নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ সোণাৰিত সেনাৰ অভিযানত মাৰ্ঘেৰিটাৰ পৰা অহা এজন আলফা সদস্য আটক হয় । ধৃত আলফা স্বাধীনৰ সদস্যজন ২৬ জানুৱাৰীৰ টীয়কঘাট বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে ।
বলীন বৰুৱা নামৰ সদস্যজনৰ পৰা এটা 7.65 পিষ্টল , এটা মেগজিন , তিনি জাই সজীৱ গুলী উদ্ধাৰ কৰে সেনাই । চৰাইদেউ জিলাৰ নিজখালৈঘুগুৰাৰ এইজন আলফা সদস্যক আটক কৰাৰ পাচতেই সেনাই সোণাৰি আৰক্ষীক গতাই দিয়ে ।
ইয়াৰ পূৰ্বেও এইজন আলফা সদস্যক ২০১৫ আৰু ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে ।