এন চি পিৰ সভাপতি পদৰ পৰা পদত্যাগ ঘোষণা শাৰদ পাৱাৰৰ
নিয়মীয়া বাৰ্তা, ২ মে’: দেশৰ অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদ তথা এন চি পিৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰে অৱসৰৰ কথা ঘোষণা কৰিছে। তেওঁৰ জীৱনৰ সৈতে জড়িত এখন গ্ৰন্থ উন্মোচন অনুষ্ঠানত ভাষণ দি তেওঁ কয়, আজি মই ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ সভাপতি পদৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছোঁ।