নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটি দুটি নহয় একেলগে তিনিটি সন্তান জন্ম দিলে পূজাই

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ এটা, দুটা নহয় তিনিটা সন্তান জন্ম দিলে মৰিগাঁৱৰ পূজা চৌহানে । নগাঁৱৰ এ জি হাস্পতালত মৰিগাঁৱৰ এইগৰাকী মহিলাই দেওবাৰে তিনিটা সন্তান জন্ম দিয়াৰ পাচতেই এতিয়া আনন্দৰ বন্যা বিয়পিছে হাস্পতালখনৰ লগতে পৰিয়ালটোত ।

পূজা চৌহানে জন্ম দিয়া তিনিওটি সন্তানেই কন্যা সন্তান । বৰ্তমান তিনিওটি কন্যা আৰু মাতৃৰ অৱস্থা সম্পূৰ্ণ সুস্থ । মাতৃ পূজা চৌহানে ইয়াৰ বাবে সুখী হোৱাৰ লগতে তিনিজনী লখিমী ঘৰলৈ আহিছে বুলিয় সাংবাদিকৰ আগত কয় । ইফালে , হাস্পতাল কৰ্তৃপক্ষইও এই সফল অস্ত্ৰোপ্ৰচাৰত সুখী বুলি কোৱাৰ লগতে ইয়াৰ পূৰ্বেও এনেধৰণৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱা বুলি কয় ।

You might also like