বিশেষ লেখা : মন কী বাত কোটি কোটি ভাৰতীয়ৰ অনুভূতিৰ অভিব্যক্তি
নৰেন্দ্র মোদী
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ৷ মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছেছা, লাখ লাখ বার্তা… আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছোঁ, সেইবোৰ চাইছোঁ আৰু বার্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছোঁ৷ বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে মই আৱেগিক হৈ পৰিছিলোঁ, মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলোঁ৷ আপোনালোকে মোক ‘মন কী বাত’ৰ ১০০সংখ্যক খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হূদয়ৰ পৰা কওঁ, …দৰাচলতে, আপোনালোক সকলোৱে, ‘মন কী বাত’ৰ শ্রোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য৷ ‘মন কী বাত’ হৈছে কোটি কোটি ভাৰতীয়ৰ ‘মন কী বাত’, এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি৷
বন্ধুসকল, ২০১৪ চনৰ অক্টোবৰৰ ৩ তাৰিখে বিজয়া দশমীৰ উৎসৱ আছিল আৰু আমি সকলোৱে একেলগে বিজয়া দশমীৰ দিনা ‘মন কী বাত’ৰ যাত্রা আৰম্ভ কৰিছিলোঁ৷ বিজয়া দশমী হৈছে অনীতিৰ ওপৰত নীতিৰ বিজয়ৰ উৎসৱ৷ ‘মন কী বাত’ দেশবাসীৰ মংগলময়তা আৰু ইতিবাচকতাৰ এক অনন্য উৎসৱ হৈ পৰিছে৷ প্রতিমাহে এই উৎসৱ, আমি সকলোৱে আগ্রহেৰে ইয়াৰ অপেক্ষা কৰি আছোঁ৷ আমি ইয়াত ইতিবাচকতা উদযাপন কৰোঁ৷ আমি ইয়াত জনসাধাৰণৰ অংশগ্রহণো উদযাপন কৰোঁ৷ কেতিয়াবা বিশ্বাস কৰা কঠিন হয় যে ‘মন কী বাত’ আৰম্ভ হোৱাৰ ইমান মাহ, ইমান বছৰ পাৰ হৈ গৈছে৷ প্রতিটো খণ্ডই একোটা অনন্য খণ্ড আছিল৷ প্রতিবাৰেই নতুন উদাহৰণৰ নতুনত্ব, প্রতিবাৰেই দেশবাসীৰ নতুন সফলতাৰ সম্প্রসাৰণ৷ ‘মন কী বাত’ত দেশৰ প্রতিটো প্রান্তৰ লোকসকলে যোগদান কৰিছিল৷ বেটী বচাও বেটী পঢ়াও বা স্বচ্ছ ভাৰত আন্দোলন, খাদীৰ প্রতি প্রেম বা প্রকৃতিৰ বিষয়েই হওক, আজাদী কা অমৃত মহোৎসৱ হওক বা অমৃত সৰোবৰেই হওক, যি বিষয়ৰ সৈতে ‘মন কী বাত’ জডিত হৈছিল, প্রতিটোৱেই এক গণ আন্দোলনত পৰিণত হৈছিল আৰু আপোনালোকে এয়া সম্ভৱ কৰি তুলিছে৷ যেতিয়া মই তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি বাৰাক অ’বামাৰ সৈতে যুটীয়াভাৱে ‘মন কী বাত’ ভাগ–বাটোৱাৰা কৰিছিলোঁ, সমগ্র বিশ্বতে ই চর্চাৰ বিষয় হৈ পৰিছিল৷
