শক্তিহীন বন বিভাগ : তিনি মাহেও খেদিব নোৱাৰিলে মাজুলীত সন্ত্ৰাস সৃষ্টিকাৰী গঁড়টোক
বিশেষ বাৰ্তা, মাজুলী :২ এপ্ৰিল : বাৰিষাকালত মাজুলীত বন্যহস্তীৰ সন্ত্ৰাস আৰু খৰালি কালত গঁড়ৰ মুক্ত বিচৰণ বছৰৰ পাছত বছৰ ধৰি চলি আছে। এই বন্য প্ৰাণীসমূহ মাজুলীৰ পৰা খেদিবলৈ সক্ষম হোৱা নাই আৰু মাজুলীৰ ৰাইজক বিভাগে ৰাইজক নিৰাপত্তা দিবলৈ সক্ষম হোৱা নাই। বন্যহস্তীৰ আক্ৰমণত বহু লোক আহত হোৱাই নহয় মৃত্যুকো আকোঁৱালি লবলগীয়া হৈছিল। একেদৰে গঁড় আৰু এজাক বনৰীয়া ম’হে কেইবাজনকো আহত কৰাই নহয় খেতি পথাৰ তহিলং কৰাৰ উপৰিও বাৰী ঘৰৰো বিস্তৰ ক্ষতি কৰি আহিছে। তিনি মাহৰ আগতেই খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা মাজুলীৰ বিভিন্ন চৰ-চাপৰিত বিচৰণ কৰা গঁড়কেইটা এতিয়া মাজুলীৰ জনাঞ্চলত সোমাই পৰিছে। গঁড়ৰ জাকটোৰ পৰা বিছিন্ন হৈ এটা গঁড়ে এমাহ পূৰ্বে উজনি মাজুলী অঞ্চলত প্ৰৱেশ কৰি ৰাইজক আতংকিত কৰাৰ পাছত যোৱা তিনি দিনৰ পৰা আউনীআটী অঞ্চলৰ আউনীআটী, জুগুনীধাৰী,বৰটানী ,আলিমুৰ ,বোকোৰা, বামুনগাওঁ আৰু ভকত চাপৰি আদি অঞ্চলত বিচৰণ কৰি ৰাইজক আতংকিত কৰি ফুৰিছে । গড়টোক বিভাগে ওভোটাই পথাব নোৱাৰি ৰাইজক সজাগ হ’বলৈ অনুভাষ যন্ত্ৰ যোগে সাবধান বানী শুনায়ে দায়িত্ব সামৰাত বিভিন্ন গাঁৱৰ ৰাইজ ভীতিগ্ৰস্ত হৈ পৰিছে। বিভিন্ন ঠাইত ৰাইজে খেদাকোৰা কৰাৰ ফলত গঁড়টো অধিক খঙাল হৈ মানুহলৈ চোঁচা ল’বলৈ লৈছে। ইফালে আজি পুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাইজ বাহিৰলৈ ওলাই গঁড়টোৰ অবস্থান নিৰ্ণয় কৰিব পৰা নাই। ইয়াৰ মাজতে আজি গঁড়টোক বামুন গাঁও অঞ্চলত দেখিবলৈ পাই বন বিভাগৰ লোকে জে চি বিত উঠি ৰাতিৰ ভাগতো মাজুলীৰ পৰা খেদিবলৈ যত্ন কৰিছে। গঁড়টো কমলাবাৰী ঘাটৰ সমীপৱৰ্তী অঞ্চলৰ হাবিৰ মাজত সোমাই পৰিছিল যদিও এই বাতৰি লিখাৰ পৰত গঁড়টো ভকত চাপৰিৰ উলুৱনী দেখা বুলি ৰাইজৰ পৰা জানিব পৰা গৈছে। মাজুলীৰ বন বিভাগৰ প্ৰয়োজনতকৈ কম কৰ্মচাৰী থকাৰ বাবে কামত সফল হ’ব পৰা নাই বুলি সদৰী কৰে। ভীতিগ্ৰস্ত ৰাইজে ৰাজ্য চৰকাৰৰ বনমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি অসমৰ বন বিভাগক মাজুলীৰ ৰাইজক নিৰাপত্তা দিবলৈ দাবী জনাইছে ।
প্ৰেৰক জীৱন বৰুৱা