নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোতে সতর্ক হোৱা উতি৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
বৃষ ঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম ল’ব৷ যাত্রাৰ বাবে দিনটো শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
মিথুন ঃ ব্যৱসায়ত লাভৱান হ’ব৷ প্রেমত ভুল বুজাবুজি হ’ব পাৰে৷ যাত্রা দুপৰীয়া ১২ বজাৰ পিছত কৰিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷
কর্কট ঃ আয় অনুপাতে ব্যয় বৃদ্ধি পাব৷ কর্মত সফলতা লাভ কৰিব৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
সিংহ ঃ সমাজত হেয় হ’ব পাৰে৷ আনৰ প্রতি হিংসাদ্বেষ আদিৰ পৰা বিৰত থাকিব৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং পাতল গুলপীয়া, শুভ সংখ্যা ২৷
কন্যা ঃ কর্মক্ষেত্রত শুভ৷ পাতল হালধীয়া বা ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব৷ সন্ধিয়া ৫ বজাৰ পিছত যাত্রা নকৰিব৷ প্রেমত বাধা আহিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷
তুলা ঃ যাত্রা সাৱধানে কৰিব৷ পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
বৃশ্চিক ঃ অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব৷ যাত্রা কৰিব পাৰে৷ সন্ধিয়া শিৱৰ মন্ত্র জপ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
ধনু ঃ ব্যৱসায়–বাণিজ্য মধ্য গতিত চলিব৷ যাত্রা পুৱা ১০ বজাৰ পিছত কৰিব৷ ক’লা ৰঙৰ বাহিৰে যিকোনো ৰং আপোনাৰ বাবে শুভ৷ প্রেমত সন্দেহ ভাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
মকৰ ঃ শাৰীৰিক শুভ যদিও পিত্তজনিত ৰোগত ভুগিব পাৰে৷ হাতত হালধীয়া ৰঙৰ সূতা মেৰিয়াই ল’ব৷ যাত্রাৰ বাবে শুভ দিন৷ প্রেমত সফলতা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷
কুম্ভ ঃ অংশীদাৰী ব্যৱসায়ত উন্নতি৷ যান–বাহনৰ দ্বাৰা আঘাত পাব পাৰে৷ গতিকে চাই–চিতি যাত্রা কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
মীন ঃ ধনাগম বৃদ্ধি পাব৷ ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব৷ যাত্রাৰ বাবে শুভ৷ ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷

You might also like