বন্ধুসকল, মই ‘মন কী বাত’ক আনৰ গুণাগুণবোৰৰ উপাসনা কৰাৰ দৰে বিবেচনা কৰোঁ৷ মোৰ এজন গাইড আছিল– শ্রীলক্ষ্মণৰাও জী ইনামদাৰ৷ আমি তেওঁক ৱকীল চাহেব বুলি সম্বোধন কৰিছিলোঁ৷ তেওঁ সদায় কৈছিল যে আমি আনৰ গুণাগুণৰ উপাসনা কৰা উচিত৷ আপোনাৰ সৈতে যিয়েই মুখামুখি নহওক কিয়, আপোনাৰ সপক্ষে হওকবা আপোনাৰ প্রতিদ্বন্দ্বী হওক, আমি তেওঁলোকৰ ভাল গুণবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰা উচিত আৰু তেওঁলোকৰ পৰা শিকা উচিত৷ তেওঁৰ এই বিশেষত্বটোৱে মোক সদায় অনুপ্রাণিত কৰি আহিছে৷ ‘মন কী বাত’ আনৰ গুণাগুণৰ পৰা শিকাৰ বাবে এক মহান মাধ্যম হৈ পৰিছে৷
মোৰ মৰমৰ দেশবাসীসকল, এই কার্যসূচীয়ে মোক কেতিয়াও আপোনালোকৰ পৰা দূৰত ৰখা নাই৷ মোৰ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্রী আছিলোঁ, তেতিয়া তাত থকা সাধাৰণ লোকসকলক লগ কৰা আৰু বার্তালাপ কৰাটো এটা স্বাভাৱিক প্রক্রিয়া আছিল৷ মুখ্যমন্ত্রীৰ কাম আৰু কার্যকাল এনেকুৱা…, একে সময়তে বহুতো সুযোগ আহে৷ কিন্তু ২০১৪ চনত দিল্লীলৈ অহাৰ পিছত মই দেখিছিলোঁ যে ইয়াত জীৱন বহুত বেলেগ আছিল৷ কামৰ প্রকৃতি পৃথক, দায়িত্ব পৃথক, পৰিস্থিতি, সুৰক্ষাৰ কঠোৰতা আৰু সময়সীমাৰ দ্বাৰা আবদ্ধ৷ প্রাৰম্ভিক দিনবোৰত কিবা এটা বেলেগ অনুভৱ হৈছিল, এটা শূন্যতা আহি পৰিছিল৷ পঞ্চাশ বছৰ আগতে মই কেৱল মোৰ নিজৰ দেশৰ লোকসকলৰ সৈতে যোগাযোগ কৰাটো কঠিন হ’ব, এই ভাবি মোৰ ঘৰ এৰি যোৱা নাছিলোঁ৷ সেই দেশবাসী যি মোৰ সকলো, … মই তেওঁলোকৰ পৰা পৃথক হৈ থাকিব নোৱাৰিলোঁ৷ ‘মন কী বাত’–এ মোক এই প্রত্যাহ্বানৰ সমাধান দিছিল, সাধাৰণ মানুহৰ সৈতে সংযোগ স্থাপনৰ এটা উপায় দিছিল৷ পদ আৰু প্রট’কল প্রণালীটোত সীমাবদ্ধ হৈ থাকিল আৰু কোটি কোটি লোকৰ অনুভূতি মোৰ আভ্যন্তৰীণ পৃথিৱীৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল৷ প্রতিমাহে মই দেশৰ জনসাধাৰণৰ হাজাৰ হাজাৰ বার্তা পঢোঁ, প্রতিমাহে মই দেশবাসীৰ এটা বা আনটো আশ্চর্যকৰ বার্তা জানিবলৈ পাওঁ৷ মই দেশবাসীৰ তপস্যা আৰু ত্যাগ দেখিছোঁ আৰু অনুভৱ কৰিছোঁ৷ মই আপোনালোকৰ পৰা দূৰত আছোঁ বুলি কেৱল অনুভৱ নকৰোঁ৷ মোৰ বাবে ‘মন কী বাত’ কোনো কার্যসূচী নহয়, মোৰ বাবে ই বিশ্বাস, উপাসনা বা ব্রতৰ বিষয়৷ যিদৰে মানুহে ঈশ্বৰৰ উপাসনা কৰিবলৈ যায়, তেওঁলোকে লগত প্রসাদৰ থাল এখন লৈ আহে৷ মোৰ বাবে ‘মন কী বাত’ জনতা–জনার্দন, জনতাৰ ৰূপত ঈশ্বৰৰ চৰণৰ প্রসাদৰ থালৰ দৰে৷ ‘মন কী বাত’ মোৰ অস্তিত্বৰ এক আধ্যাত্মিক যাত্রা হৈ পৰিছে৷
‘মন কী বাত’ হৈছে নিজৰ পৰা সমূহলৈ যাত্রা৷
‘মন কী বাত’ মোৰ নিজৰ পৰা আমালৈ যোৱা এটা যাত্রা৷
এয়া মই নহয়, কিন্তু আপোনালোক ইয়াৰ সংস্কাৰ সাধনা৷
কল্পনা কৰক, আমাৰ কিছুসংখ্যক দেশবাসীয়ে ৪০ বছৰ ধৰি নির্জন পাহাৰ আৰু অনুর্বৰ ভূমিত গছপুলি ৰোপণ কৰি আহিছে, বহু লোকে ৩০ বছৰ ধৰি পানী সংৰক্ষণৰ বাবে ষ্টেপৱেল আৰু পুখুৰী খনন কৰি আহিছে, সেইবোৰ পৰিষ্কাৰ কৰি আছে৷ কিছুমানে ২৫–৩০ বছৰ ধৰি দুখীয়া শিশুসকলক শিক্ষাদান কৰি আহিছে, কিছুমানে দৰিদ্র লোকসকলৰ চিকিৎসাত সহায় কৰি আহিছে৷ ‘মন কী বাত’ত তেওঁলোকক বহুবাৰ উল্লেখ কৰোঁতে মই আৱেগিক হৈ পৰিছেছা৷ আকাশবাণীৰ বন্ধুসকলে ইয়াক বহুবাৰ পুনৰ ৰেকর্ড কৰিবলগীয়া হৈছিল৷ আজি অতীতৰ বহুতো কথা মোৰ চকুৰ সন্মুখত আহিছে৷ দেশবাসীৰ এই প্রচেষ্টাই মোক নিৰন্তৰে কার্য অব্যাহত ৰাখিবলৈ অনুপ্রাণিত কৰিছে৷
বন্ধুসকল, আমি ‘মন কী বাত’ত উল্লেখ কৰা লোকসকল হৈছে আমাৰ দেশৰ নায়ক, যিয়ে এই কার্যসূচীটো সজীৱ কৰি তুলিছে৷ আজি যেতিয়া আমি শততম খণ্ডৰ মাইলৰ খুঁটিত উপনীত হৈছোঁ, মই লগতে বিচাৰিছোঁ যে আমি আকৌ এবাৰ এই সকলো নায়কৰ যাত্রাৰ বিষয়ে জানিবলৈ তেওঁলোকৰ ওচৰলৈ যাওঁ৷ আজি আমি কিছুমান সহকর্মীৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম৷ হাৰিয়ানাৰ ভাতৃ সুনীল জগলানে মোৰ সৈতে যোগাযোগ স্থাপন কৰিছে৷ সুনীল জগলানজীয়ে মোৰ মনত বিশেষ প্রভাৱ পেলাইছে, কাৰণ হাৰিয়ানাত লিংগ অনুপাতৰ ওপৰত যথেষ্ট আলোচনা হৈছিল আৰু মই হাৰিয়ানাৰ পৰাই ‘বেটী বচাও বেটী পঢ়াও’ৰ প্রচাৰ আৰম্ভ কৰিছিলোঁ৷ আৰু ইফালে যেতিয়া মই সুনীলজীৰ ‘ছেলফি উইথ ডটাৰ’ অভিযানৰ বিষয়ে জানিব পাৰিছিলোঁ, মই বৰ সুখী অনুভৱ কৰিছিলোঁ৷ মই তেওঁৰ পৰাই শিকিছিলোঁ আৰু ইয়াক ‘মন কী বাত’ত অন্তর্ভুক্ত কৰিছিলোঁ৷ মুহূর্ততে ‘ছেলফি উইথ ডটাৰ’ গোলকীয় অভিযানলৈ ৰূপান্তৰিত হ’ল৷ আৰু ইয়াত বিষয়টো ছেলফি বা প্রযুক্তি নাছিল, …কন্যা সন্তানক গুৰুত্ব দিয়া হৈছিল৷ এই অভিযানৰ জৰিয়তে জীৱনত এগৰাকী কন্যা সন্তানৰ গুৰুত্বও সন্মুখলৈ আহিল৷ এনে বহুতো প্রচেষ্টাৰ ফলাফলস্বৰূপে আজি হাৰিয়ানাত লিংগ অনুপাত উন্নত হৈছে৷
এইটো মোৰ বাবে পৰিপূর্ণতাৰ বিষয় যে ‘মন কী বাত’ত আমি দেশৰ নাৰীশক্তিৰ শ শ অনুপ্রেৰণাদায়ক কাহিনী উল্লেখ কৰিছোঁ৷ আমাৰ সেনাই হওক বা ক্রীডা জগত, যেতিয়াই মই মহিলাসকলৰ কৃতিত্বৰ বিষয়ে কথা পাতিছেছা, ইয়াক যথেষ্ট প্রশংসা কৰা হৈছে৷ যেনেকৈ আমি ছত্তীশগডৰ ডেউৰ গাঁৱৰ মহিলাসকলৰ বিষয়ে আলোচনা কৰিছিলোঁ৷ এই মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে গাঁৱৰ ৰাস্তা আৰু মন্দিৰ পৰিষ্কাৰ কৰিবলৈ অভিযান চলায়৷ একেদৰে দেশবাসীয়ে তামিলনাডুৰ জনজাতীয় মহিলাসকলৰ পৰাও যথেষ্ট অনুপ্রেৰণা লাভ কৰিছিল, যিয়ে হাজাৰ হাজাৰ পৰিৱেশ–অনুকূল টেৰাকোটা কাপ ৰপ্তানি কৰিছিল৷ তামিলনাডুত ভেলোৰৰ নাগ নদী পুনৰুজ্জীৱিত কৰিবলৈ ২০ হাজাৰ মহিলা একত্রিত হৈছিল৷ এনে ধৰণৰ বহুতো অভিযান আমাৰ নাৰীশক্তিৰ দ্বাৰা পৰিচালিত হৈছে আৰু ‘মন কী বাত’–এ তেওঁলোকৰ প্রচেষ্টাক আগুৱাই অনাৰ বাবে এখন মঞ্চ হিচাপে কাম কৰিছে৷
বন্ধুসকল, আমাৰ ফোন লাইনত আৰু এজন ভদ্রলোক জড়িত হৈছে৷ তেওঁৰ নাম মনজুৰ আহমেদ৷ ‘মন কী বাত’ত জম্মু আৰু কাশ্মীৰৰ পেঞ্চিল শ্লেটৰ বিষয়ে কোৱাৰ সময়ত মনজুৰ আহমেদজীৰ কথা উল্লেখ কৰা হৈছিল৷
বন্ধুসকল, ‘মন কী বাত’ৰ আন এটা বিশেষত্ব আছে– ‘মন কী বাত’ৰ জৰিয়তে বহুতো গণ আন্দোলনৰ সৃষ্টি হৈছে আৰু গতি লাভ কৰিছে৷ উদাহৰণস্বৰূপে, আমাৰ পুতলা উদ্যোগ পুনৰ প্রতিষ্ঠা কৰাৰ অভিযানটো ‘মন কী বাত’ৰ সৈতে আৰম্ভ হৈছিল৷ ভাৰতীয় প্রজাতিৰ কুকুৰ, আমাৰ থলুৱা কুকুৰবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ আৰম্ভণিও কেৱল ‘মন কী বাত’ৰেই আৰম্ভ কৰা হৈছিল৷ আমি আন এটা অভিযান আৰম্ভ কৰিছিলোঁ যে আমি দৰিদ্র ক্ষুদ্র দোকানীসকলৰ সৈতে দৰ–দাম নকৰোঁ,… আমি তেওঁলোকৰ সৈতে দৰ–দাম নকৰোঁ৷ আনকি যেতিয়া ‘হৰ ঘৰ তিৰংগা’ অভিযান আৰম্ভ হৈছিল, ‘মন কী বাত’–এ দেশবাসীক এই সংকল্পৰ সৈতে সংযোগ কৰাত এক ডাঙৰ ভূমিকা পালন কৰিছিল৷ এনে প্রতিটো উদাহৰণ সমাজত পৰিৱর্তনৰ কাৰক হৈ পৰিছে৷ প্রদীপ চাংৱানজীয়েও সমাজক অনুপ্রাণিত কৰিবলৈ এনে কাম হাতত লৈছে৷ ‘মন কী বাত’ত আমি প্রদীপ চাংৱানজীৰ ‘হিলিং হিমালয়’ অভিযানৰ বিষয়ে আলোচনা কৰিছিলোঁ৷
বন্ধুসকল, আজি দেশত পর্যটন অতি দ্রুতগতিত বৃদ্ধি পাইছে৷ আমাৰ প্রাকৃতিক সম্পদেই হওক, নদী–পর্বত–পুখুৰী হওকবা আমাৰ তীর্থস্থানেই হওক, সেইবোৰ পৰিষ্কাৰ কৰি ৰখাটো অতি গুৰুত্বপূর্ণ৷ ই পর্যটন উদ্যোগক যথেষ্ট সহায় কৰিব৷ পর্যটনৰ ক্ষেত্রত পৰিষ্কাৰ–পৰিচ্ছন্ন লগতে আমি প্রায়ে অতুলনীয় ভাৰত আন্দোলনৰ বিষয়েও আলোচনা কৰিছেছা৷ এই আন্দোলনৰ জৰিয়তে প্রথমবাৰৰ বাবে মানুহে এনে ঠাইবোৰৰ বিষয়ে জানিব পাৰিছিল, যিবোৰ কেৱল তেওঁলোকৰ চুবুৰীয়া অঞ্চলত আছিল৷ মই সদায় কওঁ যে পর্যটনৰ বাবে বিদেশলৈ যোৱাৰ আগতে আমি আমাৰ দেশৰ কমেও ১৫টা পর্যটনস্থলী ভ্রমণ কৰিব লাগিব আৰু এই গন্তব্যস্থানবোৰ আপুনি বাস কৰা ৰাজ্যৰ হ’ব নালাগে… সেইবোৰ আপোনাৰ ৰাজ্যৰ বাহিৰৰ আন যিকোনো ৰাজ্যৰ হ’ব লাগিব৷ একেদৰে, আমি নিৰন্তৰভাৱে ক্লীন ছিয়াছেন, এবাৰ ব্যৱহূত প্লাষ্টিক আৰু ই–আৱর্জনাৰ দৰে গুৰুত্বপূর্ণ বিষয় সন্দর্ভত কথা পাতি আহিছোঁ৷ আজি সমগ্র বিশ্বৰ সৈতে সম্পর্কিত পাৰিপার্শ্বিক সমস্যা সমাধানৰ ক্ষেত্রত ‘মন কী বাত’ৰ এই প্রচেষ্টা অতি গুৰুত্বপূর্ণ৷
বন্ধুসকল, এইবাৰ মই ইউনেস্কোৰ ডিজি অড্রে আজোলেৰ পৰা ‘মন কী বাত’ সন্দর্ভত আন এটা বিশেষ বার্তা পাইছোঁ৷ তেওঁ শততম খণ্ডৰ এই আশ্চর্যকৰ যাত্রাৰ বাবে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছে৷
