নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কিত আইএএছ প্ৰতীক হাজেলাৰ অসম প্ৰত্যাৱৰ্তন

বিশেষ বাৰ্তা, ৩১ মার্চঃ এনআৰচি উন্নীতকৰণৰ নামত কোটি কোটি টকা আত্মসাতৰ অভিযোগ থকা প্রতীক হাজেলা পুনৰ অসমলৈ আহি আছে৷ ইতিমধ্যে বহু বিতর্কিত আইএএছ বিষয়াজনৰ ইণ্টাৰ–কেদাৰ ডেপুটেশ্বনৰ তিনি বছৰীয়া ম্যাদ অন্ত পৰিছে মধ্যপ্রদেশত৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ মধ্যপ্রদেশ চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে হাজেলাক অসম–মেঘালয় কেডাৰত কার্যভাৰ গ্রহণ কৰিবলৈ ৰিলিজ কৰি দিছে৷ এই সন্দর্ভত মধ্যপ্রদেশ চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে যোৱা ২৯ মার্চত ই–১/৪২৬/২০১৯/৫/১ নম্বৰৰ এক নির্দেশনা জাৰি কৰে৷ হাজেলাৰ ইণ্টাৰ–কেডাৰ ডেপুটেশ্বনৰ ম্যাদ উকলি যোৱা আৰু তেওঁৰ অসম আগমনক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে অসমত এনআৰচি উন্নীতকৰণ প্রক্রিয়া অব্যাহত থকাৰ মাজতে ২০১৯ চনত জীৱনলৈ ভাবুকি অহা সন্দর্ভত উচ্চতম ন্যায়ালয়ে জাৰি কৰা এক নির্দেশৰ পৰিপ্রেক্ষিতত হাজেলাক মধ্যপ্রদেশলৈ ইণ্টাৰ–কেডাৰ ডেপুটেশ্বনত প্রেৰণ কৰা হৈছিল৷ এই সম্পর্কত কেন্দ্রীয় ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্রালয়ৰ অধীনস্থ কর্মচাৰী আৰু প্রশিক্ষণ বিভাগে সেই বর্ষৰ ১ নৱেম্বৰত জাৰি কৰিছিল ১৩০১৭/৩৫/২০১৯–এআইএছ–(আই) নম্বৰৰ নির্দেশনা৷ শেহতীয়াকৈ ১০ মার্চত একেটা বিভাগে ১৩০১৭/৩৫/২০১৯–এআইএছ–(আই) নম্বৰৰ নির্দেশনাযোগে হাজেলাৰ ইণ্টাৰ–কেডাৰ ডেপুটেশ্বনৰ ম্যাদ উকলি যোৱা বুলি অৱগত কৰে মধ্যপ্রদেশ চৰকাৰক৷ লগে লগে মধ্যপ্রদেশ চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে তেওঁ কার্যনির্বাহ কৰি থকা আয়ূস বিভাগৰ প্রধান সচিব আৰু অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ গুড গভার্নেন্স এণ্ড পলিচি এনালাইছিচৰ মুখ্য কার্যবাহী বিষয়াৰ দায়িত্বৰ পৰা অব্যাহতি দি অসম–মেঘালয় কেডাৰৰ দায়িত্বভাৰ গ্রহণ কৰিবলৈ ৰিলিজ কৰি দিয়ে৷ এনে অৱস্থাত হাজেলা পুনৰ অসম–মেঘালয় কেডাৰৰ আইএএছ বিষয়া হিচাপে অসমলৈ ঘূৰি অহাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ অৱশ্যে বহু বিতর্কিত আইএএছ বিষয়াজনে অসমলৈ কেতিয়া ঘূৰি আহিব বা তেওঁৰ ওপৰত ৰাজ্য প্রশাসনৰ কি দায়িত্বভাৰ ন্যস্ত কৰা হয়, সেয়া বর্তমান পর্যন্ত স্পষ্ট হোৱা নাই৷

You might also like