নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখ সৃষ্টিকাৰী ড০ শর্মাৰ দুবছৰীয়া চৰকাৰখন

  • তৰেণ বড়ো

চাওঁতে চাওঁতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ভাৰতীয় জনতা পার্টী, অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ জেজাটবন্ধন চৰকাৰে অহা ১৪ মে’ত দুবছৰ অতিক্রম কৰিবৰ হ’ল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত বিজেপিৰ লগতে অগপৰ দুজনকৈ কেবিনেট মন্ত্রী আৰু ইউ পি পি এলৰ এজনকৈ মন্ত্রীয়ে এই দুবছৰত যথেষ্ট বিকাশমূলক নতুন নতুন আঁচনি তৈয়াৰ কৰি  উন্নয়নত অগ্রসৰ হোৱা বুলি চৰকাৰী তথ্যৰ লগতে ভু–ৰখা মহলে ক’ব বিচাৰে৷ এহক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বলিষ্ঠ নেতৃত্বতে কিছুমান ন ন আঁচনি তৈয়াৰ কৰি মেৰা ভাৰত মহানলৈ অগ্রসৰ হ’বলৈ সক্ষম হৈছে আৰু নতুন প্রজন্মৰ বাবে বিজ্ঞান, প্রযুক্তিবিদ্যাত নিপুণতা দেখুৱাবলৈ সক্ষম হৈছে৷ দেশ–বিদেশৰ লগত ফেৰ মাৰি ভাৰতবর্ষত এক নতুন দিগন্ত ৰচনা কৰাৰ প্রয়াস কেন্দ্রীয় চৰকাৰৰ আঁচনিত দেখিবলৈ পোৱা গৈছে৷ এহক্ষেত্রতInformation Technology, Digital India লৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টা মন কৰিবলগীয়া৷
অসমতো ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত প্রায় ৮০ শতাংশতকৈও অধিক উন্নয়নৰ পথ মুকলি হোৱা দেখিবলৈ পোৱা গৈছে৷ কৃষিৰ পৰা ক্ষুদ্র উদ্যোগ, কুটীৰ শিল্প, বাণিজ্য, শিক্ষা, চিকিৎসা সেৱা, হস্ততাঁত, পর্যটন আদি বিভিন্ন ক্ষেত্রত যথেষ্ট অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ কৃষকলৈ বিভিন্ন ধৰণৰ প্রশিক্ষণ, ঋণ, সা–সুবিধা আগবঢ়োৱাৰ লগতে উৎপাদিত শস্য ডচিত মূল্যত ক্রয় কৰি চৰকাৰে কৃষিখণ্ডলৈ পৰিৱর্তন আনিবলৈ কৰা প্রচেষ্টাসমূহ শলাগিবলগীয়া৷ ঠিক তেনেদৰে মীনপালন, পশুপালন আদিতো পৰিৱর্তন দেখিবলৈ পোৱা গৈছে৷
অসমত প্রথমবাৰৰ বাবে উচ্চমানৰ চিকিৎসা সেৱাৰ বাবে এইমছৰ দৰে চিকিৎসালয়, জিলাহ জিলাহ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ আঁচনি, বিভিন্ন স্থানত কর্কট ৰোগীৰ সুবিধার্থে অত্যাধুনিক চিকিৎসালয় স্থাপনৰ আঁচনিসমূহ সফলভাৱে ৰূপায়ণ হোৱাৰ দিশত আগবাঢ়িছে আৰু হয়াৰ দ্বাৰা জনসাধাৰণে গুৱাহাটী বা অইন ৰাজ্যলৈ নোযোৱাকৈয়ে সুলভ মূল্যত চিকিৎসা পাবলৈ সক্ষম হৈছে৷ বিভিন্ন স্থানত চিকিৎসা মহাবিদ্যালয়সমূহ গঢ়ি তোলাৰ বাবেহ বহুতো মেধাৱী ছাত্র–ছাত্রীয়ে অতি কম খৰচতে নিজ ৰাজ্যতেহ অধ্যয়নৰ বাবে সুযোগ লাভ কৰিছে৷ অদূৰ ভৱিষ্যতে ৰাজ্যখনত থকা চিকিৎসক, নার্ছ আদিৰ অভাৱ দূৰীকৰণৰ ক্ষেত্রত ই যথেষ্ট সহায়ক হ’ব বুলিও আশা কৰিব পাৰি৷
