নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি আগবঢ়োৱা “মন কী বাত”ৰ ১০০সংখ্যক উপলক্ষে আজি ঢকুৱাখনা সমষ্টিৰ বিভিন্ন স্থানৰ লগতে সোণাৰি চাপৰি, কেকুঁৰি, মৰনৈ বেবেজীয়া আদিতো মন কী বাত অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আজি সোণাৰি চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয় আৰু চেনিমাৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়, কেকুঁৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ লগতে বাতি দেউৰী, চেলাজান কছাৰী আৰু পতীয়া চাপৰিত আৰশ মৰনৈ বেবেজীয়াৰ সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, ১৪৮নং কমলপুৰ এম ভি স্কুল, ১৪৯নং বেবেজীয়া এম ভি স্কুল, ১৫০নং সোৱণশিৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আদিত বুথৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন, মাল্যবৰণ আদি কাৰ্যসূচীও ৰূপায়ণ কৰা হয়৷ মৰনৈ বেবেজীয়াত অনুস্থিত মন কী বাত অনুষ্ঠানত ঘিলামৰা মণ্ডল বিজেপিৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিৰুপম চুতীয়া, পিছপৰা শ্ৰেণীৰ উন্নয়ন বৰ্ডৰ উপ সভাপতি দেৱ খনিকৰ, অনুসূচিত জাতি মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ সাধাৰণ সম্পাদক বিমল দাস, ঘিলামৰা মণ্ডলৰ সামাজিক মাধ্যমৰ আহ্বায়ক বাবুল খনিকৰ, প্ৰধান শিক্ষয়িত্ৰী কল্পনা সেনাপতি বৰুৱাৰ লগতে গোটেইকেইটা বুথৰ সভাপতি সম্পাদকসকলৰ উপৰি শতাধিক লোক উপস্থিত থাকে।
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি