নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো জে এন কলেজত ইউ পি এচ চি/এপি এচ চিৰ পাঠ্যপুথি বিতৰন কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ

 

  • আৰক্ষী সঞ্চালক প্ৰধান‌ জি পি সিঙৰ হৈ বিতৰন কৰিলে পাঠ্যপুথি

নিয়মীয়া বাৰ্তা;৪ মে-:: কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহস্পতিবাৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয় প্ৰাংগনত কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে প্ৰদান কৰিলে ইউ পি এচ চি আৰু এ পি এচ চিৰ পাঠ্যপুথিৰ টোপোলা।অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে
সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামুলক অসামৰিক পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ প্ৰস্তুতি আৰু সুবিধা হোৱাকৈ ছাত্ৰ ছাত্ৰীৰ বাবে বিতৰন কৰা কিতাপৰ টোপোলা বৃহস্পতিবাৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত আৰু গ্ৰন্থাগাৰিকক প্ৰেৰন কৰে।

লগতে উক্ত অনুষ্ঠানৰ সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত আৰক্ষী অধীক্ষক মহোদয়ে অনুষ্ঠানটোত উপস্থিত থকা ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকা সকলোকে এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভাগ লবলৈ প্ৰস্তুতিৰ বিষয়ে তেওঁলোকক অনুপ্ৰেৰণা জগাই।এই অনুষ্ঠানত বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like