বন্ধুসকল, ইউনেস্কোৰ ডিজিয়ে শিক্ষা আৰু সাংস্কৃতিক সংৰক্ষণ সম্পর্কে ভাৰতৰ প্রচেষ্টাৰ বিষয়ে জানিব বিচাৰিছে৷ এই দুয়োটা বিষয়েই ‘মন কী বাত’ৰ প্রিয় বিষয় হৈ আহিছে৷
শিক্ষা বা সংস্কৃতিৰ বিষয়েই হওক, ইয়াৰ সংৰক্ষণ বা প্রচাৰৰ বিষয়েই হওক, এইটো ভাৰতৰ এক প্রাচীন পৰম্পৰা হৈ আহিছে৷ দেশখনে আজি এই দিশত যি কাম কৰি আছে, সেয়া সঁচাকৈয়ে প্রশংসনীয়৷ ৰাষ্ট্রীয় শিক্ষা নীতি হওক বা আঞ্চলিক ভাষাত অধ্যয়ন কৰাৰ বিকল্প হওক বা শিক্ষাৰ ক্ষেত্রত প্রযুক্তিৰ একত্রীকৰণেই হওক, আপোনালোকে এনে বহুতো প্রচেষ্টা লক্ষ্য কৰিব৷ বহু বছৰ আগতে ‘গুণোৎসৱ আৰু শালা প্রৱেশোৎসৱ’ৰ দৰে কার্যসূচীবোৰ উন্নত শিক্ষা প্রদান আৰু ড্রপ আউটৰ হাৰ হ্রাস কৰাৰ বাবে গুজৰাটত জনসাধাৰণৰ অংশগ্রহণৰ এক আশ্চর্যকৰ উদাহৰণ হৈ পৰিছিল৷ ‘মন কী বাত’ত আমি এনে বহু লোকৰ প্রচেষ্টাৰ ওপৰত আলোকপাত কৰিছোঁ, যিসকলে নিঃস্বার্থভাৱে শিক্ষাৰ বাবে কাম কৰি আছে৷ আপোনালোকৰ মনত থাকিব পাৰে, এবাৰ আমি ওড়িশাৰ এজন চাহ বিক্রেতা প্রয়াত ডি প্রকাশ ৰাওৰ বিষয়ে আলোচনা কৰিছিলোঁ, যি দৰিদ্র শিশুসকলক শিক্ষাদানৰ অভিযানত নিয়োজিত আছিল৷ ঝাৰখণ্ডৰ গাঁওবোৰত ডিজিটেল পুথিভঁৰাল পৰিচালনা কৰা সঞ্জয় কাশ্যপ হওক, হেমলতা এন কে, যিয়ে ক’ভিডৰ সময়ত ই–লার্নিঙৰ জৰিয়তে বহুতো শিশুক সহায় কৰিছিল৷ হয়, আমি ‘মন কী বাত’ত এনে বহুতো শিক্ষকৰ উদাহৰণ উল্লেখ কৰিছেছা৷ আমি ‘মন কী বাত’ত সাংস্কৃতিক সংৰক্ষণৰ প্রচেষ্টাকো নিয়মীয়া স্থান প্রদান কৰিছোঁ৷
লাক্ষাদ্বীপৰ কুমেল ব্রাদার্ছ চেলেঞ্জার্ছ ক্লাব হওক বা কর্ণাটকৰ ‘কুৱেমশ্রী’ জীৰ ‘কালা চেতনা’ৰ দৰে প্লেটফর্ম হওক, দেশৰ প্রতিটো প্রান্তৰ মানুহে মোক চিঠিৰ জৰিয়তে এনে উদাহৰণ প্রেৰণ কৰিছে৷ আমি দেশপ্রেমৰ ওপৰত গান, নিচুকনি গীত আৰু ‘ৰংগোলী’ৰ সৈতে সম্পর্কিত তিনিটা প্রতিযোগিতাৰ বিষয়েও কথা পাতিছিলোঁ৷ আপোনালোকৰ হয়তো মনত আছে– এবাৰ আমি সমগ্র দেশৰ ষ্টৰী টেলাৰৰ সৈতে সাধু কোৱাৰ জৰিয়তে ভাৰতীয় শিক্ষাৰ প্রকাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ৷ মোৰ অটল বিশ্বাস যে আটাইতকৈ ডাঙৰ পৰিৱর্তনটো সামূহিক প্রচেষ্টাৰ দ্বাৰাহে আনিব পাৰি৷ এই বছৰ য’ত আমি আজাদী কা অমৃতকালৰ দিশত আগবাঢ়িছোঁ, আমি জি–২০ৰ অধ্যক্ষতা কৰি আছোঁ, শিক্ষাৰ লগতে বিভিন্ন গোলকীয় সংস্কৃতিক সমৃদ্ধ কৰাৰ আমাৰ সংকল্প শক্তিশালী হোৱাৰ এইটোও এটা কাৰণ৷
মোৰ মৰমৰ দেশবাসীসকল, আমাৰ উপনিষদৰ এটা মন্ত্রই বহু শতাব্দী ধৰি আমাৰ সামূহিক চিন্তাধাৰাক অনুপ্রেৰণা যোগাই আহিছে৷
চৰৈৱতি চৰৈৱতি চৰৈৱতি
আগবাঢ়ি যাওক– আগবাঢ়ি যাওক– আগবাঢ়ি যাওক
আজি আমি চৰৈৱতি চৰৈৱতিৰ একেই সত্তাৰ সৈতে ‘মন কী বাত’ৰ শততম খণ্ডটো সম্পূর্ণ কৰিছেছা৷ ভাৰতৰ সামাজিক গাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত ‘মন কী বাত’ হৈছে জপমালাৰ সূতাৰ দৰে, য’ত প্রতিটো মণি একেলগে ধৰি ৰাখে৷ প্রতিটো খণ্ডতে দেশবাসীৰ সেৱা আৰু সামর্থ্যৰ মনোভাবে আনক অনুপ্রাণিত কৰিছে৷ এই কার্যসূচীত প্রতিজন দেশবাসী আন দেশবাসীৰ বাবে অনুপ্রেৰণা হৈ পৰে৷ একপ্রকাৰে, ‘মন কী বাত’ৰ প্রতিটো খণ্ডই পৰৱর্তী খণ্ডৰ বাবে মঞ্চ প্রস্তুত কৰে৷ ‘মন কী বাত’–এ সদায় সদিচ্ছা, সেৱা–মনোভাব আৰু কর্তব্যবোধৰ সৈতে আগবাঢ়ি আহিছে৷ এই ইতিবাচকতাই আজাদী কা অমৃতকালত দেশক আগুৱাই নিব… এক নতুন উচ্চতালৈ লৈ যাব আৰু মই সুখী যে ‘মন কী বাত’ৰ দ্বাৰা কৰা আৰম্ভণি আজি দেশত এক নতুন পৰম্পৰা হৈ পৰিছে৷ এক পৰম্পৰা, য’ত আমি সকলোৰে প্রচেষ্টাৰ সত্তা দেখিছেছা৷
বন্ধুসকল, অৱশ্যে আজি মোৰ বহুত কথা আছিল, কিন্তু সময় আৰু শব্দ দুয়োটাই কম হৈ আহিছে৷ কিন্তু মই নিশ্চিত যে আপোনালোক সকলোৱে মোৰ অভিব্যক্তি বুজি পাব, মোৰ অনুভূতি বুজি পাব৷ আপোনালোকৰ পৰিয়ালৰ এজন সদস্য হিচাপে মই ‘মন কী বাত’ৰ সহায়ত আপোনালোকৰ মাজত আছোঁ, আপোনালোকৰ মাজত থাকিম৷ আমি অহা মাহত পুনৰ লগ পাম৷ আমি পুনৰ নতুন বিষয় আৰু নতুন তথ্যৰ সৈতে দেশবাসীৰ সফলতা উদ্যাপন কৰিম, তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ৷ নিজৰ আৰু আপোনালোকৰ প্রিয়জনৰ যত্ন ল’ব৷
নমস্কাৰ, আপোনালোকলৈ অশেষ ধন্যবাদ৷