ৰাজ্যখনত শিক্ষাৰ প্রচাৰ আৰু মান উন্নীত কৰাৰ বাবেও এহ চৰকাৰখনে লোৱা আঁচনিসমূহেও সঠিক গতিত আগবাঢ়িব লাগিছে৷ সদ্যঘোষিত গুণোৎসৱৰ ফলাফলতA+ গ্রেড প্রাপ্ত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পোৱাটো এক শুভ লক্ষণ বুলিব পাৰি৷ তদুপৰি কিছুমান অনুন্নত এলেকা যেনে– চাহ বাগিচা, চৰ অঞ্চল, জনজাতি অধ্যুষিত অঞ্চলত শিক্ষাৰ মান ডন্নীত কৰিবলৈ আৰু ছাত্র–ছাত্রীসকলক ডৎসাহিত কৰিবলৈ মডেল বিদ্যালয় স্থাপনৰ ব্যাৱস্থা মন কৰিবলগীয়া৷ হতিমধ্যে চাহ বাগিচাসমূহত এনে বিদ্যালয়সমূহৰ নির্মাণৰ কাম ক্ষিপ্র গতিত আগবাঢ়িছে৷ ঠায়ে ঠায়ে বিভিন্ন কাৰিকৰী শিক্ষা প্রতিষ্ঠান, দীনদয়াল উপাধ্যায় কলেজ, কেহবাখনো নতুন বিশ্ববিদ্যালয় স্থাপন, কেহবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পর্যায়লৈ ডন্নীতকৰণ, অধিক অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰি উচ্চ শিক্ষাখণ্ডলৈকো পৰিৱর্তন আনিবলৈ চৰকাৰখনে  উল্লেখযোগ্য পদক্ষেপ লৈছে৷ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যও স্থিৰ কৰি লৈছে৷
অসম চৰকাৰে ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ চনৰ লগত সংগতি ৰাখি নতুন শিক্ষানীতি তৈয়াৰ কৰি কিছু শিক্ষা উপদেষ্টা বোর্ড গঠন কৰি ইয়াৰ ক্ষিপ্র ৰূপায়ণত আগবাঢ়িছে৷ শিক্ষক নিযুক্তিৰ বাবে টেট পৰীক্ষা পাতি শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ প্রয়াস কৰা হৈছে৷ দুখীয়া ছাত্র–ছাত্রীৰ বাবে বৃত্তি দিয়াৰ ব্যৱস্থা, সুকটী, চাইকেল প্রদান, নামভর্তি আৰু হোষ্টেলৰ মাচুল ৰেহাই, বিনামূলীয়াকৈ পাঠ্যপুথি যোগানকে আদি কৰি নানা আঁচনি নিখুতভাৱে ৰূপায়ণ কৰিবলৈ প্রয়াস কৰাও দৃষ্টিগোচৰ হৈছে৷ যোৱা ৩১ মার্চ ২০২৩ত বডোফা উপেন্দ্র নাথ ব্রহ্মৰ জন্ম দিৱস ছাত্র দিৱস হিচাপে চৰকাৰী হিচাপে ঘোষণা কৰি ছাত্র–ছাত্রীসকলৰ বাবে বহুতো কল্যাণমূলক আঁচনিৰ ব্যৱস্থা কৰাৰ বলিষ্ঠ পদক্ষেপক বডো জনগোষ্ঠী, নিখিল বডো ছাত্র সন্থা, বডো সাহিত্য