নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত পতি-পত্নীৰ কাজিয়াৰ পৰিণতিত প্ৰাণ হেৰুৱালে তিনিমহীয়া কন্যাই

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ ধিক্ মানৱতা। স্বামী-স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত প্ৰাণ গ’ল তিনিমহীয়া নিষ্পাপ শিশুৰ। মানৱতাক ভূলুণ্ঠিত কৰা এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত। মৰণোত্তৰ পৰীক্ষা কৰাবলৈ আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ মৰ্গলৈ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ অনা সেই ৰুমি খাতুন নামৰ সেই দূৰ্ভগীয়া শিশুটিৰ নিজৰ দেহৰ সৈতে অহা পিতৃ পৰিয়ালে সদৰি কৰানুসৰি, কালি বিয়লি ভাগত আব্দুল বাছেৰৰ পত্নীৰ সৈতে কিবা বিষয় লৈ কাজিয়া লাগিছিল। তাৰ মাজতে পেছাত মিস্ত্ৰী, বাছেৰে অকষ্মাতে সৰু এটা লাঠিৰে পত্নীক প্ৰহাৰ কৰিবলৈ উদ্যত হয়। কিন্তু দূৰ্ভাগ্যবশতঃ লাঠিডাল পত্নীৰ গাত নালাগি কোঁচত থকা তিনিমহীয়া কন্যা সন্তানৰ শৰীৰত আঘাত কৰে। ফলত মৃত্যু হয় শিশুটিৰ। জানিব পৰা মতে, ইতিমধ্যে হত্যাকাৰী পিতৃ আব্দুল বাছেৰক কৰায়ত্ত কৰিছে হাটশিঙিমাৰী আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like