নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমস্যা সমাধানৰ বাবে একত্রিত হওক কোচ ৰাজবংশী লোকঃ টংকেশ্বৰ ৰাভা

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে বৃহত্তৰ কোচ  ৰাজবংশী জনগোষ্ঠীৰ লোকসকল একত্রিত হোৱাটো নিতান্তই প্রয়োজন৷ ইয়াৰ অবিহনে জনগোষ্ঠীটোৰ সমস্যা কেতিয়াও সমাধান নহয়৷ নিজৰ অধিকাৰ লাভৰ বাবে লাখ লাখ কোচ  ৰাজবংশী লোক ৰাজপথলৈ ওলাই আহিব লাগিব৷ এই ভাষ্য ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ৷ গোৱালপাৰা জিলাৰ ধূপধৰাত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত গোৱালপাৰা জিলা কোচ  ৰাজবংশী ছাত্র সন্থাৰ অষ্টম দ্বিবার্ষিক অধিৱেশন আৰু     ৫১০সংখ্যক চিলাৰায় দিৱসত আজি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এনেদৰে উল্লেখ কৰি তেওঁ কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লাখ লাখ লোক একত্রিত হ’লেহে তেওঁলোকৰ সমস্যাসমূহ সমাধান হ’ব৷ জনজাতিকৰণৰ বাবে কোনোবাই যদি হেঙাৰ হৈ থিয় দিছে, তেন্তে লাখ লাখ কোচ ৰাজবংশী লোক ঐক্যবদ্ধ হৈ ৰাজপথত নামি দিয়ক৷ ইফালে মহাবীৰ চিলাৰায় সম্পর্কে ৰাভাই কয় যে মহাবীৰ চিলাৰায়ৰ আদর্শৰে আজিৰ যুৱপ্রজন্মই আগবাঢ়ি গ’লেহে ৰাজ্যখন শক্তিশালী হ’ব৷ কোচ ৰাজবংশী ছাত্র সন্থাৰ অষ্টম দ্বিবার্ষিক অধিৱেশন আৰু ৫১০সংখ্যক মহাবীৰ চিলাৰায় দিৱস উপলক্ষে ধূপধৰাৰ ৰাজহুৱা খেলপথাৰত আজি দ্বিতীয় দিনাৰ কার্যসূচীমর্মে পুৱা পতাকা উত্তোলন, শ্বহীদ তর্পণ, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্রতিচ্ছবিত মালার্পণ কৰাৰ পিছতে উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা৷ ধূপধৰা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ইমদাদুল হুছেইনে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্রাত জাতি–জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ অংশগ্রহণে বিশেষ মাত্রা প্রদান কৰে৷ ইয়াৰ পিছতে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি অনাদি ৰায় সৰকাৰৰ সভাপতিত্বত আয়োজন হোৱা মুকলি সভা উদ্বোধন কৰে সমাজসেৱক তথা সাংবাদিক কল্যাণ ৰায়ে৷ ইফালে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থকা লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যাপক বিমল কুমাৰ ৰায়ে কয় যে মহাবীৰ চিলাৰায়ৰ কর্মৰাজি আজিৰ প্রজন্মৰ মাজত বিয়পাই দিবলৈ সমাজৰ উন্নয়নৰ নেতৃত্ব বহন কৰি অহা একাংশই চৰম অৱহেলা কৰিছে৷ আনকি অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক পুনৰ প্রতিষ্ঠাৰ বাবে সুবিধা কৰি দিয়া মহাবীৰ চিলাৰায় শ্রীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰাও একপ্রকাৰ অৱহেলিত৷ এই প্রসংগতে তেওঁ কয়, শ্রীমন্ত শংকৰদেৱ সংঘ আৰু অসম সাহিত্য সভাই মহাবীৰ চিলাৰায়ে অসম আৰু অসমীয়াৰ উত্তৰণৰ বাবে যি অসাধ্য কার্য কৰি গ’ল, সেয়া জনমানসত প্রচাৰ আৰু প্রসাৰৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিব লাগে৷ সভাতে ‘পঞ্চৰঙী’ নামেৰে এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয়৷ স্মৃতিগ্রন্থখন উন্মোচন কৰে বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাই৷ সভাত বিভিন্ন জাতি–জনগোষ্ঠীয় সংগঠনৰ গোৱালপাৰা সমিতিসমূহৰ সভাপতিসকল উপস্থিত থাকে৷ মুকলি সভাৰ আদৰণী ভাষণ আগবঢ়ায় অভ্যর্থনা সমিতিৰ সভাপতি মাণিক হাজোৱাৰীয়ে৷

You might also like