সভা আৰু অন্যান্য বডো জাতীয় সংগঠনৰ লগতে অসমৰ বৌদ্ধিক সমাজে ডষ্ম আদৰণি জনাহছে৷ শিক্ষাৰ উন্নতিৰ ক্ষেত্রত অসম চৰকাৰে বডো সাহিত্য সভা আৰু বডোসকলৰ দীর্ঘদিনীয়া দাবীৰ প্রতি সন্মান জনাহ দ্বাদশ শ্রেণীলৈকে বডো মাধ্যমৰ প্রৱর্তন, বডো ক প্রবক্তা নিযুক্তিৰ ক্ষেত্রত আসোঁৱাহ দূৰ কৰিবলৈRoster Policy ক Single Cadre কৰি উপকৃত কৰিছে৷ এহ বলিষ্ঠ পদক্ষেপৰ বাবে বডো জনগোষ্ঠীয়ে চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে৷
বর্তমান অসমত ক’বলৈ গ’লে, কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু প্রায়বোৰ উগ্রপন্থী সংগঠনৰ লগত আলোচনা–বিলোচনাৰ মাজেৰে যথেষ্ট শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বতেহ কেহবাটাও সংগঠনৰ লগত শান্তিচুক্তিও স্বাক্ষৰ কৰা হৈছে আৰু প্রায়বোৰ সংগঠনে মূলসুঁতিলৈ ঘূৰি আহি শান্তি প্রক্রিয়া আৰু ৰাজ্যৰ সামগ্রিক উন্নয়নত সহায় আগবঢ়াহছে৷ জাতি গোষ্ঠীৰ ডন্নয়নৰ কাৰণে স্বায়ত্ত পৰিষদ গঠন কৰি উন্নয়নৰ দিশত আগবাঢ়িছে৷ ই এক শুভলক্ষণ লগতে চৰকাৰৰ সাফল্য বুলি ক’লেও ভুল নহয়৷
এহ সময়ছোৱাত দৃষ্টিগোচৰ হোৱা আন এক উল্লেখযোগ্য দিশ হৈছে অতি ক্ষিপ্র গতিত অসমৰ গাঁও, নগৰ–চহৰ সকলোতে ৰাষ্ট্রীয় ঘাহপথৰ মেৰামতি আৰু বহলিকৰণ, অন্যান্য বাটপথ, দলং, ডৰণীয়া সেতু আদিৰ নির্মাণকার্য৷ বান নিয়ন্ত্রণৰ হেতু চলি থকা মথাডৰি, বান্ধ, জলসিঞ্চন আঁচনিৰ নির্মাণ আৰু মেৰামতিৰ কাম–কাজো বিভাগসমূহে চলাই থকা দেখা গৈছে৷ কেইবা ঠাইতো মহাবাহু ব্রহ্মপুত্রৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপনৰ লগতে নির্মাণকার্যও ক্ষিপ্রতাৰে আৰম্ভ হৈছে৷
ৰাজ্যখনলৈ অধিক পর্যটকক আকর্ষিত কৰিবলৈ নদীদ্বীপ মাজুলী, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান, কামাখ্যা দেৱালয়, পোৰাণিক মঠ–মন্দিৰ, বুৰঞ্জীমূলক কীর্ত্তি চিহ্ণ থকা ঠাহসমূহকে আদি কৰি প্রতিখন ঠাহৰে সংৰক্ষণ আৰু আন্তঃগাঁথনি ডন্নত কৰিবলৈ কেইবাখনো আঁচনি প্রস্তুত কৰিছে৷ যাৰ ফলস্বৰূপে অসমলৈ প্রতিবছৰে পর্যটকৰ আগমনে ৰেকর্ড গঢ়িবলৈ লৈছে৷ গুৱাহাটী মহানগৰত ব্রহ্মপুত্রৰ কাষে কাষে সৌন্দর্যবর্ধন, ঠায়ে ঠায়ে নতুন ৰাজহুৱা উদ্যান, শিশুসকলৰ বাবে ডদ্যান, ৰিজর্ট আদিৰ নির্মাণে ভৱিষ্যতে এহ দিশত আৰু অৰিহণা যোগাব আৰু ৰাজ্যখনৰ আর্থিক দিশতো