১২-১৪মে’ত ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ
- ন-ৰূপত সজাই তোলা হৈছে ম’হঘুলি চাপৰি
- উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৮মে’–ঐতিহ্য আৰু পৰম্পৰাৰ সমাহাৰ ঘটাই অহা ১২মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ সকলো জাতি-জনগোষ্ঠীৰ মহামিলনৰ পূণ্যস্থলী ম’হঘুলি চাপৰিত উদযাপন কৰা হব ঢকুৱাখনাৰ ঐতিয্যমণ্ডিত ফাটবিহু উৎসৱ।আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত কৰি অহা ঢকুৱাখনাবাসীৰ আৱেগ,স্বাভিমান ফাটবিহু উৎসৱ ২০২৩ উদযাপনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ফাটবিহু সমিতি আৰু উদযাপন সমিতিয়ে। ঢকুৱাখনাৰ আয়োখৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম’হঘুলি চাপৰিৰ ৩৭বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক ন-ৰূপত সজাই তোলাত ব্যস্ত হৈ পৰিছে উদযাপন সমিতি।প্ৰায় ২৫ লাখ টকাৰ এক বাজেট গ্ৰহণ কৰি একৈশ খনকৈ উপ-সমিতিৰ বিষয়-ববীয়াই দিন ৰাতি একাকাৰ কৰি ফাটবিহুৰ প্ৰস্তুতি চলাইছে।ইতিমধ্যে ফাটবিহু উৎসৱ ২০২৩ উদযাপনৰ বাবে নিতুল বৰুৱাক সভাপতি,হৰেন দত্ত,ইন্দিৰা গগৈ আৰু চেনিৰাম গগৈক উপ-সভাপতি বনশ্যাম গগৈক সম্পাদক,মিনু দাস,দিলীপ কুমাৰ কোঁৱৰ আৰু নৱজিত হাজৰিকাক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।ফাটবিহু সমিতিয়ে জনোৱা অনুসৰি ১২ মে’ৰ পুৱা পতাকা উত্তোলনেৰে ফাটবিহু উৎসৱৰ তিনিদিনীয়া বৰ্ণিল কাৰ্য্যসূচী পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি নিতুল বৰুৱাই।
১১ বজাত বিভিন্ন ঠাইৰ পৰা অহা বিহু দলসমূহক আদৰণি পৰ্ব। ১১.৩০ বজাত মঞ্চ মুকলি কৰিব
ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকাই। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা সকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব অভিনেত্ৰী মৌ:নাম স্মৃতি পেগুৱে। ২.৩০ বজাত চেমনীয়া হুঁচৰি প্ৰতিযোগিতা।চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ডিব্ৰুগড়ৰ বিহুৱা জিতেন দাসে।দ্বিতীয় দিনা অৰ্থাৎ ১৩ মে’ৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত কপৌফুল আৰু গছ পুলি ৰোপণ।এই কাৰ্য্যসূচীত প্রকৃতিবিদ দেৱজিৎ ফুকনে অংশ লব।পুৱা ১০ বজাত গামোচা প্ৰতিযোগিতা।গামোচা প্ৰতিযোগিতাখন উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লাৱন্য শইকীয়া বৰুৱাই। দুপৰীয়া ১২ বজাত পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি ৰখা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব বিশিষ্ট বিহুৱা খগেন গগৈয়ে।বিয়লি ২ বজাত ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ ‘বিহুৱান’ উন্মোচন ।’বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক,সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।বিয়লি ২ বজাত কৃতী বিহুৱা-বিহুৱতী আৰু কৃষক সম্বৰ্ধনা অনুষ্ঠান।সম্বৰ্ধনা অনুষ্ঠানটি উদ্বোধন কৰিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।তৃতীয় দিনা তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসমীয়া চলচ্চিত্র জগতৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। দুপৰীয়া ১২ বজাত মুকলি বিহু প্ৰতিযোগিতা।ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব লোকশিল্পী একলব্য গামে। বিয়লি ২ বজাত ফাটবিহুৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা । বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে উদ্বোধন কৰিবলগীয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। মুকলি সভাত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,স্থানীয় বিধায়ক নৱ কুমাৰ দলে, অসম পৰ্যটন উন্নয়ন নিগমৰ অধক্ষ ঋতুপৰ্ণ বৰুৱাই বিশিষ্ট অতিথি উপস্থিত থাকিব।বিশিষ্ট সাহিত্যিক তথা গীতিকাৰ ডাঃ অঞ্জজ্যোতি চৌধুৰীয় নিদিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ চাদুল্লাৰ লগতে কেইবাজনো গণ্য-মান্য ব্যক্তি মুকলি সভাত উপস্থিত থাকিব। তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুবলিয়া ৰাইজৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা