পাটাছাৰকুছিত পদ্মনাথ গোহাঞিবৰুৱাৰ স্মৃতি দিৱস পালন
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত আজি অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰৰ স্মৃতি দিৱস পালনৰ লগতে এখন আলোচনা সত্ৰ পাটাছাৰকুছি উন্নয়ন সমিতিৰ কাৰ্যালয় ভৱনত অনুষ্ঠিত কৰা হয়। এই উপলক্ষে প্ৰথমতে পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় শাখাৰ উপদেষ্টা নলিনী কুমাৰ শৰ্মাই। ইয়াৰ পিছতে শাখাৰ উপদেষ্টা শ্ৰীপদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত “ অসমীয়া ভাষাৰ আখৰ জোটনি সমস্যা ” শীৰ্ষক আলোচনা সত্ৰখনিত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে টিহু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা বিভাগীয় মুৰব্বী গৌতম গোস্বামীয়ে। গোস্বামীয়ে ভাষণত বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি কয় যে অসমীয়া ভাষাৰ আখৰ জোঁটনি এক গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ লগত বানানৰ সমস্যাটোও জড়িত হৈ আছে। আখৰ জোঁটনি আৰু বানানৰ ক্ষেত্ৰত বেমেজালি থাকিলে ভাষাৰ বিশুদ্ধতা ৰক্ষা নপৰে। কিন্তু বৰ্তমান সময়ত অসমীয়া ভাষাৰ এনেকুৱা বেমেজালিবোৰ পৰিলক্ষিত হৈছে। ই এটা ভাষাৰ বাবে অশুভ লক্ষণ। সেয়েহে আমি আটায়ে আমাৰ মাতৃভাষাৰ প্ৰতি দায়বদ্ধ হৈ প্ৰণালীবদ্ধ চিন্তা-চৰ্চা আৰু অধ্যয়নৰ জৰিয়তে ভাষাটোক আগবঢ়াই লৈ যাব লাগিব বুলি উল্লেখ কৰে। অনুষ্ঠানত শাখাৰ সভাপতি দিলীপ কুমাৰ ৰয়ে পদ্মনাথ গোহাঞিবৰুৱাৰ জীৱন গাঁথাৰ লগতে অসমীয়া ভাষা আৰু জাতিৰ প্ৰতি তেওঁৰ অৱদান বিস্তৃতভাৱে আলোচনা কৰে। “সদৌ অসম সাহিত্য সন্মিলনী” গঠন কৰি কিদৰে তেওঁৰ সভাপতিত্বত ১৯১৭ চনত ইয়াৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু কেতিয়া ই অসম সাহিত্য সভা নামেৰে চিনাকি দিলে সেই সকলো ইতিহাসৰো চমু আভাষ জীৱন আৰু কৰ্মৰাজিৰ চমু আভাস দাঙি ধৰে ৷ শাখাৰ সম্পাদক হিৰেন্দ্ৰ নাথ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়ায়।
প্ৰেৰক উৎপল মেধি