নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ গোৱালপাৰাৰ মাকৰিত ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে বিয়লি যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ২০ জনতকৈ অধিক লোক । আহতসকলৰ ভিতৰত কেইবাটিও শিশু আছে ।
আহতসকলক চিকিৎসাৰ বাবে ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত AS17B 5519 নম্বৰৰ বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল ।