অমৃতপল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীতক বিমানেৰে আজি ডিব্ৰুগড় জেললৈ
- ডিব্ৰুগড়ত খালিস্তানী সৰ্মথক ৯ জনলৈ বৃদ্ধি!
নিয়মীয়া বাৰ্তা, ১১এপ্ৰিলঃ পুনৰ আৰু এজন উগ্ৰ খালিস্তানী সৰ্মথক আজি ডিব্ৰুগড়ৰ কাৰাগাৰলৈ আহিল।উক্ত খালিস্তানী সৰ্মথক পাপলপ্ৰীত সিঙক পঞ্জাৱ আৰক্ষীয়ে কালি অমৃতসৰ জিলাৰ কাঠু নংগল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।পলাতক ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপল সিঙৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙক আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনা হয়।ৱাৰিছ পঞ্জাৱ দে নেতাগৰাকীৰ সৈতে উপ-আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰৰ নেতৃত্বত পঞ্জাৱ আৰক্ষীৰ এক পাঁচজনীয়া এটা দলে আজি দিনৰ ১২.১৫ বজাত ভিষ্টাৰ বিমানেৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পৰাই তেওঁক কটকটীয়া নিৰাপত্তাৰ অধীনত ছখন আৰক্ষী বাহনৰ এক বিশাল কনভয়ৰ মাজত প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়।
উগ্ৰ প্ৰচাৰক অমৃতপল সিঙৰ নেতৃত্বত খালিস্তানী সমৰ্থক সংগঠনটোৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে ব্যাপক অভিযান চলাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা নৱমজন ৱাৰিছ পঞ্জাব ডেৰ সদস্য হৈছে পাপলপ্ৰীত।ইতিমধ্যে অমৃতপল সিঙৰ ঘনিষ্ঠ আঠজন ক্ৰমে দলজীত কালসী, বসন্ত সিং, গুৰমীত সিং ভূখানৱালা, ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকে, গুৰিন্দৰপাল সিং আউজলা, হৰজিৎ সিং (অমৃতপাল সিঙৰ ককাক), কুলৱন্ত সিং ধলিৱাল আৰু বৰিন্দৰ সিং জোহালক ইতিমধ্যেই ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি কৰোৱা হৈছে।
আজি ডিব্ৰুগড় কাৰাগাৰলৈ অনা পাপলপ্ৰীত সিঙক পঞ্জাৱ আৰক্ষীয়ে পলাতক বুলি ঘোষণা কৰিছিল।কালি পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ
পিছত পাপলপ্ৰীতক, অমৃতপল সিঙৰ ‘সোঁহাত স্বৰূপ’ আৰু গুৰু বুলি অভিহিত কৰা হৈছে। এই ধৃত পাপলপ্ৰীতে, অমৃতপলৰ বাবে সকলো আঁচনি প্ৰস্তুত কৰাৰ লগতে সমগ্ৰ পৰিকল্পনা তৈয়াৰ কৰা বুলিও প্ৰকাশ।ৱাৰিছ পঞ্জাব দে আৰু সমৰ্থকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলোৱাৰ পাছত যোৱা ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছিল অমৃতপল আৰু পাপলপ্ৰীত।জানিব পৰা মতে এন এছ এৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে পাপলপ্ৰীত সিঙক।আনহাতে অতিৰিক্ত আন ছয়টা গোচৰৰ বাবেও তেওঁক বিচাৰি থকা হৈছিল বুলি সূত্ৰত প্ৰকাশ।হোছিয়াৰপুৰৰ এখন গাঁৱৰ এখন ‘ডেৰা’ (ধৰ্মীয় মণ্ডলীৰ স্থান)ত দেখা পোৱা চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ কিছুদিন পিছতে পাপলপ্ৰীতক গ্ৰেপ্তাৰ কৰা হয়।সূত্ৰ অনুসৰি উক্ত ফুটেজটো যোৱা ২৯ মাৰ্চৰ আছিল।পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা শাখাৰ এটা দলে ফাগৱাৰাৰ পৰা হোছিয়াৰপুৰলৈ এখন গাড়ী খেদি খেদি যোৱাৰ এদিন পিছতে আৰক্ষীয়ে অমৃত পল সিং আৰু তেওঁৰ সহায়কসকল সেই বাহনত থাকিব পাৰে বুলি সন্দেহ কৰিছিল।অনুমান কৰা হৈছে যে পাপলপ্ৰীত আৰু অমৃতপাল দুয়োজনেই হোছিয়াৰপুৰত তেওঁলোকৰ বাহনখন আৰক্ষীয়ে খেদি যোৱাৰ পিছতো পৃথক নহল।পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বহু যুটীয়া ছবি,ভিডিঅ’ প্ৰকাশ পাইছিল।তেনে এটা ফুটেজত দুয়োকে দিল্লীৰ এক পথত মুকলিকৈ ঘূৰি ফুৰাৰ সময়ত মাস্ক পৰিধান কৰি অমৃতপলে পানীয় এটা লৈ থকা এখন ছবিও ভাইৰেল হৈছিল।জানিব পৰা
অনুসৰি পাপলপ্ৰীতে এনেদৰে পলায়ন কৰি ভাগৰি পৰা বুলি পৰিয়ালৰ সদস্যসকলক নিজৰ অৱস্থিতিৰ বিষয়ে প্ৰকাশ কৰিছিল আৰু তাৰ পিছত পৰিয়ালে আৰক্ষীক জনোৱাৰ ফলত সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।