নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰৰ চামগুৰিত হঠাৎ বহি গ’ল এখন পকী দলং

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : নাৰায়ণপুৰত হঠাৎ বহি গ’ল এখন পকী দলং। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি আৰু বিলতীয়া গাঁও দুখনক সংযোগ কৰা মৰিডিক্ৰং নদীৰ ওপৰত থকা পকী দলংখনৰ সোঁমাজতে প্ৰকাণ্ড ফাট মেলি হঠাৎ বহি যায়। কেইবাদিন ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত দলং খন বহি যোৱাত  দলংখনেৰে বিঘ্নিত হৈ পৰিছে যাতায়ত যোগাযোগ ব্যৱস্থা। ইয়াকে লৈ এতিয়া গভীৰ চিন্তাত পৰিছে অঞ্চলটোৰ লোক সকল। পিছপৰা অঞ্চলটোৰ চামগুৰি গাঁৱৰ একমাত্ৰ যাতায়ত কৰা পথ চোৱাৰ জৰাজীৰ্ণ অৱস্থা আৰু অন্যান্য সমস্যা সম্পৰ্কে গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি প্ৰশাসনক আৱেদন নিৱেদন জনাইছে যদিও আজিকোপতি কোনোধৰণৰ সমস্যাৰ সমাধান হোৱা নাই ৰাইজৰ। সেহতীয়াকৈ বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাক ৰাইজে নিজৰ গাওঁ খনলৈ নিমন্ত্ৰন জনাই সমস্যা সম্পৰ্কে অৱগত কৰিছিল। বিধায়ক গৰাকীয়েও নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে সকলো সমস্যা সমাধানৰ আশ্বাস দিছিল, কিন্তু বৰ্তমান সকলো অসাৰ। ৰাইজৰ অভিযোগ অনুসৰি বিধায়কে নিৰ্বাচনত জয়লাভ কৰি পাহৰিলে ৰাইজলৈ। উল্লেখ্য যে দুয়োখন গাঁৱৰ মাজত মাত্ৰ এখন প্ৰাথমিক বিদ্যালয়।১৯৫৪ চনতে স্থাপিত ৬২৯ নং বড়িগাঁও-চামগুৰি প্ৰাথমিক বিদ্যালয়খনলৈ এইখন দলংৰেই অহা যোৱা কৰে অঞ্চলটোৰ কন কন ছাত্ৰ-ছাত্ৰী সকল।আজিৰে পৰা যিহেতু আৰম্ভ হ’ব বিদ্যালয় সমূহৰ চলিত বৰ্ষৰ পাঠদান। সম্প্ৰতি দলংখনেৰে যাতায়ত বন্ধ হৈ পৰাত নদীখন পাৰ হৈ কন কন ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়খনলৈ যোৱাটোৱেই এতিয়া সমস্যা হৈ পৰিছে।বাৰিষা সমাগত। বাৰিষা ফেনেফোটোকাৰে বাঢ়ি অহা নদীখনৰ ওপৰত থকা দলংখনেৰে যাতায়ত বন্ধ হৈ পৰাত হাহাঁকাৰ লাগিছে অঞ্চলটোৰ ৰাইজৰ মাজত।স্থানীয় ৰাইজৰ লগতে কন কন ছাত্ৰ-ছাত্ৰী সকলে দলংখনেৰে যাতায়ত সুচল কৰি তুলিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ-প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ আহ্বান জনাই। অন্যথা আগন্তুক দিনত কোনো প্ৰতিনিধিকে ৰাইজক নিজ গাঁৱত ভোট ভিক্ষা কৰিবলৈ দিয়া নহ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ দিলে ৰাইজে।।
প্ৰেৰক চন্দন শইকীয়া
You might also like