নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত বিশাল জনসভা! বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

  • ডিব্ৰুগড়ত বিশাল জনসভা! বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস
  • ২০২৪ চনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব!
  • নৰেন্দ্ৰ মোডী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’বঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিয়মীয়া বাৰ্তা, ১১এপ্ৰিলঃ সমাগত ২০২৪ চনত বিজেপিয়ে পুনৰবাৰ চৰকাৰ গঠন কৰিব আৰু নৰেন্দ্ৰ মোডী একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব–এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজি ডিব্ৰুগড়ৰ মানকটা ফিল্ডত আয়োজিত এক ৰাজহুৱা সভাত ভাষণ দি অমিত শ্বাহে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰিব আৰু ৩০০ৰো অধিক আসনেৰে মোডীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব।ভাষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকীয়ে পুনৰাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সু-শাসনৰ কাৰনেই অসমৰ ৭০ শতাংশ স্থানত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন আঁতৰোৱা হৈছে।বড়োলেণ্ডত শান্তি স্থাপন হৈছে।কাৰ্বি আংলঙত শান্তি ঘূৰি আহিছে।আঠ সশস্ত্ৰ আদিবাসী সংগঠন মূল সুতিলৈ ঘূৰি আহিছে।অসমৰ লগত সংলগ্ন হৈ থকা চুবুৰীয়া ৰাজ্যৰ লগত থকা সীমা বিবাদৰো নিস্পতি হৈছে।এয়া প্ৰধানমন্ত্ৰী মোদীৰ সু-সাশনৰ বাবেই আজি উত্তৰ পূৱৰ সকলো ৰাজ্যৰ লগতে অসমত হৈছে কেৱল বিকাশ আৰু প্ৰগতিৰ ঢৌ।ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত আয়োজিত জনসভাৰ পৰাই ভাষণৰ পূৰ্বে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মান হবলগীয়া বিজেপিৰ উজনিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস কৰি বিশাল জনতাক উদ্দ্যেশি অমিত শ্বাহে কয় যে এসময়ত উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছৰ দুৰ্গ আছিল।ৰাহুল গান্ধীয়ে সমগ্ৰ দেশত পদযাত্ৰা কৰি ভাৰত যোৰো কৰিলে।কিন্তু উত্তৰ পূবৰ তিনি ৰাজ্যত হোৱা নিৰ্বাচনত বেয়াকৈ ধৰাশায়ী হল।তথাপিও কিন্তু ৰাহুল গান্ধীয়ে বুজি নাপালে।ৰাহুলে বিদেশৰ মাটিত ভাৰতক অপমান কৰিলে।দেশৰ জনসাধাৰণেও এই কথা দেখিছে আৰু বুজি পাইছে। যদি তেওঁ মিছা প্ৰচাৰ কৰি জাতিটোক বদনাম কৰি থাকে তেন্তে উত্তৰ-পূৰ্বাঞ্চলৰ দৰেই সমগ্ৰ দেশৰ পৰা কংগ্ৰেছক মচি পেলোৱা হ’ব– শ্বাহে কয়।গৃহমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বাবেই আজি ভাৰত বিশ্বৰ বুকুত জিলিকিবলৈ সক্ষম হোৱাৰ লগতে ভাৰতক সকলো প্ৰকাৰৰে সুৰক্ষিত কৰি ৰখা বুলি মত প্ৰকাশ কৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰা,৫০ বাৰৰ অধিক এই অঞ্চল সমূহত ভ্ৰমণ কৰি বিকাশ আৰু প্ৰগতিয়ে জয়ধজ্বা উৰাবলৈ সক্ষম হোৱা বুলি দোহাৰে।প্ৰধানমন্ত্ৰী মোদীৰ লগত দেশৰ ১৩০ কোটি জনতা আৰু অসমবাসীৰ আৰ্শীবাদ আছে।সেয়ে অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিতে এক বিশ্ব ৰেকৰ্ড হবলৈ গৈ আছে।অসমৰ বিহু কেৱল অসমৰ বাবেই নহয়,সমগ্ৰ দেশৰ বাবে এক শুভ উৎসৱ।সেই দিনাই প্ৰধানমন্ত্ৰী অসমত উপস্থিত হৈ এক বিৰল মূহুৰ্ত্বৰ সাক্ষী হৈ ৰব।অসমত দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছত ৪১ হাজাৰৰ অধিক লোকক নিযুক্তি দিয়া হৈছে।ধান ক্ৰয় অভিযানত প্ৰতি কুইণ্টল ধানত ১৯৪০টকাত ক্ৰয় কৰা,৪৪ হাজাৰ কৃষকৰ ধান ক্ৰয় কৰা,২ লাখ হেক্টৰ কৃষিভূমিত পাম অইল উৎপাদনৰ বাবে,প্ৰাকৃতিক খেতিৰ বাবে ২০ হাজাৰ হেক্টৰ কৃষিভূমি চিহ্নিত,১২ লাখ পৰিয়াল দৈনিক ভাট্টা,১২ মেডিকেল কলেজ স্থাপন,১২ মেডিকেল কলেজ স্থাপিত হব।আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিহুৰ দিনতে অসমক এইমচ উপহাৰ দিব।মোদীৰ নেতৃত্বত বিকাশৰ যি ঢৌ,এয়া ডাবল ইঞ্জিনৰ চৰকাৰ।মোদী হিমন্ত।যি অসমত,এসময়ত আতংক আৰু সন্ত্ৰাসৰে জৰ্জৰিত আছিল,এতিয়া সেই অসম বিহুৰ গুঞ্জনত সমগ্ৰতে গুজৰিত হৈছে।প্ৰকৃতাৰ্থত সকলোতে এতিয়া আনন্দৰ লহৰ।পূৰ্ব্বোত্তৰ ৰাজ্যৰ বাবে কংগ্ৰেছৰ সময়ত ৩৬ হাজাৰ কৌটি টকাৰ বাজেত দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৪ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে।২০১৪ চনৰ পৰা বৰ্তমানলৈ কেৱল আন্ত:গাঠনিৰ নামত ২ লাখ ৬৪ হাজাৰ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱক বিকাশ-প্ৰগতি আৰু উন্নয়নৰে শান্তি প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাষণত উল্লেখ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ দেশৰ প্ৰতি থকা দেশপ্ৰেমক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ৰাহুল গান্ধীয়ে যেতিয়াই বিদেশ ভ্ৰমণ কৰে তেতিয়াই তেওঁ দেশক সমালোচনা কৰে, যিটো কোনো দেশপ্ৰেমীয়ে কেতিয়াও নকৰে।অহা ১৪ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেগা বিহু অনুষ্ঠানৰ কথা উল্লেখ কৰি শ্বাহে ১১ হাজাৰৰো অধিক নৃত্যশিল্পী আৰু অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

 

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like