বাৰ্তা ব্যুৰো, ২১ এপ্ৰিলঃ সত্ৰনগৰী বৰপেটাত ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা সাতদিনীয়া বহাগ বিহুৰ আজি থিয়নামেৰে সামৰণি পৰে৷ বৰপেটা সত্ৰৰ কৰাপাট (দালান) ৰ সন্মুখত আজি বিয়লি হাটীগোটৰ দ্বাৰা অনুষ্ঠিত থিয়নামৰ পিচতে সামৰণি পৰে সাতদিনীয়া বহাগ বিহুৰ৷ উল্লেখ্য যে চ’ত মাহৰ শেষৰ দিনটোৰ পৰা ব’হাগৰ ছয়দিনলৈ বৰপেটা সত্ৰত বহাগ বিহু ব’হাগৰ দোমাহী হিচাপে পালন কৰা হয় ৷ বৰপেটা সত্ৰত বহাগৰ দোমাহীৰ অন্ত পৰাৰ পিছত আজি বৰপেটা সত্ৰৰ কৰাপাট(দালান)ৰ সমুখত বৰপেটাৰ ২২ খন হাটীৰ বাপুসকলে আয়োজন কৰে থিয়নামৰ ৷ বৰপেটাৰ থুলহাটী তিনিখন ক্ৰমে থুল দক্ষিণহাটী,থুল নহাটী আৰু থুল উত্তৰহাটীয়ে ‘সমূহ’ৰ আজ্ঞা লৈ বৰ শৰাই,বৰ চৰিয়া পাতি তিনিখনকৈ নামৰ থলী সজাই তোলে ৷ এই নামৰ থলীতে বিভিন্ন হাটীৰ বাপুসকলে পৰিবেশন কৰে থিয়নাম ৷ অগণন ভক্তই সেই নামৰ থলীত গুৰ,চেনী,গুৱামুৰি আদি নৈবদ্য স্বৰূপে আগবঢ়াই সেৱা জনোৱা পৰিলক্ষিত হয়৷গধূলী নামৰ অন্তত যথাক্ৰমে দক্ষিণহাটী,নহাটী আৰু উত্তৰহাটীৰ বাপুসকলে বাট বুলনি ঘোষা গাই সত্ৰত প্ৰবেশ কৰে ৷ সত্ৰৰ মঠৰ চোতালত দক্ষিণহাটীৰ বাপুসকলে থান বন্দনী ঘোষা গোৱাৰ লগতে প্ৰাৰ্থনাৰ ঘোষা গায় ৷ নহাটী আৰু উত্তৰহাটীৰ বাপু সকলেও মঠৰ চোতালত প্ৰাৰ্থনাৰ ঘোষা গায়৷ পিছত সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে আশীৰ্বাদ প্ৰদান কৰি সকলোৰে মংগল কামনা কৰে ৷ ইপিনে নৈবদ্য স্বৰূপে ভক্তসকলে আগবঢ়োৱা চেনী, গুৰ আদি প্ৰত্যেক হাটীৰ ভাগ থকা ভকতসকলৰ মাজত বিতৰণ কৰা হয়৷ এই থিয়নামত সত্ৰনগৰী বৰপেটাৰ সমূহ ৰাইজ উপস্হিত থাকে ৷
প্ৰেৰক নৱজিত বায়ন