বিশেষ বাৰ্তা, ২১ এপ্রিলঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি শোণিতপুৰৰ গড়পালত অনুষ্ঠিত অসম গোর্খা সন্মিলনৰ ৫৭ সংখ্যক সন্মিলন দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভূমিপুত্র হিচাপে অসমৰ গোর্খাসকলৰ বিকাশৰ দিশত লোৱা ভূমিকাৰ বাবে অসম গোর্খা সন্মিলনক প্রশংসা কৰে৷ অসম গোর্খা সন্মিলনে প্রতিষ্ঠা কালৰে পৰা গোর্খা সম্প্রদায়ৰ উত্থানৰ দিশত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গোর্খাসকল বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ এক অবিচ্ছেদ্য অংগ৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে ২০২১ চনত বর্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ গ্রহণ কৰাৰ পিচৰে পৰা ৰাজ্যখনৰ গোর্খা সম্প্রদায়ৰ আশা–আকাংক্ষা পূৰণৰ দিশত আন্তৰিকতাৰে প্রয়াস চলাই আহিছে৷ ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাৰ ফলত বিদেশী চিনাক্তকৰণৰ নামত অসমৰ গোর্খাসকলক কৰা হাৰাশাস্তিৰ বিষয়টো অন্ত পৰিছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে গোর্খাসকলৰ সামাজিক, অর্থনৈতিক সবলীকৰণৰ বাবে সুৰক্ষিত শ্রেণীকে ধৰি ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা অসম গোর্খা সন্মিলনে গোর্খা জনগোষ্ঠীৰ যোগ্য সদস্যক অন্যান্য পিচপৰা শ্রেণীৰ প্রমাণপত্র প্রদানৰ কর্তৃত্ব লাভ কৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে নির্দিষ্ট পর্টেলৰ জৰিয়তে গোর্খা প্রমাণপত্র প্রদানৰ বাবে পদক্ষেপ গ্রহণ কৰা হব আৰু এই পদক্ষেপে ৰাজ্যখনৰ গোর্খা যুৱক–যুৱতীসকলক্ ভাৰতীয় সশস্ত্র বাহিনীত ভর্তি হোৱাৰ ক্ষেত্রত সহায়ক হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে গোর্খা নাগৰিক সমাজৰ সংগঠনসমূহক গোর্খা যুৱক–যুৱতীসকলৰ্ মাজত প্রগতিশীল মানসিকতা গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়৷ নতুন আৰু পুনৰুজ্জীৱিত অসম তথা ভাৰতে আগবঢ়োৱা সুযোগসমূহৰ সর্বোত্তম ব্যৱহাৰৰ ক্ষেত্রত গোর্খাসকলে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীৰ সদস্যসকলৰ সৈতে হাতত হাত ধৰি খোজ কাঢ়িব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে অসমৰ গোর্খাসকলক নিজৰ শিপাৰ পৰা বিচ্ছিন্ন নহবলৈ আৰু তেওঁলোকৰ বীৰত্বৰ গৌৰৱময় দিশসমূহৰ সুৰক্ষাৰ দিশত কাম কৰিবলৈও আহ্বান জনায়৷
অসমৰ গোর্খাসকলৰ সৈতে জডিত ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ স্থান গড়পাল বুলি উল্লেখ কৰি গড়পাল এলেকাত অত্যাধুনিক মিনি ষ্টেডিয়াম আৰু আৰক্ষী আউট পোষ্ট নির্মাণ কৰা হব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ অনুষ্ঠানত দার্জিলিং লোকসভা সমষ্টিৰ সদস্য ৰাজু বিষ্টা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্র মার্ঘেৰিটা, বিধায়ক প্রমোদ বৰঠাকুৰ, গণেশ লিম্বু, গোবিন্দ বসুমতাৰী প্রমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