নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NRC ৰ ৱেবছাইটৰ পৰা হঠাৎ অন্তর্ধান হ’ল সকলো গুৰুত্বপূৰ্ণ তথ্য ! কিন্তু ক’লৈ গ’ল এইসমূহ তথ্য ?

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ যোৱাবছৰ প্ৰকাশিত চূড়ান্ত এনআৰচিখনত নাম অন্তৰ্ভুক্ত নোহোৱা ১৯ লাখ লোকৰ ভৱিষ্যতক লৈ চৰম অনিশ্চয়তা বিৰাজ কৰাৰ সময়তে ৰহস্যজনকভাৱে এনআৰচিৰ ৱেবচাইটৰ পৰা হঠাৎ অন্তৰ্ধান হৈছে সকলো তথ্য় । এনআৰচিৰ আপীল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই ৱেবছাইটটোৰ পৰা সকলো তথ্য অন্তৰ্ধান হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে যোৱা বছৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচিৰ প্ৰকাশ পায় । কিন্তু বিগত পাঁচ মাহে এনআৰচিখন চৰকাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই । দেশৰ মহাপঞ্জীয়কে এনআৰচিখন আনুষ্ঠানিকভাৱে গ্ৰহণ নকৰাৰ বাবেই আজিলৈকে এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ হাতত কোনো তথ্য নাই ।

ইপিনে এনআৰচিখনত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ লগতে বহু অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হোৱাৰ অভিযোগ কৰি ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ বিজেপি দলে এই এনআৰচিখন গ্রহণ নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ চূড়ান্ত এনআৰচিখনক লৈ এই বিতর্ক অব্যাহত থকাৰ বাবেই নাগৰিকপঞ্জীত নাম বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যৎ চৰম অনিশ্চয়তাত সোমাই পৰিছে৷ আজিপর্যন্ত নাম বাদ পৰাসকলে কি কাৰণত নাম অন্তর্ভুক্ত নহ’ল, সেই বিষয়ে এনআৰচি কর্তৃপক্ষৰ পৰা জাননীও লাভ কৰা নাই৷ ফলত নাগৰিকত্ব প্রতিপন্নৰ বাবে তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আপীলো কৰিব পৰা নাই৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি এনআৰচি কর্তৃপক্ষৰ পৰা নাম বাদ পৰাৰ কাৰণসহ জাননী লাভৰ ১২০ দিনৰ ভিতৰত তেওঁলোকে বিদেশী ন্যায়াধিকৰণত আপীলৰ সুযোগ লাভ কৰিব৷

চূড়ান্ত এনআৰচিখনক লৈ এই অনিশ্চয়তা অব্যাহত থকাৰ সময়তে হঠাৎ এনআৰচিৰ ৱেবছাইটৰ পৰা নথিপত্রকে আদি কৰি সকলো তথ্য অন্তর্ধান হোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই মঙলবাৰে দেশৰ মহাপঞ্জীয়ক আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কক সুকীয়া সুকীয়া পত্রযোগে বিষয়টো অৱগত কৰি ইয়াৰ কাৰণ জানিব বিচাৰিছে৷ পত্রত বিৰোধী দলপতি শইকীয়াই কয় যে উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১৩ আগষ্টত জাৰি কৰা নির্দেশমর্মে নাগৰিকপঞ্জী সম্পর্কীয় তথ্য এনআৰচিৰ ৱেবছাইটত সেই বছৰৰে ১৪ ছেপ্ঢেম্বৰৰ পৰা উপলব্ধ হয়৷ কিন্তু এনআৰচিৰ আপীল প্রক্রিয়া আৰম্ভ হোৱাৰ আগতেই হঠাৎ ৱেবছাইটৰ পৰা তথ্যসমূহ অন্তর্ধান হয়৷ এইটো এটা গভীৰ অভিসন্ধি৷ প্রাথমিক দৃষ্টিত এই কার্য উচ্চতম ন্যায়ালয়ৰ নির্দেশনা জ্ঞাতভাৱেই উলংঘা কৰা হৈছে৷ তথ্য অন্তর্ধান হোৱা কার্যটোৱে এনআৰচি সম্পর্কীয় নিয়মাৱলীও উলংঘা কৰিছে, যিসমূহে এনআৰচি প্রকাশৰ পিছত পালন কৰিবলগীয়া বিভিন্ন পদক্ষেপ স্পষ্টকৈ উল্লেখ কৰিছিল৷ মুঠতে এনআৰচিখন চৰকাৰে আনুষ্ঠানিকভাৱে গ্রহণ কৰা তথা আপীল প্রক্রিয়া আৰম্ভ হোৱাৰ পূর্বেই ৱেবছাইটৰ পৰা তথ্য অন্তর্ধান হোৱা ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷

You might also like