নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভমন গীলৰ শতৰান

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ড ভ্রমণত চমকপ্রদ ফর্ম অব্যাহত ৰাখিছে ভাৰতীয় ‘এ’ দলৰ তাৰকা শুভমন গীলে৷ নিউজিলেণ্ড ‘এ’ দলৰ বিৰুদ্ধে চলি থকা চাৰিদিনীয়া অনানুষ্ঠানিক টেষ্টৰ দেওবাৰে তৃতীয় দিনা গীলৰ অপৰাজিত ১০৭ ৰানৰ সহায়ত ভাৰতে মাত্র এটা উইকেট হেৰুৱাই ২৩৪ ৰান সংগ্রহ কৰিছে৷ অধিনায়ক হনুমা বিহাৰীয়ে ৫৯ ৰান কৰি আউট হয়৷ দিনান্তত গীলৰ সৈতে শ্বেটেশ্বৰ পূজাৰাই ৫২ ৰানত বেটিং কৰি আছে৷ নিউজিলেণ্ড ‘এ’ দলে আজি ৩৮৬/৯ত প্রথম ইনিংছ সমাপ্তি ঘোষণা কৰে৷

You might also like