নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰস্তুতি শেষ : বিশ্বাভিলেখৰ বাবে সাজু তিনিচুকীয়াৰ বিহুৱা-বিহুৱতী

বিশেষ বাৰ্তা, ৮ এপ্ৰিল : বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ সহস্ৰাধিক বিহুৱা-বিহুৱতীয়ে একক স্থানত প্ৰদৰ্শন কৰিব বিহু নৃত্য। বিশ্ব অভিলেখ গঢ়াৰ এই ঐতিহাসিক বিহু নৃত্যৰ প্ৰদৰ্শনত তিনিচুকীয়াৰ আটাইকেইটা সমষ্টিৰ পৰা মুঠ ৫০০ নিৰ্বাচিত বিহুৱা আৰু বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে মাষ্টৰ ট্ৰেইনাৰসকলৰ তত্ত্বাৱধানত জিলাখনৰ আটাইকেইটা সমষ্টিতে নিৰ্বাচিত বিহুৱা আৰু বিহুৱতীসকলক প্ৰশিক্ষন প্ৰদান প্ৰক্ৰিয়া সম্পূর্ণ কৰা হৈছে। আজি ডিগবৈৰ জুবিলি খেল পথাৰত জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ তথা শদিয়া সমষ্টিৰ নিৰ্বাচিত পাঁচশ বিহুৱা- নাচনীয়ে একেলগে জিলা পৰ্যায়ৰ চুড়ান্ত বিহুৰ আখৰাত অংশগ্ৰহণ কৰে। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই জিলা পৰ্যায়ৰ বিহুৰ চূড়ান্ত আখৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিশ্ব অভিলেখ গঢ়িবলৈ অনুষ্ঠিত হবলগীয়া এই ঐতিহাসিক বিহু নৃত্যত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হোৱা বিহুৱা আৰু বিহুৱতী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সম্পূর্ণ নিয়মানুবৰ্তিতাৰে নিজৰ উত্তম প্ৰদৰ্শন আগবঢ়াবলৈ আহ্বান জনায়। গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিহু নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যি মহৎ উদ্দেশ্য হাতত লৈছে তাকে লৈ প্ৰতিগৰাকী অসমবাসী গৌৰাম্বিত বুলি উল্লেখ কৰে। তিনিচুকীয়াৰ অংশগ্ৰহণকাৰীসকলক উৎকৃষ্টমানৰ প্ৰদৰ্শন আগবঢ়াই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায়। ডিগবৈৰ বিধায়ক সুৰেন ফুকনে তিনিচুকীয়া জিলাৰ পৰা নিৰ্বাচিত বিহুৱা আৰু বিহুৱতীসকলক বিশ্ব অভিলেখ গঢ়াৰ বাবে আয়োজিত এই ঐতিহাসিক বিহু নৃত্যত আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেখেতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে নিজৰ স্বাস্থ্যৰ প্ৰতিও বিশেষভাবে গুৰুত্ব দিবলৈ কয় লগতে সকলোকে নিজৰ প্ৰয়োজনী সামগ্ৰীসমূহ লগত নিবলৈ আহ্বান জনায়। গুৱাহাটীত কিবা অসুবিধাৰ সন্মুখীন হ’লে দায়িত্বত থকা বিষয়াক অৱগত কৰিবলৈ কয়। তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে বিহু নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে নিৰ্বাচিত হোৱা জিলাখনৰ প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে নিয়মানুবৰ্তিতা তথা আত্মবিশ্বাসেৰে উৎকৃষ্টমানৰ প্ৰদৰ্শন আগবঢ়াই ৰাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ পাচঁশ বিহুৱা আৰু বিহুৱতী অহা ১০ এপ্ৰিলত গুৱাহাটীলৈ ৰাওনা হব। আজিৰ জিলা পৰ্যায়ৰ চূড়ান্ত আখৰাত ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰুপেশ গোৱালা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, জিলা উপায়ুক্ত স্বপ্নীল পাল, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, অতিৰিক্ত উপায়ুক্তদ্বয় মনজিৎ বৰকাকতী আৰু চৰফ্ৰাজ হক, তিনিচুকীয়া জিলাৰ অসম গৌৰৱ বঁটা প্ৰাপক ববী হাজৰিকা আৰু মানজে লা প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়া তথা স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰেৰক বিবেক বড়া

You might also like