নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচিত ১২ হাজাৰ কোটি টকা মূল্যৰ ড্রাগছ জব্দ

বিশেষ বাৰ্তা, ১৪ মেঃ ১৫ দিন পূর্বে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত নার্কোটিক্স কণ্ট্ৰল  ব্যুৰ’, চমুকৈ এনচিবি আৰু ভাৰতীয় নৌবাহিনীয়ে যুটীয়াভাৱে অভিযান চলাই আৰব সাগৰৰ উপকূলীয় কোচিত জাহাজত দেশৰ ড্রাগ্ছবিৰোধী সর্ববৃহৎ সফল অভিযানত ১২ হাজাৰ কোটি টকা মূল্যৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হয়৷ কেৰালা উপকূলীয় কোচিত এনচিবি আৰু নৌ বাহিনীয়ে অভিযান চলাই ২৫০০ কিলোগ্রাম উচ্চমানৰ মেথামফেটামিন জব্দ কৰে৷ ইয়াৰ মূল্য হৈছে ১২ হাজাৰ কোটি টকা৷ উক্ত ড্রাগ্ছখিনিৰ সৈতে পাকিস্তানী নাগৰিক এজনকো গ্রেপ্তাৰ কৰা হৈছে৷ ইৰাকৰ পৰা অষ্ট্রেলিয়ালৈ সৰবৰাহ কৰাৰ সময়তে আফগানিস্তানৰ পৰা অহা এই বৃহৎ পৰিমাণৰ ড্রাগ্ছখিনি কোচিত এনচিবি আৰু নৌবাহিনীয়ে যুটীয়া অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে আফগানিস্তানৰ পৰা অহা ড্রাগ্ছসমূহ জব্দ কৰাৰ লক্ষ্যৰে ‘অপাৰেচন সমুদ্রগুপ্ত’ আৰম্ভ কৰা হৈছিল৷ এই অপাৰেচনৰ অংশ হিচাপে অভিযান চলাই গোপন সূত্রৰ ভিত্তিত এনচিবি–নৌবাহিনীয়ে ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ সাগৰীয় উপকূল অঞ্চলৰ কেৰালাৰ পৰা গুজৰাটলৈকে বিভিন্ন সময়ত ড্রাগ্ছ জব্দ কৰি আহিছে৷

You might also like