নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ববিদ্যালয়ৰ অধ্যাপক হ’ল চীনৰ ধনকুবেৰ জেক মা

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: চীনৰ ধনকুবেৰ তথা প্রযুক্তি প্রতিষ্ঠান আলিবাবাৰ প্রতিষ্ঠাতা জেক মাক এইবাৰ দেখিবলৈ পোৱা যাব বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ৰূপত৷ মাত্র কেইদিনমান পূর্বে দীর্ঘদিনীয়া আত্মগোপনৰ পিছত ৰাজহুৱাভাৱে দেখিবলৈ পোৱা গৈছিল জেক মাক৷ ৰাজহুৱা জীৱনৰ পৰা কেইবামাহো আঁতৰি থকাৰ পিছত হঠাতে জেক মাক দেখিবলৈ পোৱা গৈছিল যদিও ধনকুবেৰগৰাকীয়ে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাছিল৷ ইয়াৰ কেইদিনমান পিছতে হংকঙৰ এখন বিশ্ববিদ্যালয়ে জেক মাক বাণিজ্য বিভাগৰ সন্মানীয় অধ্যাপক হিচাপে নিযুক্তি দিয়ে৷ আজি আনুষ্ঠানিকভাৱে বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে৷ স্মর্তব্য যে দুবছৰ পূর্বে আলিবাবাৰ বিৰুদ্ধে চীনৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল৷ আনকি ইয়াৰ প্রতিষ্ঠাতা জেক মাই হেৰুৱাবলগীয়া হৈছিল বৃহৎ অংকৰ ধনৰাশি৷ ২০২০ চনৰে পৰা ধনকুবেৰ জেক মা হৈ পৰে চীনৰ এজন সাধাৰণ ব্যৱসায়ী৷ হংকংস্থিত সংবাদ পত্র ছাউথ চাইনা মর্নিং পোষ্টৰ প্রতিবেদন অনুসৰি, হংকঙৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলগীয়া জেক মাই পূর্বে ঝেজিয়াঙৰ হাংঝু ডিয়ানজি বিশ্ববিদ্যালয়ত ৮ বছৰ ধৰি ইংৰাজী বিষয়ত অধ্যাপনা কৰিছিল৷

You might also like