নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি সংৰক্ষণত বাধ্য নহয় ৰাজ্য চৰকাৰ

উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰ পীঠৰ গুৰুত্বপূৰ্ণ ৰায়

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ চৰকাৰী চাকৰিৰ নিযুক্তি-পদোন্নতিত সংৰক্ষণ বিষয়টোক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্ন উত্থাপিত হৈ আহিছে। আনকি বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ। শেহতীয়াকৈ এই গোচৰৰ ৰায়দান শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ন্যায়াধিশ এল নাগেশ্বৰ ৰাও আৰু ন্যায়াধিশ হেমন্ত গুপ্তাৰে গঠিত দুজনীয়া খণ্ড বিচাৰ পীঠে স্পষ্ট কৰি দিছে যে চৰকাৰী চাকৰিৰ নিযুক্তিত সংৰক্ষণ ব্যৱস্থা ৰাখিবলৈ ৰাজ্য চৰকাৰ বাধ্য নহয়। একেদৰে পদোন্নতি সংৰক্ষণৰ দাবী মৌলিক অধিকাৰ হ’ব নোৱাৰে। দুজনীয়া খণ্ড বিচাৰপীঠৰ ৰায়টোত উল্লেখ কৰা হৈছে এনেদৰে– ‘চৰকাৰী চাকৰিৰ নিযুক্তি–পদোন্নতিত সংৰক্ষণ ব্যৱস্থা ৰাখিবলৈ আদালতে ৰাজ্য চৰকাৰক নির্দেশ দিব নোৱাৰে৷ এইটো সম্পূর্ণৰূপে তেওঁলোকৰ এক্তিয়াৰভুক্ত৷ চৰকাৰী চাকৰিৰ নিযুক্তি–পদোন্নতিত সংৰক্ষণৰ প্রয়োজন আছে নে নাই, সেই ক্ষেত্রত ৰাজ্য চৰকাৰেই সিদ্ধান্ত গ্রহণ কৰিব৷’ যদিহে কোনো ৰাজ্য চৰকাৰে নিযুক্তি–পদোন্নতিত সংৰক্ষণ প্রৱর্তনৰ ইচ্ছা প্রকাশ কৰে, তেন্তে এক বিশেষ ব্যৱস্থাৰ কথাও ৰায়টোত সন্নিৱিষ্ট কৰা হৈছে৷ এই সন্দর্ভত কোৱা হৈছে যে চৰকাৰী চাকৰিত নির্দিষ্ট কোন জনগোষ্ঠীৰ প্রতিনিধিত্ব অসন্তুলিত সেইটো চাব লাগিব আৰু ইয়াৰ প্রয়োজনীয় তথ্য ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগিব৷ সেই তথ্য ৰাজ্য চৰকাৰে আদালতত জমা দিয়াটো বাধ্যতামূলক৷ যাতে কোনোবাই সংৰক্ষণ ব্যৱস্থাটোক প্রত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হ’লে, সেই তথ্য বা পৰিসংখ্যা দাঙি ধৰিব পৰা যায়৷ সংবিধানৰ ১৬নং অনুচ্ছেদৰ ৪ আৰু ৪–এ দফাৰ প্রসংগ উনুকিয়াই দুজনীয়া খণ্ড বিচাৰপীঠখনে পুনৰ কয় যে অসন্তুলিত প্রতিনিধিত্বৰ বিষয়টো ৰাজ্য চৰকাৰৰ সামগ্রিক সন্তুষ্টিৰ আওতাত পৰে৷ স্মর্তব্য যে সংবিধানৰ উক্ত অনুচ্ছেদ দুটাই চাকৰিৰ নিযুক্তি–পদোন্নতিত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ ৰখাৰ ক্ষমতা প্রদান কৰিছে ৰাজ্য চৰকাৰক৷ কিন্তু ইয়াৰ বাবে চৰকাৰী চাকৰি বা পদোন্নতিত অনুসূচিত জাতি–জনজাতিৰ অসন্তুলিত প্রতিনিধিত্বৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰিব লাগিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে উত্তৰাখণ্ড চৰকাৰৰ গড়কাপ্ঢানী বিভাগৰ সহকাৰী অভিযন্তা পদৰ পদোন্নতিক কেন্দ্র কৰি জটিলতাৰ উদ্ভৱ হৈছিল৷ উত্তৰাখণ্ড চৰকাৰে ২০১২ চনৰ ৫ ছেপ্ঢেম্বৰত অনুসূচিত জাতি–জনজাতিৰ প্রার্থীৰ বাবে সংৰক্ষণ অবিহনেই পদোন্নতি প্রক্রিয়াটো সম্পন্ন কৰাৰ সিদ্ধান্ত লয়৷ এই সিদ্ধান্তৰ বিৰুদ্ধে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল একাধিক গোচৰ৷ উচ্চ ন্যায়ালয়ে পদোন্নতি প্রক্রিয়াটোৰ সংৰক্ষণ ব্যৱস্থা বাহাল ৰখাৰ লগতে ভৱিষ্যতে উত্তৰাখণ্ডত খালী হোৱা সহকাৰী অভিযন্তাৰ পদত অনুসূচিত জাতি–জনজাতিৰ প্রার্থীকেই নিযুক্তিৰ নির্দেশ দিয়ে৷ উচ্চ ন্যায়ালয়ৰ এই নির্দেশৰ বিৰুদ্ধে পৰৱর্তী সময়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল উত্তৰাখণ্ড চৰকাৰ৷ উচ্চতম ন্যায়ালয়ত দুজনীয়া খণ্ড বিচাৰপীঠখনে এই গোচৰটোতেই উক্ত ৰায় দিয়াৰ সমান্তৰালভাৱে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ দুয়োটা নির্দেশক অযুক্তিকৰ আখ্যা দি খাৰিজ কৰি দিয়ে৷

You might also like