নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ অধিসূচনা : অর্থনৈতিক দুর্বল শ্রেণীলৈ ১০ শতাংশ সংৰক্ষণ

বিশেষ বাৰ্তা, ১ মে’ : ৰাজ্যৰ আর্থিকভাৱে দুর্বল শ্রেণীৰ লোকসকলে এতিয়াৰে পৰা লাভ কৰিব ১০ শতাংশ সংৰক্ষণ৷ কালি এখন অধিসূচনাৰ জৰিয়তে ৰাজ্যৰ পার্ছনেল বিভাগে এই কথা ঘোষণা কৰিছে৷ অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থাৰ সুবিধা লাভ নকৰা লোকসকলৰ ক্ষেত্রত এই নতুন সংৰক্ষণ কার্যকৰী হ’ব৷ অৱশ্যে সংশ্লিষ্ট চক্র বিষয়াই প্রদান কৰা আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রমাণ–পত্র এটা নির্দিষ্ট বিত্তীয় বর্ষৰ বাবেহে কার্যকৰী হ’ব বুলিও অধিসূচনাখনত উল্লেখ কৰা হৈছে৷

You might also like