমূলক, অনুপ্রেৰণামূলক, ইতিবাচক আৰু নেতিবাচক– এই চাৰি ধৰণৰ স্ব–আলাপে তেওঁলোকক কেনেদৰে প্রভাৱিত কৰে বুজিবলৈ যত্ন কৰা হৈছিল৷ কেউজন এথলীটৰ উত্তৰবোৰৰ পৰা এটা কথাই স্পষ্ট হ’ল ইতিবাচক স্ব–আলাপে সফলতা লভাত সবাতোকৈ বেছি সহায় কৰে৷ যিকোনো খেলতেই মন কৰিবচোন৷ টেনিছেই বা বেডমিণ্টনেই ধৰক৷ ডাবল্ছ Doubles) খেলোঁতে যেতিয়া পার্টনাৰে মিছ কৰে বা ভুল কৰে তেতিয়াও আনজনে দৌৰি গৈ তেওঁক উদ্যম দি আহে৷ নিজেও সজীৱ হৈ থাকে, স্ফূর্তিত থাকে৷ ব’ডী লেংগুৱেজত কোনো ধৰণৰ নিগেটিভ ভাব বা প্রকাশ নাথাকে৷ দুয়োজনে নতুন উৎসাহ আৰু উদ্দীপনাৰে পাছৰ পইণ্টটোৰ কাৰণে সাজু হয়৷ এয়া দুজনৰ মাজত ইতিবাচক আলাপ৷ ছিংগলছ খেলা খেলুৱৈজনে অকলেই কৰে৷ বহুতে মনতে, আন বহুতে সজোৰে চিঞৰি৷ ‘কাম অন’৷ এয়া স্ব–আলাপ৷ পজিটিভ স্ব–আলাপ৷
সাফল্যৰ এটা মন্ত্র ইতিবাচক স্ব–আলাপ৷ ৰাজহুৱা ভাষণ অনেকৰ বাবেই সমস্যা৷ ইয়াৰ এটা প্রধান কাৰণ হ’ল নিগেটিভিটি বায়াচ৷ ‘নোৱাৰিম নেকি’ নিজকে কৈ থাকে৷ যেতিয়াই ‘কিয় নোৱাৰিম’ বুলি ৰাজহুৱা মঞ্চত ভাষণ দিয়া আৰম্ভ কৰে জীৱনৰ গতিয়েই সলনি হৈ যায়৷ আমি যি ভাবোঁ সেয়াই হয়, যেতিয়ালৈকে পাৰিম বুলি নাভাবোঁ তেতিয়ালৈকে আৰম্ভই নকৰোঁ৷ কিবা এটা আৰম্ভ কৰিবলৈ আমি যে ওস্তাদ হ’ব লাগিব, নিখুঁত হ’ব লাগিব, তেনে নহয়, আমি চেষ্টা কৰিব লাগিব৷ আমি যেনেকৈ গঢ় দিওঁ, জীৱনে তেনেকৈয়ে গঢ় লয়৷
কিছুমান মানুহৰ কথা যে আমি ভাবোঁ–কেনেকৈ ইমান সফল হৈছে বুলি তেওঁলোকেনো কি কৰে কিবা বেলেগ কৰে নেকি? কিমান বেলেগ? প্রত্যেক মানুহৰে কাম কৰাৰ ধৰণ বেলেগ৷ প্রত্যেকৰে কার্যকৰিতাৰ এটা গোপন মন্ত্র থাকে৷ ছিক্রেট অৱ ছাক্ছেছ, কিন্তু এটা বস্তু সকলোৰে একে৷ তেওঁলোক পজিটিভ৷ তেওঁলোকৰ মনলৈও যে নৈৰাশ্য নাহে তেনে নহয়৷ তেওঁলোকে এই নৈৰাশ্যৰ ওচৰত নিজকে কাবু হ’বলৈ নিদিয়ে৷ তেওঁলোকে নিজেই নিজক উৎসাহিত কৰে, অনুপ্রাণিত কৰে, নিজৰ লগত পজিটিভ কথা পাতে৷ এটা কথা তেওঁলোকে ভালদৰেই জানে– আমি আমাৰ অতীত সলনি কৰিব নোৱাৰোঁ, কিন্তু সেই অতীতক বর্তমান আৰু ভৱিষ্যতক প্রভাৱিত কৰিবলৈ দিম নিদিম সেই সিদ্ধান্ত ল’ব পাৰোঁ৷ সাফল্যই আমাক সুখী কৰি তোলে৷ হয়৷ কিন্তু মনটো সুখী হৈ থাকিলেহে, পজিটিভ হৈ থাকিলেহে সফল হ’ব পাৰি৷ স্ব–আলাপে নির্ধাৰণ কৰে আমি সুখী নে দুখী৷
মাইক টাইচন৷ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ মানুহ৷ এটা কথাই কয়– ‘নিজৰ বিষয়ে একো নিগেটিভ কথা নক’বা৷’
ৰ’জাৰ ফেডেৰাৰ৷ সর্বকালৰ সর্বশ্রেষ্ঠ টেনিছ খেলুৱৈ৷ কেৰিয়াৰৰ ওঠৰ নম্বৰ গ্রেণ্ডশ্লাম আছিল অষ্ট্রেলিয়ান অ’পেন আৰু সেই পাঁচ বছৰৰ প্রথম৷ এক অভূতপূর্ব কাম্ বেক্ Come back)৷ ৱাৰৱিংকাৰ বিৰুদ্ধে ছেমি ফাইনেল, নাডালৰ বিৰুদ্ধে ফাইনেল৷ দুয়োখনেই দুর্দান্ত খেল৷ খেলৰ পাছত ফেডেৰাৰে মুকলিকৈ কৈ দিছিল জয়লাভৰ মন্ত্র, ‘মই নিজকে উৎসাহ দি আছিলোঁ৷ নিজকে ৰিলেক্স হৈ খেলিবলৈ কৈ আছিলোঁ’
অর্থাৎ আমি যি কৰোঁ যি নকৰোঁ, অৱশেষত সকলোখিনি মনৰ ওপৰত৷ মনৰ ওপৰত মানে মনত আমি নিজৰ লগত কি কথা পাতো তাৰ ওপৰত৷ নিজে নিজৰ বিষয়ে যদিহে অকণো নাভাবোঁ, নিজে নিজৰ স’তে যদি ভাল কথা নাপাতো, ভাবিব কোনেনো কোৱা সমনীয়া