নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপল সিঙক সাক্ষাৎ পত্নী কিৰণদ্বীপ কৌৰৰ

  • ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন

নিয়মীয়া বাৰ্তা, ৪ মে’: ৰাজ্যৰ অন্যতম সৰ্বোচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰলৈ ৰূপান্তৰ কৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত স্বামীক সাক্ষাৎ কৰিবলৈ আজি পঞ্জাৱৰ পৰা উপস্থিত হয় ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰ।পঞ্জাৱৰ মোগা জিলাৰ পৰা পঞ্জাৱ আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি অমৃতপল সিঙক যোৱা ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে। অমৃতপল সিং আৰু তেওঁৰ ৯ জন সহায়ক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বৰ্তমানলৈকে আছে। অমৃতপল সিঙৰ ঘনিষ্ঠ সহযোগী দলজীত সিং কলছিৰ পত্নী নৰিন্দৰ কৌৰ ওৰফে নীৰু কালসী আৰু পুত্ৰ ছিমৰজীত সিংও আজি পঞ্জাৱৰ পৰা ডিব্ৰুগড় কাৰাগাৰত দলজীতক দ্বিতীয় বাৰৰ বাবে সাক্ষাৎ কৰিবলৈ আহে। তেওঁলোকৰ সৈতে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছিমৰঞ্জিত সিঙ উপস্থিত থাকে।ইয়াৰ পূৰ্বে যোৱা ২০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত কালসীৰ পত্নী আৰু পুত্ৰই তেওঁক সাক্ষাৎ কৰিছিল।পুনৰ যোৱা ২৭ এপ্ৰিলত কালসীৰ পুত্ৰ ছিমৰজীত আন আন আত্মীয় ৱাৰিছ পঞ্জাৱ দে সদস্যৰ সৈতে ডিব্ৰুগড় কাৰাগাৰত থকা খালিস্তানী সদস্যসকলক লগ কৰিবলৈ আহিছিল।

অমৃতপল সিঙৰ উপৰিও ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি হোৱা আন ৯ জন ৱাৰিছ পঞ্জাৱ দে সদস্য হৈছে পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহাল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং বাজেকে, বসন্ত সিং, গুৰিন্দৰপাল সিং আৰু দলজীত সিং কালসী।যোৱা ২০ এপ্ৰিলত অমৃতসৰৰ শ্ৰী গুৰু ৰাম দাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অমৃতপল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক লণ্ডনলৈ যোৱা বিমানত উঠিবলৈ বাধা প্ৰদান কৰাৰ বিষয়ে সকলোৰে জ্ঞাত। আৰক্ষীৰ মতে, কিৰণদ্বীপক এগৰাকী ব্ৰিটিছ ইমিগ্ৰেচন বিষয়াই বাধা প্ৰদান কৰে।কাৰণ তেওঁৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ (এল অ’ চি) জাৰি কৰা হৈছিল।প্ৰায় তিনি ঘণ্টা ধৰি জেৰা কৰাৰ অন্তত কিৰণদ্বীপক, স্বামীৰ জন্ম গাঁও জল্লুপুৰ খেৰালৈ ঘূৰাই পঠোৱা হৈছিল।কিৰণদ্বীপৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ইংলেণ্ডত।তথ্য অনুসৰি ১৯৫১ চনতে তেওঁলোকৰ পৰিয়াল জলন্ধৰৰ পৰা ইংলেণ্ডলৈ গুচি গৈছিল।কিৰণদ্বীপে যোৱা ১০ ফেব্ৰুৱাৰীত অমৃতপালৰ সৈতে ছ’চিয়েল মিডিয়াত যোগাযোগ কৰাৰ পিছত বিবাহপাশত আবদ্ধ হৈছিল।

আজি ডিব্ৰুগড় কাৰাগাৰ ভ্ৰমণৰ সময়ত কিৰণদ্বীপ কৌৰ আৰু নীৰু কালচিয়ে সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ পৰা বিৰত থকাৰ সময়তে তেওঁলোকৰ সৈতে অহা অধিবক্তা ছিমৰঞ্জিত সিঙে সাংবাদিকৰ আগত কয় যে এন এছ এৰ অভিযোগৰ উপৰিও ডিব্ৰুগড় কাৰাগাৰত থকা দহজন ৱাৰিছ পঞ্জাব দে সদস্যৰ বিৰুদ্ধেও পঞ্জাৱত তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা আন ১২ টাকৈ অভিযোগ আছিল। অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে শ্ৰেণীৰ মাজত অসঙ্গতি বিয়পোৱা, হত্যাৰ চেষ্টা, আৰক্ষী জোৱানক আক্ৰমণ আৰু ৰাজহুৱা কৰ্মচাৰীৰ কৰ্তব্য পালনত বাধাৰ সৃষ্টি কৰা আদি কেইবাটাও অপৰাধমূলক গোচৰত গোচৰ ৰুজু কৰা হৈছে।আজি অমৃতপল সিং আৰু দলজীত সিং কালসীৰ পৰিয়ালৰ সদস্যই ডিব্ৰুগড় কাৰাগাৰত লগ কৰিবলৈ আহি পঞ্জাৱ চৰকাৰে যোৱা ১ এপ্ৰিলত এন এছ এ এডভাইজাৰী ব’ৰ্ড গঠন কৰাৰ লগতে ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলৰ বিৰুদ্ধে দিয়া অভিযোগৰ সকলো আইনী বিকল্পৰ সন্ধান কৰি থকাৰ উপৰিও এন এছ এৰ অভিযোগ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথা ব্যক্ত কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like