নিয়মীয়া বাৰ্তা, ৭ জুনঃ পাঠশালাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে দেশযুৰি আৰম্ভ কৰা জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে৷ প্ৰখৰ ৰ’দ আৰু উত্তাপকো নেওচি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালীত চলাইছে বিজেপিৰ জনসম্পৰ্ক অভিযান৷ তেওঁ আজি পাঠশালাৰ বিশিষ্ট ব্যক্তি ক্ৰমে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰয়োজক অসম সৌৰভ কৃষ্ণ ৰয়, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মূৰাৰী মোহন দত্ত, বিশিষ্ট সাহিত্যিক প্রবোধ শৰ্মা আৰু বসন্ত শৰ্মাৰ ঘৰত জনসম্পৰ্ক অভিযানৰ উদেশ্যৰে উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৯ বছৰীয়া কাৰ্যকালত কৰা বিভিন্ন কামসমূহৰ বিষয়ে অৱগত কৰে৷
প্ৰেৰক কল্যাণ কলিতা