নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে দুধনৈ কলেজৰ সোণালী জয়ন্তীৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : যোৱা ৬ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত দুধনৈ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত উখল-মাখল পৰিৱেশ সৃষ্টি হৈছে। আজি তৃতীয় দিনৰ কাৰ্য্যসূচী অনুসৰি দিনৰ ১০ বজাত বিভিন্ন জাতি জনগোষ্ঠীৰ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে দুধনৈবাসীক৷ গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত দুধনৈ মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজি সামৰণিৰ দিনা মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এক বৰ্ণিল শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই৷ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি তথা পৰম্পৰা প্ৰদৰ্শন কৰা হয় এই শোভযাত্ৰাত ৷ দুধনৈ মহাবিদ্যালয় প্ৰাংগণৰ পৰা প্ৰায় দুই কিলোমিটাৰ দীঘল শোভাযাত্ৰা উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে দুধনৈ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই বৰ অসমৰ কৃষ্টি- সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে৷ প্ৰতিটো জাতি-জনগোষ্ঠীৰ পৰম্পৰা প্ৰতিফলিত হৈছে এই শোভাযাত্ৰাৰ জৰিয়তে। দুধনৈ মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল পঞ্চাশ বছৰীয়া ইতিহাসৰ সাক্ষী হবলৈ পাই মন্ত্ৰী গৰাকীয়ে গৌৰৱ অনুভব কৰা বুলি উল্লেখ কৰে। এই শোভাযাত্ৰাত মন্ত্ৰী গৰাকীক সংগ দিয়ে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি টংকেশ্বৰ ৰাভা, দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সম্পাদক ডঃ ললিত চন্দ্ৰ ৰাভা, স্থানীয় বিধায়ক যাদব স্বৰ্গীয়াৰী আৰু সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই৷ শোভাযাত্ৰাৰ সময়ত দুধনৈ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে। এনেকি গাঁৱলীয়া সমাজত মাছ ধৰা প্ৰথাৰ উপৰিও বিভিন্ন কৃষ্টি প্ৰদৰ্শিত কৰে। আনহাতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়- ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচীত অন্তৰ্ভুক্ত কৰা বিষয়টো অসম চৰকাৰখনে সুক্ষ্ম দৃষ্টি ৰাখি কাম-কাজ কৰি আছে ৷ গোৱালপাৰাৰ দুধনৈ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী কৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷ ইতিমধ্যেই ৰাজ্যৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰনোজ পেগুৰ নেতৃত্বত গঠিত তিনিজনীয়া চাব কমিটিয়ে ৰাভা হাছঙৰ ষষ্ঠ অনুসূচীৰ বিষয়টোৰ সন্দৰ্ভত পৰ্যৱেক্ষণ অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি ষষ্ঠ অনুসূচী প্ৰদান কৰিব লগা হলে কিছু বিশেষ নীতি-নিয়মৰ প্ৰয়োজন৷ গতিকে সকলোবোৰ কাম-কাজ সামাপন হলেহে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হব আৰু সংশোধীত ষষ্ঠ অনুসূচী লাভ কৰিব ৷ মূলতঃ ৰাভা হাছঙক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে চৰকাৰে গ্ৰহন কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। দিনৰ ডেৰ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। মুকলি সভাখন উদ্বোধন কৰে দুধনৈ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামে। অধ্যাপক গৰাকীয়ে আদৰণি ভাষণত কয়- দুধনৈ মহাবিদ্যালয়খন ১৯৭২ চনত তেতিয়া কলা শাখাৰে আৰম্ভ কৰিছিল দুধনৈ অঞ্চলৰ স্বনামধন্য কিছু ব্যক্তিৰ প্ৰচেষ্টাত। আজি পঞ্চাশটা বছৰ অতিক্ৰম কৰা এইখন মহাবিদ্যালয়ৰ পৰা বহু ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰি গৈ বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে। দুধনৈ এখন কৃষ্টি সমন্বয়ৰ ঠাই বুলিও উল্লেখ কৰে ডঃ উপেন ৰাভা হাকাচামে। মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰি হস্ততাঁত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই তেওঁৰ ভাষণত কয় -দুধনৈ মহাবিদ্যালয়খন চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে এই অঞ্চলৰ ৰাইজে দাবী জনাই মুখ্যমন্ত্ৰী লৈ যি স্মাৰক পত্ৰ প্ৰদান কৰিছে, সেই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰোৱাৰ লগতে ইয়াক কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাম বুলি কয়। লগতে দুধনৈ অঞ্চল যিহেতু বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে আগবাঢ়ি আছে আৰু অদূৰ ভৱিষ্যতেও এই সমন্বয় অটুত ৰাখি উন্নয়নৰ পথত আগবাঢ়ি যাওঁক বুলি তেওঁ কয়। সন্মানীয় অতিথি ৰূপে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে কয়-দুধনৈ মহাবিদ্যালয়খন বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰাৰ সমান্তৰাল ভাবে ৰাভা হাছঙৰ কেন্দ্ৰস্থল দুধনৈত এখন মেডিকেল কলেজ স্থাপনৰ বাবে চৰকাৰক দাবী জনায়। মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ডঃ হিমাংশু মৰলে শিক্ষা সম্পৰ্কে মন্তব্য দিয়াৰ উপৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কেও ভাষণত উল্লেখ কৰে। সভাত বিজেপিৰ ৰাজ্যিক সম্পাদিকা টিনামণি দৈমাৰী, মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ললিত চন্দ্ৰ ৰাভা, নিমন্ত্রিত অতিথি হিচাপে ৰাভা হাচং পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে- সোনাৰাম ৰাভা, হৰিশ ৰাভা, জ্যোতিকা ৰাভা, হিতেশ ৰাভা পাটগিৰি, ফণীন্দ্ৰ ৰাভা, মধুৰাম ৰাভা, ফ্ৰাইলিন আৰ মাৰাকৰ উপৰি সকলো কাৰ্যবাহী সদস্য উপস্থিত থাকে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ বন্তি প্ৰজ্জ্বলন কৰিব বিশিষ্ট সংগীত পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত শিল্পী বিপুল বৰুৱাই। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু ৰিচা ভৰধ্বাজে।

প্ৰেৰৰক বেনজিন বড়ো

You might also like