নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত মন কী বাত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা, ৩০ এপ্রিলঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১০০সংখ্যক ‘মন কী বাত’ উপলক্ষে কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৬১ নং বুথৰ লাচিত নগৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত বিজেপিৰ দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে অংশগ্ৰহণ কৰে। লগতে একেলগে প্রধানমন্ত্ৰীৰ ১০০ সংখ্যক মন কী বাত অনুষ্ঠানো উপভোগ কৰে।আজি ডিব্ৰুগড়ত উক্ত অনুষ্ঠান সমাপন কৰি সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়—‘২০১৪ চনৰ ৩ অক্টোবৰৰপৰা ধাৰাবাহিকভাৱে মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মন কী বাতৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ জনতাৰ মনৰ কথা সামৰি ৰাষ্ট্ৰ সবলীকৰণৰে এক শক্তিশালী দৃষ্টিভংগীক আগুৱাই লৈ গৈছে। তেখেতৰ প্ৰতিটো মন কী বাতৰ দ্বাৰা প্ৰতিফলিত হৈছে যে ভাৰতক সকলো দৃষ্টিকোনৰ পৰাই টনকিয়াল কৰাৰ এক অভিনৱ দূৰদৃষ্টি।বিগত ৯ টা বছৰত সম্ভৱ হোৱা ভাৰতৰ উন্নয়নৰ নৱজাগৰণে কেৱল দেশৰে নহয়, সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।দেশৰ কৃষক, মহিলা, যুৱপ্ৰজন্মৰ সবলীকৰণৰ উপৰি ঔদ্যোগিকৰণ, অৰ্থনৈতিক স্বচ্ছলতা আদিত প্ৰধানমন্ত্ৰী মোদীয় যথেষ্ট অগ্ৰাধিকাৰ দিয়াৰ ফলশ্রুতিতেই আজি চহৰ-নগৰ, গ্ৰামাঞ্চল- সকলো দিশতে এক নতুন দিগন্তৰ সূচনা হৈছে।প্ৰধানমন্ত্ৰী মোদীৰ বলিষ্ঠ নেতৃত্বৰ ফলতেই ভাৰতে বিশ্বৰ বুকুত পঞ্চম বৃহৎ অর্থনীতি হিচাপেও পৰিগণিত হৈছে।অমৃতকালৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰ আৰু বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ আমাৰ কৰণীয় কি হোৱা উচিত, সেয়া তেখেতে মন কী বাতৰ জৰিয়তে জলজল্-পটপটকৈ সকলোৰে বোধগম্য হোৱাকৈ প্ৰক্ষেপণ কৰিছে।ৰাষ্ট্ৰ নিৰ্মাণৰ চেতনাক উজ্জীৱিত কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন আখ্যা দি সমগ্ৰ অঞ্চলটোতে সৰ্বাংগীণ প্ৰগতি আৰু স্থায়ী শান্তিৰ বাতাৱৰণ সৃষ্টি কৰিছে। ইয়াৰ ফলত উত্তৰ-পূব বাসীয়ে নতুন মনোবল, সাহস আৰু শক্তি লাভ কৰিছে।বিগত মন কী বাতবোৰত তেখেতে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় দেশবাসীৰ দৃষ্টিগোচৰ কৰোৱাটো এই অঞ্চলৰ প্ৰতি থকা তেখেতৰ সদিচ্ছা আৰু আন্তৰিকতাৰেই পৰিচায়ক।আজি ১০০ সংখ্যক মন কী বাতৰ. গৌৰৱোজ্জ্বল ক্ষণত প্ৰধানমন্ত্ৰী মোদীক আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।তেখেতৰ সবল নেতৃত্বত ভাৰতে আগন্তুক দিনবোৰতো উন্নয়নৰ ন কাহিনী ৰচিব, য’ত প্ৰতিজন ভাৰতীয়ই শক্তিশালী অংশীদাৰ হ’ব লাগিব বুলি সদৰী কৰে কেন্দ্ৰীয় জাহাজ পৰিবহণ,বন্দৰ,আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।বুথত ভালেসংখ্যক দলীয় কৰ্মকতা,বিষয়ববীয়াসহ সাধাৰণ নাগৰিক উপস্থিত থাকে।আজি ডিব্ৰুগড় জিলাৰ টেঙাখাতত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ তেলী,ডিব্ৰুগড়ৰ শান্তিপাৰাত বিধায়ক প্ৰশান্ত ফুকন,লেঙেৰী হাইস্কুলত মন্ত্ৰী বিমল বড়া,মৰাণত বিধায়ক চক্ৰধৰ গগৈ,দুলীয়াজানত বিধায়ক টেৰচ গোৱালা,নাহৰকটীয়াত বিজেপিৰ জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ আৰু ডিব্ৰুগড়ৰ মণ্ডলত পৌৰপতি চৈকত পাত্ৰই ‘মন কি বাত’ অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like