নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বনজ সম্পদ ধ্বংস কৰি সোঁৱে-বাঁৱে কোটি কোটি টকা আহৰণ কৰা পিচিচিএফ (বিশেষ) অভিজিত ৰাভাই গ্ৰেপ্তাৰৰ ভয়ত সোমবাৰে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত হাজিৰ নহ’ল । বিগত তিনিদিন ধৰি এইগৰাকী শীর্ষ বিষয়াৰ গুৱাহাটী আৰু কার্বি আংলঙৰ বাসগৃহ আৰু কার্যালয়ত দুর্নীতি নিবাৰক শাখাৰ দলে অভিযান চলাই আয় বহির্ভূতভাৱে ধন আহৰণ কৰাৰ বেংকৰ নথি–পত্র আৰু ৬ লক্ষাধিক নগদ ধন জব্দ কৰিছিল ৷ ইয়াৰ পাছতে দুর্নীতি নিবাৰক শাখাৰ কার্যালয়ত সোমবাৰে অভিজিৎ ৰাভাক হাজিৰ হ’বলৈ নির্দেশ দিছিল ৷ কিন্তু বেমাৰৰ অজুহাত দেখুৱাই বন বিষয়াগৰাকীয়ে দুর্নীতি নিবাৰকৰ কার্যালয়ত হাজিৰ হোৱাৰ পৰিৱর্তে বেমাৰৰ ভাও জুৰি হাস্পতালত ভর্তি হয় ৷
আনহাতে, ৰাভাৰ বাসগৃহৰ পৰা তদন্তকাৰী বিষয়াই জব্দ কৰা ল’কাৰৰ চাবিও নিদিলে বন বিষয়াগৰাকীয়ে ৷ ইফালে, অভিজিৎ ৰাভাৰ পৰিৱর্তে সোমবাৰে অধিবক্তাৰ সৈতে ৰাভাৰ পত্নী বণিতা ৰাভা দুর্নীতি নিবাৰকৰ কার্যালয়ত হাজিৰ হয় ৷ কার্যালয়ত বণিতা ৰাভাক তদন্তকাৰী বিষয়াই মাৰাথন জেৰা চলায় বুলি জনায় দুর্নীতি নিবাৰক শাখাৰ এক সূত্রই ৷ সূত্রটোৱে জনোৱা মতে, অভিজিৎ ৰাভাই সামঞ্জস্যহীনভাৱে ধন আহৰণ কৰি বেংকত জমা ৰখাৰ বিষয়ে বণিতা ৰাভাৰ পৰা কোনো সদুত্তৰ নাপালে তদন্তকাৰী বিষয়াই ৷ ইপিনে, দুর্নীতি নিবাৰক শাখাৰ এটা দলে বন বিভাগৰ কনিষ্ঠ সহায়ক ৰিকি কেওটৰ ঘৰত অভিযান চলায় ৷ সূত্রটোৱে জনোৱা মতে, অভিজিৎ ৰাভাৰ এইগৰাকী কনিষ্ঠ সহায়কৰ একাউণ্টৰ পৰা সঘনাই ৰাভাৰ একাউণ্টলৈ ধন সৰবৰাহ হৈছিল ৷ ইফালে, ৰাভাৰ একাউণ্টলৈ ধন সৰবৰাহ কৰা ব্যক্তিৰ কেইবাটাও একাউণ্টৰ গৰাকীক চিনাক্ত কৰিছে তদন্তকাৰী বিষয়াই ৷ পৰৱর্তী সময়ত এইসকল লোককো এজন এজনকৈ তদন্তকাৰী বিষয়াই সোধা–পোছা কৰিব বুলি সূত্রটোৱে জানিবলৈ দিয়ে ৷