বিশেষ বাৰ্তা, ৩ জুনঃ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কৃষি চক্ৰৰ দুৰুঙ গাঁওত জিলা কৃষি কাৰ্যালয়ৰ এপাৰ্ট আত্মাৰ সহযোগত আই আৰ আৰ আইৰ উদ্যোগত পথাৰ দিৱস আৰু শস্য চপোৱাৰ বিশাল উৎসৱৰ আয়োজন কৰা হয়। পুৱাৰ পৰা কৃষকৰ নাম পঞ্জীয়নেৰে অনুষ্ঠান আৰম্ভ হয়। এই উপলক্ষে অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কামৰূপ কৃষি বিকাশ কেন্দ্ৰৰ বিশেষজ্ঞ ৰিজৱান হেলিম, ইৰি বিশেষজ্ঞ ক্ৰমে ড• ৰোহিত কুমাৰ নামদেও, ড• গ্ৰাহাম, ড• জ্ঞানদীপ পাণ্ডিয়াই উপস্থিত কৃষকসকলক কৃষিকাৰ্যৰ বিভিন্ন দিহা পৰামৰ্শ দিয়ে। অনুষ্ঠানত ৬৩ নং টোপাতলী গাওঁ পঞ্চায়তৰ সভাপতি অজয় দাস, জিলা পৰিষদৰ প্ৰাক্তন সদস্য নাৰায়ণ সৰকাৰ প্ৰমুখ্যে আন কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অত্যাধুনিক পদ্ধতিৰে পথাৰত শস্য চপোৱাৰ শুভাৰম্ভণি কৰাও হয়। কামৰূপ জিলা কৃষি বিভাগৰ তৰফৰ পৰা এপাৰ্টৰ নডেল বিষয়া মানস প্ৰতীম মহন্ত, এপাৰ্টৰ ডি এ এম চি দিবাকৰ মোহোদিয়ে উপস্থিত থাকি কৃষকসকলৰ সৈতে বিভিন্ন বিষয়ত মত-বিনিময় কৰে। অনুষ্ঠানত অৰ্ধশতাধিক কৃষক ৰাইজ উপস্থিত থাকে।