বিশেষ বাৰ্তা, ১৪ মেঃ মাতৃ পুত্ৰৰ সাফল্যই এইবাৰ দৃষ্টি কাঢ়িছে বিশ্বনাথবাসীৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ একেলগে উত্তীৰ্ণ হৈছে মাতৃ পুত্ৰ। স্বাভাৱিকতে এই খৱৰে ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথৰ গুৱালতলিৰ বৰজাহান আলিৰ পত্নী আৰু পুত্ৰই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মাতৃ মনোৱাৰা খাতুনে বিশ্বনাথৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱাৰ বিপৰীতে বিশ্বনাথৰ লিটিল ষ্টাৰ স্কুলৰ পৰা পুত্ৰ অৱতীৰ্ণ হৈছিল।উল্লেখ্য যে ইংৰাজীত লেটাৰ সহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় পুত্ৰ মোজাউদ্দিন আহমেদ। কিন্তু মাতৃয়ো পিছ পৰি নাথাকিল। পুত্ৰৰ সমকক্ষ নহলেও মনোৱাৰা খাটুনে তৃতীয়বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। উল্লেখ্য যে ২০০৫ চনত মনোৱাৰাই দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে গুৱালতলিৰ বৰজাহান আলীৰ লগত বিবাহ পাশত আৱদ্ধ হৈ বিদ্যালয় ত্যাগ কৰিছিল। কিন্তু উচ্চ শিক্ষা লাভৰ একান্ত ইচ্ছা থকাৰ বাবেই পুত্ৰৰ লগত এইবাৰ একেলগে ঘৰত অধ্যয়ন কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বৰ্তমান পুত্ৰ মোজাউদ্দিন আহমেদে হোজাইত থকা আজমল ফাউণ্ডেচনত নামভৰ্তি কৰাৰ বিপৰীতে মাতৃ মনোৱাৰাই সাংসাৰিক জীৱনৰ পৰা সময় উলিয়াব পাৰিলে ভৱিষ্যতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হব বুলি জানিবলৈ দিয়ে। এনেদৰে বিশ্বনাথৰ এগৰাকী মাতৃয়ে পুত্ৰৰ সৈতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ খৱৰে আশাৰ সঞ্চাৰ কৰিছে ।
প্ৰেৰক জয়ন্ত বৰা