সকাহ দিব লগতে কর্ম–সংস্থাপনৰ বহুতো বাট ডলিয়াব বুলি আশা কৰিব পাৰি৷ চৌদিশে বিৰাজ কৰা শান্তিৰ বাতাৱৰণ আৰু বাট–পথৰ ডন্নীতকৰণেও এহক্ষেত্রত যথেষ্ট সহায়ক হৈছে৷ বহিঃ ৰাজ্যত বিশেষকৈ ছাত্র–ছাত্রী, ৰোগী আদিক সহায় কৰিবলৈ দিল্লীকে আদি কৰি দেশৰ কেহবা ঠাহতো অসম হাডছ, অতিথিশালা আদি নির্মাণ কৰিবলৈ আগবাঢ়িছে৷
ৰাজ্যখনৰ শিপিনীসকলৰ সহায়ৰ বাবেও চৰকাৰখনে আঁচনি লৈছে৷ মেচিন অথবা পাৱাৰ লুমত তৈয়াৰী গামোচা, মেখেলা চাদৰ আদিৰ বিক্রীত নিষেধাজ্ঞা জাৰি কৰি দুখীয়া শিপিনীসকলক যথেষ্ট সকাহ দিছে৷ অসমৰ স্বাভিমান গামোচা, পাট–মুগাৰ বস্ত্র সম্ভাৰক বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত কৰিবলৈকো ডল্লেখনীয় পদক্ষেপ হাতত তুলি লৈছে৷
চৰকাৰখনে শপতগ্রহণ কৰি কার্যভাৰ লোৱাৰে পৰা আজিপর্যন্ত ড্রাগ্ছৰ দৰে বৰবিহৰ বিৰুদ্ধে চলাই অহা অভিযান, বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ আইন প্রণয়ন, বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ নির্মাণকার্য বন্ধ কৰি সত্র, বনাঞ্চল, জলাশয় আদিৰ ভূমি ডদ্ধাৰ কৰা, ভূমিহীনক পট্টা দিয়া আদিৰ দৰে অনেক প্রশংসনীয় পদক্ষেপ হাতত লৈছে যিবিলাক আগতে হৈ উঠা নাছিল বুলিলে ভুল নহ’ব৷
অসমৰ গাঁও, নগৰ, চহৰ সকলোতে বৃদ্ধ, দিব্যাংগ, মহিলা, শিশু সকলোকে বিশেষ আঁচনিৰ দ্বাৰা ডপকৃত কৰিবলৈ আগবাঢ়ি আহিছে৷ মহিলা সবলীকৰণৰ বাবে আত্মসহায়ক গোট গঠন,SOS কেন্দ্রসমূহৰ ডন্নীতকৰণ, অৰুণোদয় আঁচনি, মিছন বসুন্ধৰা, অটল অমৃত যোজনা, আয়ুষ্মান কার্ড, বৃদ্ধ পেন্সন, ৰেচন কার্ড আদিৰ দৰে বহুতো জনকল্যাণমূলক আঁচনি তৈয়াৰ কৰি এক অভিলেখ এহ চৰকাৰে সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ জনজাতিসকলৰ বাবে বিশেষ উন্নয়নৰ বাট মুকলি কৰি দিয়াৰ ব্যৱস্থাও হাতত লোৱা দেখা গৈছে৷
এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্যত উপনীত হ’বলৈকো এহখন চৰকাৰে পর্যায়ক্রমে আগবাঢ়িছে৷ চৰকাৰে দুর্নীতিমুক্ত অসম গঢ়াৰ বাবেও লক্ষ্য বান্ধি লৈ মুখ্যমন্ত্রীৰ বিশেষ ভিজিলেন্স কক্ষ স্থাপন কৰি প্রতিদিনে অভিযান চলাই আছে৷ হয়াত জনগণৰ সহায়–সাৰথিৰ অতি প্রয়োজন হ’ব৷ অসম চৰকাৰে আজাদী কা অমৃত মহোৎসৱ আৰুG–২০ সন্মিলনৰ লগত সংগতি ৰাখি কিছুমান আঁচনি যুগুতাহছে৷ প্রাথমিক আৰু মাধ্যমিক শিক্ষা ডন্নীতকৰণৰ বাবে শিক্ষা সেতু অসম পর্টেল আঁচনি হাতত লৈছে৷ দেশৰ ভিতৰতেহ প্রথমখন আমাৰ অসম ৰাজ্য য’ত বর্ষীয়ান পিতৃ–মাতৃ আৰু নির্ভৰশীল দিব্যাংগ ভাতৃ–ভগ্ণীসকলৰ মর্যাদাসম্পন্ন জীৱন নিশ্চিত কৰাৰ বাবে নিৰীক্ষণ আহন ২০১৭, প্রণাম আঁচনি হাতত লোৱা হৈছে৷ চৰকাৰখনে এহ বিভিন্ন আঁচনিসমূহৰ লগত কেন্দ্রীয় চৰকাৰৰ নানা জনকল্যাণমূলক আঁচনিৰ কাম কাজসমূহো অতি গুৰুত্ব সহকাৰে আগবঢ়াহ নিয়া দৃষ্টিগোচৰ হৈছে৷
অসম চৰকাৰে বিটিআৰ পৰিষদৰ অন্তর্গত অঞ্চলত চৰকাৰী ভূমিপট্টাৰ ব্যৱস্থাকে আদি কৰিBodoland Welfare Development হকে যোৱা বাজেটত ধন আবণ্টন দি অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সুবিধা প্রদান কৰিছে৷ পৰিষদে আন্তঃগাঁথনি ডন্নয়ন, বিদ্যালয় নির্মাণ, বাট–পথ, মথাডৰি নির্মাণ, জলসিঞ্চন, বান্ধ, চিকিৎসা সেৱা আদিৰ বাবে কিছু আঁচনি অসম চৰকাৰৰ লগতে সমান্তৰালভাৱে যুগুত কৰি খিলঞ্জীয়া লোকসকলৰ আর্থ–সামাজিক, ডন্নয়নৰ বাবে কাম কৰাৰ প্রয়াস কৰিছে৷ এইক্ষেত্রত পৰিষদখনে বিশেষ ভূমিকা লোৱাৰ দয়িত্ব আছে৷ চৰকাৰখনে সদ্য স্থাপিত বডো কছাৰী কল্যাণ পৰিষদৰ লগতে অসমৰ পাহাৰ–ভৈয়াম অঞ্চলত থকা অন্যান্য জনজাতীয় পৰিষদৰ বাবেও অর্থ আবণ্টনৰ ব্যৱস্থা কৰিছে যাতে বৰাক ব্রহ্মপুত্র ডপত্যকাৰ লগতে পাহাৰীয়া অঞ্চলৰো সম ডন্নয়ন সম্ভৱপৰ হৈ উঠে৷
অসমৰ  ইতিহাস ৰচনা কৰি বৃহত্তৰ অসম গঢ়াত অদম্য বৰঙণি আগবঢ়াহ যোৱা বীৰ–বীৰাংগনা, শ্বহীদসকলক স্মৰণ কৰিও চৰকাৰখনে এহ সময়ছোৱাত অনেক আঁচনি ঘোষণা কৰিছে৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম দিৱস বীৰ লাচিত দিৱস কেন্দ্রীয়ভাৱে নতুন দিল্লীত উদযাপন কৰি এক আন্তর্জাতিক পর্যায়লৈ নিয়াৰ প্রচেষ্টা কৰা হয়৷ এহ অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত বীৰ লাচিত সম্পর্কীয় লেখাই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়৷
অসমৰ সমাজ জীৱনত অদম্য বৰঙণি আগবঢ়োৱা কিছু বৰেণ্য ব্যক্তিক অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ আদি বঁটা আৰু সন্মান প্রদানৰ ব্যৱস্থা লৈছে৷ তেনেদৰে ৰাজ্যখনৰ সন্মানীয় সাহিত্যিক, শিল্পী আৰু বৰেণ্য ব্যক্তিসকলকো বঁটা, পেন্সন আদিৰে পুৰস্কৃত কৰিছে৷ চৰকাৰখনে ক্রীডা, সংস্কৃতি আদি দিশত বিশেষ পাৰদর্শিতা দেখুৱাহ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াহ অনা অসম সন্তানসকলক সন্মানিত কৰিবলৈ অলপো কৃপণালি কৰা নাহ৷ বিশেষকৈ বিভিন্ন ক্রীডা প্রতিয়োগিতাত অসমৰ নাম ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত ডজলাহ পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱাসকললৈ আর্থিক অনুদান, চৰকাৰী চাকৰি আৰু অন্যান্য সা–সুবিধা আগবাঢ়াহছে৷
চৰকাৰে প্রশাসনিক পৰীক্ষাসমূহৰ লগতে বৃত্তিমূলক প্রশিক্ষণ লোৱা মেধাৱী প্রার্থীক উদগনিমূলক আর্থিক সাহায্য প্রদান কৰিছে৷ উগ্রপন্থী দলত থকা যিসকলে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহি শান্তি প্রক্রিয়াত যোগ দিছে তেওঁলোককো সংস্থাপন আৰু আর্থিক অনুদান আগবঢ়াহছে৷
এহখন চৰকাৰে প্রশাসন আৰু সাধাৰণ ৰাহজৰ মাজত ব্যৱধান কমাবলৈ মন্ত্রীসভাৰ কেবিনেট বৈঠক কেৱল ৰাজধানী দিছপুৰতেহ সীমাবদ্ধ নাৰাখি ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰি আহিছে৷ বিধানসভাৰ অধিৱেশনো ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰিবলৈ যো–জা কৰিছে৷
অসম চৰকাৰৰ বিশাল আয়োজনত উৎসাহিত হৈ এহবেলি ৰঙালী বিহুত প্রায় ১১ হাজাৰ বিহুৱা বিহুৱতীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখত বিহুনাচ পৰিৱেশন কৰে আৰু দুটাকৈ বিশ্ব অভিলেখ গঢ়ি গৌৰৱান্বিত কৰি তোলে৷
মুঠতে বর্তমানৰ চৰকাৰে যোৱা দহ বছৰত কৰিব নোৱাৰা বহুতো কাম এহ দুবছৰতেহ কৰি এক অভিলেখ সৃষ্টি কৰা বুলি ভু–ৰখা মহলে ক’ব বিচাৰে৷ হ দক্ষ আৰু জনপ্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মাৰ দূৰদর্শিতা আৰু পার্গতালিৰ পৰিচয় বুলি ক’ব লাগিব৷ অনাগত সময়ছোৱাত এই চৰকাৰখনে বিভিন্ন খাদ্য–সামগ্রী, ৰন্ধন গেছ, বিদ্যুৎ মাচুল, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আঁচনি প্রস্তুত কৰি জনতাক সকাহ দিব বুলি আশাবাদী৷ বিগত দুটা বর্ষৰ কার্যাৱলী লৈ চাহ চৰকাৰখনে অনেক ক্ষেত্রত সফলভাৱে ৰাজ্যখনক আগুৱাই নিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে৷ ডপযুক্ত আঁচনি আৰু পদক্ষেপ হাতত ল’ব পাৰিলে বিফলতাবিলাকো লোপ পাই আহিব আৰু ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ অসমখনক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত প্রতিষ্ঠা কৰাৰ সপোনটো বাস্তৱত পৰিণত হ’ব৷

You might also like