মাননীয় মুখ্যমন্ত্রীৰ সমীপেষু: প্রাচীন সাহিত্য আমাৰ গৌৰৱ
- ড০ মালিনী
এগৰাকী ভাৰতীয় হিচাপে প্রাচীন ভাৰতীয় সাহিত্য বুলি ক’লে বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ কথাই বুজেজা৷ বৌদ্ধ ধর্মৰ পালি ভাষাত ৰচিত গ্রন্থসমূহো প্রাচীন ভাৰতীয় সাহিত্য৷ স্বাধীনতাৰ ভালেমান আগৰে পৰা বহুত পিছলৈকে অসমবাসীয়ে এই গ্রন্থসমূহক কেৱল ধর্মগ্রন্থ বুলি ভাবিছিল আৰু সেয়ে চাব–চুব নাপায়বুলি বিবেচনা কৰি কোনেও ঢুকি নোপোৱা ঠাইত সেই গ্রন্থসমূহ আছুতীয়াকৈ ৰাখিছিল৷ আমাৰ সমাজবোৰ অন্ধবিশ্বাসত ডুবগৈ থকাৰ সময়তে আমেৰিকা, ইংলেণ্ড, জার্মান, ইটালী আদি দেশৰ পণ্ডিত আৰু বিজ্ঞানীসকলে সংস্কৃত ভাষা শিকি প্রাচীন ভাৰতীয় সাহিত্যসমূহ খৰচি মাৰি পঢ়ি তাৰ পৰা যি নিষ্কাশন কৰিব লাগে সকলো কৰি লৈছিল৷ এয়া অনুমান বা কল্পনা কৰি কোৱা কথা নহয়৷ কেইবাটাও সৰু–বৰ উদাহৰণ আমাৰ হাতত আছে৷ ২০২২ চনৰ ২৭ নৱেম্বৰত এই কাকততে সেই বিষয়ে যিহেতু লিখিছিলোঁ, সেয়ে পুনৰ একেখিনি কথাকে উল্লেখ নকৰি আনকেইটামান কথা উদাহৰণসহ দিব খুজিছোঁ৷ আমাৰ মূল্যৱান গ্রন্থসম্পদবোৰৰ পৰা গুৰুত্বপূর্ণ কথাবোৰ অভাৰতীয় লোকে নিষ্কাশন কৰি লোৱাৰ বাবে আমি বেয়া পোৱা নাই, কিছু ক্ষেত্রত আনন্দহে পাইছোঁ৷ উদাহৰণস্বৰূপে, জার্মানৰ ভাৰতীয় সাহিত্যৰ পণ্ডিত মেক্সমূলাৰৰ এষাৰ মন্তব্যই আমাক গৌৰৱান্বিত কৰে৷ বেদৰ সম্পর্কত তেওঁ কৈছিল–‘বিশ্বৰ সকলো সাহিত্যৰ ভিতৰত বেদেই সকলোতকৈ প্রাচীন’৷ সেই মন্তব্য এজন বিদেশী পণ্ডিতে দিয়াৰ বাবে এই কথা চিৰদিনৰ বাবে শিলৰ খুঁটিৰ দৰে হৈ পৰিল৷
একেধৰণে ইটালীৰ কেইবাজনো পণ্ডিতে ৰামায়ণৰ কেইবাটাও খণ্ড ইটালীয় ভাষালৈ অনুবাদ কৰিছে৷ তাৰ ভিতৰত কার্লো ফর্মিচিৰ নাম বিষেশভাৱে উল্লেখ কৰিব পাৰি৷ কার্লো ফর্মিচিয়ে ৰামায়ণৰ কেইবাটাও খণ্ড ইটালীয় কবিতালৈ অনুবাদ কৰিছে৷ এইজন পণ্ডিতে নিজকে ইটালী দেশৰ বাল্মীকি বুলি পৰিচয় দিছিল৷ কাৰণ ইটালীয় শব্দ ‘ফর্মিকা’ মানে পৰুৱা৷ আদিকবি বাল্মীকিৰ ‘বাল্মীক’ শব্দৰ অর্থ উঁই পৰুৱা৷ (ড০ যোগীৰাজ বসু) ইটালীৰ মেকলে কাৰবাকেৰে মহাভাৰতৰ আখ্যানসমূহ ছন্দযুক্ত কবিতাৰে ইটালী ভাষালৈ অনুবাদ কৰিছে৷ ইটালীয় একাডেমীয়ে গ্রন্থখন পাঁচটা খণ্ডত প্রকাশ কৰিছে৷ এনেবোৰ কথাই আমাৰ মুখত হাঁহি বিৰিঙায়৷ ঠিক একেধৰণে প্রফেছৰ এ গ্রীথৰ এটা মন্তব্যই আমাক আনন্দ দিয়ে৷ আমি সৰুতে পুৰাণ অবিশ্বাস্য কথাৰ ভঁৰাল বুলি শুনিছিলোঁ, পিছতহে গম পালোঁ যে ১৮৯৯ চনতে প্রফেছৰ এ গ্রীথে এটা গৱেষণামূলক প্রবন্ধত উল্লেখ কৰি গৈছে যে পুৰাণত উল্লেখ থকা তথ্যবোৰ উলাই কৰা সহজ নহয়, কাৰণ পুৰাণসমূহ ভাৰতবর্ষৰ ইতিহাস৷ এফালে যেনেকৈ আমি আনন্দ পাওঁ, কেতিয়াবা আন্তঃৰাষ্ট্রীয় কিছুমান বাতৰিয়ে আমাৰ অন্তৰবোৰ জোকাৰি যায়৷ তেনেবাতৰিত আমি আনন্দ পাবলাগেনে লজ্জিত হ’ব লাগে নির্ণয় কৰিব নোৱাৰা হওঁ৷ উদাহৰণস্বৰূপে, ২০১৩ চনৰ এটা গুৰুত্বপূর্ণ বাতৰি আছিল এনেধৰণৰ–ইটালীৰ এজন গৱেষকে প্রাচীন ভাৰতৰ তপশক্তিৰে বলীয়ান ঋষি বিশ্বামিত্রৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰাৰ লগতে তেওঁৰ থেছিছখন বিশ্ববিদ্যালয়ে কিতাপ আকাৰে প্রকাশ কৰিছে৷ গৱেষক ছাত্রজনৰ গৱেষণাৰ বিষয় আছিল–’Sage Bishwamitra, the primary tutor of lord Rama’৷
এই সুন্দৰ বাতৰিটোৱে আমাক আনন্দ দিয়াতকৈ লজ্জিতহে কৰিলে৷ কাৰণ ব্রহ্মর্ষি বিশ্বামিত্র ভাৰতবর্ষৰ৷ ভাৰতীয় হৈ আমি ব্রহ্মর্ষি বিশ্বামিত্রৰ বিষয়ে গৱেষণা কৰাটো বাদেই, আনকি ঋষিজনৰ বিষয়ে গভীৰলৈ গৈ অধ্যয়নো কৰা নাই৷ সেয়ে বিদেশৰ এনে বাতৰিয়ে আমাৰ অন্তৰত দহন সৃষ্টি কৰে৷ ঠিক তেনেধৰণে ইটালীৰ আন এজন গৱেষক মৰিছ ডিক টিংকাৰে মহামুনি কাশ্যপৰ কামবোৰ অধ্যয়ন কৰি তেওঁক এজন ক্লনিং বিজ্ঞানী হিচাপে প্রতিপন্ন কৰিছে৷ কাৰণ প্রজাপতি দক্ষ আৰু তেওঁৰ পত্নী প্রসূতিৰ তেৰগৰাকী কন্যাক মহামুনি কাশ্যপে বিয়া কৰাইছিল৷ মুনিজনৰ ঔৰসত প্রতিগৰাকীয়েই সন্তান জন্ম দিলে, কিন্তু তেওঁলোকৰ সন্তান অকল মনুষ্য বা দেৱতা নহয়৷ মানৱ, দানৱ, নাগ, দৈত্য, অসুৰ আনকি উদ্ভিদো জন্ম হ’ল কাশ্যপ মুনিৰ ঔৰসত৷ আজিৰ বিজ্ঞানৰ যুগত এনেবোৰ কথা শুনিবলৈ আচহুৱা আৰু প্রত্যয় নজন্মা কথা৷ সেয়ে আমি এই কথাবোৰ পুৰাণৰ অবিশ্বাস্য কথা বুলি গুৰুত্ব দিয়া নাছিলোঁ৷ কিন্তু টিংকাৰৰ গৱেষণাই এই পৌৰাণিক ঘটনাটো পুনৰবাৰ গভীৰভাৱে চিন্তা কৰিবলৈ সম্বল যোগাইছে৷ তেওঁ দেখুৱাইছে যে পৰিস্থিতি তন্ত্রৰ সমতা ৰক্ষা কৰিবৰ বাবেই মুনিজনৰ বিভিন্ন জীৱ–জন্তু আৰু উদ্ভিদ জন্ম দিয়াটো আৱশ্যক হৈ পৰিছিল৷ কাশ্যপক যিহেতু জীৱৰ সৃষ্টিৰ বাবে নিয়োগ কৰা হৈছিল, সেয়ে মুনিজনে বৈজ্ঞানিক চিন্তাধাৰাৰে পত্নীসকলৰ সহযোগত বিভিন্ন জীৱৰ জন্ম দিছিলবুলি অনুমান কৰিব পাৰি৷ কাৰণ জীৱৰ দেহলৈ খাদ্যৰ জৰিয়তেহে শক্তি আহে৷ খাদ্যৰ মাজেৰেই এবিধ জীৱই আনবিধ জীৱৰ পৰা শক্তি আহৰণ কৰে৷ গছ–লতা, তৰু–তৃণ, পশু–পক্ষী সকলোকে জীয়াই থাকিবৰ বাবে খাদ্য শৃংখল আৰু নিজ নিজ সুস্থ পৰিৱেশৰ আৱশ্যক৷ সেই পৰিৱেশ বিনষ্ট হ’লেই জীৱ জগতত আউল লাগে, এনেধৰণৰ বাতৰিয়েও আমাক লজ্জিত কৰে৷ মনতে প্রশ্ণ হয়– আমি কিয় এনেবোৰ বিষয় বৈজ্ঞানিক মানসিকতাৰে চিন্তা কৰিব নোৱাৰোঁ? ৰামায়ণৰ বাহিৰে আন কোনো কাব্য বা গ্রন্থ বিশ্বব্যাপী অধ্যয়ন, গৱেষণা আৰু চর্চা হোৱাৰ কথা জনা নাযায়৷ অভাৰতীয় লোকৰ, বিশেষকৈ গৱেষক ছাত্র–ছাত্রীসকলৰ আমাৰ মহাকাব্য দুখনৰ সম্পর্কত চর্চা, গৱেষণা আৰু নতুন কিবা তথ্য উদ্ধাৰ কৰিবলৈ গভীৰৰ পৰা গভীৰলৈ যোৱাৰ আগ্রহতি বেছি৷ কিন্তুবৰ পৰিতাপৰ কথা যে অসমত প্রাচীন ভাৰতীয় সাহিত্য, বিশেষকৈ ৰামায়ণ–মহাভাৰতৰ্ সম্পর্কত কৰা গৱেষণা আজিও চালুকীয়া অৱস্থা৷ এইক্ষেত্রত অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক গধুৰ দায়িত্ব থকা আৱশ্যক৷
এইখিনিতে মাননীয় মুখ্যমন্ত্রীৰ জ্ঞাতার্থে আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ৷ ভাৰতবর্ষত প্রাদেশিক ভাষাত সৃষ্টি হোৱা ৰামায়ণসমূহক জনপ্রিয় কৰিবলৈ প্রতিখন ৰাজ্যই চেষ্টাৰ ত্রুটি কৰা নাই৷ যোৱা ২৫ মার্চত ‘নিয়মীয়া বার্তা’ কাকতত এটা বাতৰি পঢ়িবলৈ পাইছিলোঁ যে উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌত গোস্বামী তুলসীদাসৰ ‘ৰামচৰিত মানস’ৰ সম্পর্কত কিছু বিতর্ক আৰু হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হৈ থকাৰ সময়তে আৰ এছ এছৰ সংগঠন এটাই দাবী উত্থাপন কৰিছে যে ‘ৰামচৰিত মানস’ক ৰাষ্ট্রীয় গ্রন্থ হিচাপে ঘোষণা কৰিব লাগে৷– হিন্দী ভাষাৰ ৰামায়ণ ‘ৰামচৰিত মানস’ অসমৰ ‘মাধৱ কন্দলি ৰামায়ণ’, বাঙালীসকলৰ ‘কৃত্তিবাসী ৰামায়ণ’, তামিলসকলৰ ‘কম্বৰামায়ণ’, তেলুগুসকলৰ ৰংগনাথ ৰামায়ণৰ দৰে জাতীয় গ্রন্থ৷ গ্রন্থ এখন কোন পর্যায়ৰ, সেই কথা নির্ভৰ কৰে গ্রন্থখনৰ গুণাগুণ, মানবিশিষ্ট, গভীৰতা, ব্যাপকতা, ব্যৱহার্যতা, গৱেষণাৰ সম্বল, জনপ্রিয়তা ইত্যাদিৰ ওপৰত৷ তেনে গ্রন্থক উচ্চ স্থানত প্রতিষ্ঠা কৰিবলৈ আন্দোলন অথবা দাবীৰ আৱশ্যক নাই৷ সেই গ্রন্থই আপোনাআপুনি নিজ স্থানত প্রতিষ্ঠিত হ’ব৷ গোস্বামী তুলসীদাসৰ ‘ৰামচৰিত মানস’ নিঃসন্দেহে এখন উত্তম হিন্দী ৰামকাব্য৷ তুলসী দাসৰ ৰামায়ণ অবাল্মীকীয় কথাৰে ভৰপূৰ হ’লেও ধর্ম, ভক্তিৰস, সুন্দৰ কাহিনী আৰু সাহিত্যৰে ‘ৰামচৰিত মানস’ এখন মহত্ত্বপূর্ণ গ্রন্থ৷ তেনে এখন গ্রন্থৰ ৰাষ্ট্রীয় পর্যায়ৰ স্থানৰ বাবে আন্দোলন অথবা দাবী কৰিবলগীয়া কথা থাকিব নালাগে৷ স্বতঃস্ফূর্তভাৱেই ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত চর্চিত হ’ব লাগে৷ তদুপৰি ‘ৰামচৰিত মানস’ হিন্দী ভাষাত ৰচিত, যিটো গ্রন্থখনৰ আটাইতকৈ যোগাত্মক দিশ৷ কিন্তু এটা কথা আমি নিশ্চয়কৈ জানিব লাগিব যে গৱেষণাৰ উৎস সম্বলিত সম্ভাৰ নাথাকিলে অকল সাহিত্যৰ ৰস অথবা ধর্ম, ভক্তি, মনোৰম কাহিনীৰে এখন গ্রন্থ বিশ্ব দৰবাৰলৈ নিব নোৱাৰি৷ এইক্ষেত্রত ‘মাধৱ কন্দলি ৰামায়ণ’ ব্যতিক্রমধর্মী প্রাদেশিক ৰামায়ণ৷ বাল্মীকি ৰামায়ণৰ দৰে অসমীয়া ৰামায়ণতো ভক্তি, ধর্ম, হাস্য, কৰুণকে মুখ্য কৰি সাহিত্যৰ নৱৰসৰ সমাৱেশ ঘটাৰ উপৰি প্রতিটো অধ্যায়ত বিভিন্ন বিষয়ৰ গৱেষণাৰ সম্বল ঠাহ খাই আছে৷
মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ যিহেতু অসমক ভাৰতবর্ষৰ প্রথমখন ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা আছে, সেয়ে উক্ত কথাখিনি অৱগত কৰিলোঁ, যাতে বাকী কামৰ সমান্তৰালভাৱে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্রতিষ্ঠা হ’বলগীয়া শ্রীমন্ত শংকৰদেৱৰ নামত আসন আৰু অসম তথা উত্তৰ–পূবৰ সভ্যতা–সাহিত্য–সংস্ কোষত ৰামায়ণ, মহাভাৰত, বেদ আদিৰ অধ্যয়ন আৰু গৱেষণাও যাতে চলিত বর্ষৰ ভিতৰতে আৰম্ভ হয়, তাকেই আশা কৰিলোঁ৷ মুখ্যমন্ত্রী মহোদয় যিহেতু দূৰদর্শী আৰু স্থিৰ লক্ষ্যৰ ব্যক্তি, সেয়ে আমি আশাবাদী৷