ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ অধিনায়কত টি-২০ মেচঃ ফ্লাড লাইটৰ পোহৰত প্ৰীতি খেল
- বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে সম্বনয়ৰ বান্ধৰে বৃহত্তৰ অসমীয়া সমাজখনৰ জীৱন যাত্ৰা সফল কৰি তুলিব লাগিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱাল
নিয়মীয়া বাৰ্তা, ১৭এপ্ৰিলঃ ৰাজ্যৰ চৌদিশ এতিয়া ৰঙালীৰ পাৰ ভঙা উচাহত মতলীয়া।গৃহস্থৰ চোতালত হুঁচৰিৰ পদধুলাত গুঞ্জৰিত দশোদিশ।প্ৰতিখন বিহু মঞ্চত এক অভূতপূৰ্ব উচাহ।তেনে এক পৰিৱেশৰ মাজতেই কেন্দ্ৰীয় জাহাজ পৰিবহণ,বন্দৰ,আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে বহু ব্যস্ততাৰ মাজতে আজি ডিব্ৰুগড়ৰ বাসগৃহত,সমূহ সাংবাদিকৰ সৈতে মত বিনিময় কৰে।লগতে একোখনকৈ বিহুৱানৰে আদৰণি জনাই পুৱাৰ বিহুৰ জলপান সাংবাদিকৰ সৈতে গ্ৰহণ কৰি সমগ্ৰ অসমবাসীক বিহুৰ ওলগ জনাই কয়–বিহু,মানেই আন্তৰিকতা,মিলা-প্ৰীতি,ভাতৃত্ববোধৰে এখন সুস্থ সমাজ গঢ়া। সুস্থতাৰে আধ্যাত্মিক,বৌদ্ধিক আৰু মানসিক চেতনাৰে আমাৰ সমাজখন গঢ়িব লাগিব।আজি সকলোৱে মিলাপ্ৰীতিৰে বিহুৰ জলপান গ্ৰহণ কৰি এক সুন্দৰ সমাজৰ স্বৃষ্টি কৰিছে।প্ৰকৃতিৰ বুকুত স্বৃষ্টি হোৱা আমাৰ কলা-কৃষ্টি আৰু সংস্কৃতিক সদায়েই চিৰ যুগমীয়া কৰি ৰাখিব লাগিব।বৰাক-ব্ৰহ্মপুত্ৰ,পাহাৰ-ভৈয়াম সকলোতে সম্বনয়ৰ বান্ধৰে বৃহত্তৰ অসমীয়া সমাজখনৰ জীৱন যাত্ৰা সফল কৰি তুলিব লাগিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে ‘নিয়মীয়া বাৰ্তা’ক সদৰী কৰে।আজিৰ এই অনুষ্ঠানত বিভিন্ন দলীয় কৰ্মকতা,শুভাকাংক্ষীয়ে ভৰি পৰে।আনকি নলবাৰীৰ পৰাও শুভাকাংক্ষীৰ এটা দল আহি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।চিৰা,দৈ, গুৰ,তিল পিঠা,নাৰিকল পিঠা,ঘিলা পিঠা,হুৰুম আৰু বিভিন্ন মিঠাইৰে পুৱাৰ জলপান সকলোকে পৰিৱেশন কৰা হয়।আনহাতে সন্ধ্যা ডিব্ৰুগড়ৰ আউটড’ৰ ষ্টেডিয়ামত ফ্লাডলাইটৰ তলত অনুষ্ঠিত হোৱা টি-২০ৰ দিন-ৰাতিৰ প্ৰীতি মেচত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বন্দৰ,জাহাজ,আয়ুষ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ডিব্ৰুগড় ডিচি একাদশ আৰু বিচিপিএল একাদশৰ মাজত অনুষ্ঠিত খেলখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিচি একাদশ দলৰ নেতৃত্ব গ্ৰহণ কৰে।বিচিপিএল একাদশ দলে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লয়।বাতৰি যুগুত কৰালৈ খেলৰ মীমাংসা হোৱা নাই।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।