নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, সমাজ সেৱিকা জ্ঞানদা দুৱৰাক সম্বৰ্ধনা!

 

  • অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ বহাগ আদৰণি অনুষ্ঠান সম্পন্ন!
  • সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা সাত ব্যক্তি সম্বৰ্ধনা!

নিয়মীয়া বাৰ্তা, ১৭এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে ৰঙালীৰ উৎসাহত মতলীয়া।গৃহস্থৰ চোতালত হুঁচৰিৰ পদধুলা। বিহু মঞ্চ মঞ্চই পাৰ ভঙা উৎসাহ।ঐতিহ্যপূৰ্ণ ডিব্ৰুগড় সাহিত্য সভাইয়ো প্ৰতিবছৰৰ দৰে এইবাৰো ব’হাগ আদৰণি শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান সম্পন্ন হৈ যায়। উক্ত অনুষ্ঠানতে ডিব্ৰুগড়ৰ ‘নিয়মীয়া বাৰ্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাৰ মাতৃ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী,সমাজ সেৱিকা জ্ঞানদা দুৱৰাক সম্বৰ্ধনা জনোৱা হয়।ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জাতীয়তাবাদী মহিলা পৰিষদ আৰু সম্পৰ্ক নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত কেইবাশতাধিক লোকৰ উপস্থিতিত বিভিন্ন কাৰ্যসূচীয়ে পৰিবেশ মুখৰিত হৈ পৰে।অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈয়ে আঁতধৰা অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰি ডিব্ৰুগড় সাহিত্য সভা সম্পাদক ৰাতুল গোহাঁইয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এই বহাগৰ আদৰণি সংকল্প অনুষ্ঠানটো এইবাৰ টাই আহোম জনগোষ্ঠীৰ ফা-চিত(চেলেং) গুৰুত্ব দিয়া হয়। জনগোষ্ঠীয় গামোচাৰ আৰ্হিত বেটুপাতৰ “গামোচা ” নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন আৰু বেনাৰ আদি কৰাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই। বিশিষ্ট ছাত্ৰ নেতা জনে বহাগৰ তথা অসমীয়া নতুন বছৰৰ আৰম্ভণিতেই এনেদৰে এটা জাতীয় সংগঠন আৰু জাতীয় অনুষ্ঠানে সমন্বয় সম্প্ৰীতিৰ বাৰ্তা লৈ অনুষ্ঠিত কৰা অনুষ্ঠানে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ মাজত একতা বান্ধ অধিক শক্তিশালী কৰিব বুলি আশা কৰে।

ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক ড° শশীকান্ত শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ যৌৰ্থ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে উপ-সভাপতি বিভাস দুৱৰাই। বিশিষ্ট সাংস্কৃতিক কৰ্মী নৃত্য পৰিচালক মুকুল আহমেদৰ পৰিচালনাত এটা সাতভনী নৃত্যৰ জৰিয়তে অনুষ্ঠান অধিক মোহনীয় কৰি তোলাৰ লগতে অসমৰ আগশাৰীৰ জেংবিহু দল “গামখাৰু”ৰ বিহু প্ৰদৰ্শন, বিশিষ্ট শিল্পী ৰুবুল দত্তৰ পৰিচালনাত “বৰলুইত চেমনীয়া হুঁচৰি” দলৰ হুঁচৰি পৰিবেশন, মৰাণ হুঁচৰি দলৰ হুঁচৰি লগতে বিহুৱতী কাব্যশ্ৰী বৰাৰ বিহু প্ৰদৰ্শন,প্ৰিয়াংশ্ৰী গগৈৰ আৰু পংশীপ্ৰিয়া দত্তৰ সৃষ্টিমূলক নৃত্য প্ৰদৰ্শনে সকলোকে আপ্লুত কৰা লগতে সাহিত্য সভাৰ পৰিবেশ জীপাল কৰি তোলে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বিশিষ্ট লেখক ড° গোপাল চন্দ্ৰ হাজৰিকা আৰু ডিব্ৰু মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষা বিশিষ্ট লেখিকা গল্পকাৰ জ্যোতি বৰগোহাঁইক। আনহাতে অসম সাহিত্য সভাৰ উলগণি পত্ৰ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী জ্ঞানদা দুৱৰা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সত্ৰীয়া কলা কৃষ্টি কেন্দ্ৰৰ প্ৰধান আৰ্চায মোহন তামুলীক সম্বৰ্ধনা জ্ঞাপন কৰে। উলগণি পত্ৰ লগতে চেলেং, গামোচা,ফুলাম জাপি আদিৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি নিৰ্মল কান্তি শীল , সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই,কৈবত্য যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস,অসম জাতীয়তাবাদী মহিলা পৰিষদৰ অসমৰ সভানেত্ৰী ৰ’জলিন গগৈ শইকীয়া,গীতালি মহন্ত, গৌৰী শইকীয়া, মিণ্টু বৰুৱা,
ৰাতুল বৰুৱা,নিৰঞ্জন দাস, ড°ৰুণুমা শৰ্মা, উৎপলা দাস,সুৰজিতা সন্দিকৈ গগৈ,জেছিম আহমেদ,ভূৱন গগৈ,ভূৱন বৰুৱা সহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানতে উদয়ন কুমাৰ গগৈ সম্পাদনাত “গামোচা” শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰাই।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like