বিশেষ বাৰ্তা, ১৪ জুনঃ জাপানৰ ৰে’লৱে ষ্টেচনৰ আর্হিত অত্যাধুনিক ৰূপত নির্মাণ হ’ব গুৱাহাটী ৰে’লৱে ষ্টেচন৷ গুৱাহাটী ৰে’লৱে ষ্টেচনক আধুনিক ৰূপত গঢ় দিয়াৰ বাবেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অসম ৰাজ্যিক পৰিবহণ নিগম আৰু উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মাজত ভূমি বিনিময়ৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ গুৱাহাটী ৰে’লৱে ষ্টেচনত দ্বিতীয় প্রৱেশ পথ নির্মাণৰ বাবে সম্পাদিত এই চুক্তি অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টন বজাৰস্থিত মুখ্য কার্যালয়ৰ ৪ বিঘা ৪ কঠা ১৯ লেচা মাটি ৰে’লৱে কর্তৃপক্ষক অর্পণ কৰিব৷ ইয়াৰ বিপৰীতে উত্তৰ–পূব সীমান্ত ৰে’লৱেই জালুকবাৰীত থকা ২০ বিঘা ২ কঠা ১ লেচা মাটি ৰাজ্যিক পৰিবহণ নিগমক প্রদান কৰাৰ লগতে পৰিবহণ নিমগৰ কার্যালয় নির্মাণৰ বাবে ৫.৯৩ কোটি টকা প্রদান কৰিব৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাগৃহত আয়োজিত অনুষ্ঠানত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক চেতন কুমাৰ শ্রীবাস্তৱ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল চন্দ্র দাসে৷ চুক্তি অনুসৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টন বজাৰস্থিত আস্থানেৰে হ’বলগীয়া গুৱাহাটী ৰে’লৱে ষ্টেচনৰ দ্বিতীয় প্রৱেশ পথৰ নক্সা অহা ৪ মাহৰ ভিতৰত সাজু হৈ উঠিব আৰু ইয়াত গুৱাহাটী ষ্টেচন পুনৰ বিকাশ প্রকল্পৰ অংশ হিচাপে বিকশিত কৰা হ’ব৷ এই দ্বিতীয়টো প্রৱেশ পথে গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ অহা–যোৱা কৰা যাত্রীক সুবিধা প্রদানৰ উপৰি গুৱাহাটী মহানগৰীৰ ভিতৰত যান–জঁটো হ্রাস কৰিব৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেই ইতিমধ্যে দ্বিতীয় প্রৱেশ পথৰ বিকাশৰ বাবে পৰামর্শদাতা নিয়োগ কৰিছে আৰু ষ্টেচনটোৰ সামগ্রিক বিকাশৰ পৰিকল্পনা কৰিছে৷ যাত্রীৰ বাবে আসনৰ ব্যৱস্থা আৰু কিয়স্ক আদি উপলব্ধ কৰাৰ বাবে ষ্টেচনত অতিৰিক্ত স্থান সৃষ্টি কৰিবলৈ ৰে’লৱে ট্রেকৰ ওপৰত ৰুফ প্লাজা প্রদান কৰিব৷ ষ্টেচনটোত সৌৰ পেনেল স্থাপন, আৱর্জনা ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা আদিৰ সৈতে সেউজ নির্মাণ অৱধাৰণাৰে বিকশিত কৰা হ’ব৷ যাত্রীসকলক পর্যাপ্ত সুবিধা প্রদান কৰাৰ বাবে ষ্টেচনটোত লিফট, এস্কেলেটৰ, আধুনিক ছাইনেজ, শৌচালয়, প্রশস্ত প্রতীক্ষাহল, পার্কিং সুবিধাৰ লগতে বৈদ্যুতিক বাহনৰ চার্জিং পইণ্ট আদিও স্থাপন কৰিব৷ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ২০০ বছৰ পূর্বে অসমত চাহ, খাৰুৱা তেলে উদ্যোগ হিচাপে গঢ় লোৱাৰ পিছত ৰে’লৱে আন্তঃগাঁথনিৰ বিকাশ আৰম্ভ হয়৷ ১৯৫৮ চনত উত্তৰ–পূব ৰে’লৱে স্থাপন হয় যদিও ১৯০০ চনতেই গুৱাহাটী ৰে’ল ষ্টেচন আৰম্ভ হৈছিল৷ সেই অনুসৰি গুৱাহাটী ৰে’লৱে ষ্টেচনৰ বয়স এতিয়া ১২৩ বছৰ হ’ল৷ দেশৰ মুখ্য ধাৰাৰ লগতে উত্তৰ–পূবৰ নাগালেণ্ড, মেঘালয়, অৰুণাচল প্রদেশ, পশ্চিমবংগ আদিৰ সৈতে গুৱাহাটী ৰে’ল ষ্টেচনে সেৱা আগবঢ়াই আহিছে৷ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা বর্তমান ৭৮খন দীর্ঘ দূৰত্বৰ ৰে’ল চলাচল কৰাৰ লগতে গুৱাহাটী ষ্টেচনৰ মাজেৰে ২৬খনকৈ ৰে’ল পাৰ হয়৷ যোৱা বছৰটোত গুৱাহাটী ৰে’লৱে ষ্টেচনত ১ কোটি ব্যক্তিয়ে পদার্পণ কৰিছিল৷ প্রতি বছৰে ১৫ৰ পৰা ২০ শতাংশ অতিৰিক্ত যাত্রী গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ আহে৷ এই গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰাই বন্দে ভাৰত, ভিষ্টাড’মৰ দৰে আধুনিক ৰে’লৰ চলাচলো আৰম্ভ হৈছে৷ পর্যটন বা দ্রুত যোগাযোগ ব্যৱস্থাৰ মাধ্যম হিচাপে গুৱাহাটী ৰে’ল ষ্টেচন এতিয়া ব্যৱহাৰ হৈ আহিছে৷ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ প্রৱেশ পথ পাণবজাৰৰ দিশৰ পৰা হোৱাৰ ফলত কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ওপৰতো প্রভাৱ পৰিছে৷ দেশত ৰে’লমন্ত্রী হিচাপে অশ্বিনী বৈষ্ণৱে দায়িত্ব লোৱাৰ পিছত পল্টন বজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কার্যালয়ৰ দিশৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনলৈ দ্বিতীয় প্রৱেশ পথ এটা আৰম্ভ কৰাৰ সম্পর্কত প্রস্তাৱ দিয়ে৷ কেন্দ্রীয় ৰে’লমন্ত্রী বৈষ্ণৱে জনোৱা অনুসৰি ৭০০ৰো অধিক কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী ৰে’ল ষ্টেচনটো জাপানৰ আর্হিত অত্যাধুনিকভাৱে নির্মাণ কৰিব বিচাৰিছে৷ ইয়াৰ বাবে ৰে’লৱে কর্তৃপক্ষই ৰাজ্যিক পৰিবহণ নিগমৰ প্রায় ৫ বিঘা মাটি বিচৰাৰ বিনিময়ত জালুকবাৰীত থকা ৰে’লৱেৰ ২০ বিঘা মাটি পৰিবহণ নিগমক প্রদান কৰিব৷ তদুপৰি ৰে’লৱে কর্তৃপক্ষই ৰাজ্যিক পৰিবহণ নিগমক অতিৰিক্ত ৫ কোটি টকা প্রদান কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰে’লৱে কর্তৃপক্ষই জালুকবাৰীত প্রদান কৰিবলগীয়া ২০ বিঘা মাটিত নতুন আইএছবিটি এটা স্থাপন কৰা হ’ব৷ সাম্প্রতিক সময়ত আদাবাৰীত বাছ আস্থান ৰখাটো সম্ভৱ নহয়৷ সেয়ে আদাবাৰী আৰু পল্টন বজাৰৰ পৰিবহণ নিগমৰ বাছ আস্থান স্থানান্তৰিত কৰা হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যোৱা ৯টা বছৰত অসমত ৰে’লৱেৰ যিমান কাম হৈছে, আগতে কেতিয়াও হোৱা নাই৷ এই ৯ বছৰত ২১২.৫৯ কিলোমিটাৰ ৰে’লপথ ব্রডগজলৈ পৰিৱর্তন হৈছে৷ ২১২ কিলোমিটাৰ দ্বৈত ৰে’লপথ নির্মাণ কৰা হৈছে৷ সেইদৰে ১,৬৭৭ কোটি টকা ব্যয়সাপেক্ষে আজ্ঞাঠুৰীৰ পৰা কামাখ্যালৈ ব্রহ্মপুত্রৰ ওপৰত এখন ৰে’লৱে দলং নির্মাণ হ’ব৷ আজ্ঞাঠুৰী ৰে’লৱে ষ্টেচনটো আদর্শ ষ্টেচনলৈ ৰূপান্তৰিত হ’ব৷ একেদৰে তেজপুৰৰ পৰা কলিয়াবৰৰ শিলঘাটলৈ ২৫ কিলোমিটাৰ দৈর্ঘ্যৰ আন এখন ৰে’লৱে দলং নির্মাণ হ’ব৷ ৰে’লৱে মানচিত্রত দৰং আৰু মাজুলী জিলাক অন্তর্ভুক্তিৰ বাবেও কথা–বতৰা পাতি থকা হৈছে৷ কোনো এটা দিনত মাজুলীতো ৰে’লৱে দলঙৰ কাম আৰম্ভ হ’ব৷ সেইদৰে ১,৪০৪ কিলোমিটাৰ ৰে’লপথত বর্তমান বিদ্যুতীকৰণৰ কাম চলি আছে৷ আগেয়ে বছৰি মাত্র দুহেজাৰ কোটি টকা খৰচ কৰা উত্তৰ–পূবত এতিয়া ৰে’লৱে কর্তৃপক্ষই বছৰি ১০ হাজাৰ কোটি টকাকৈ ব্যয় কৰাৰ পদক্ষেপ লৈছে৷ এইবোৰৰ উপৰি পূর্বতে ৰে’লৱে অভাৰব্রীজ নির্মাণৰ কাম কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কৰিছিল৷ কিন্তু এতিয়াৰে পৰা ৰে’লৱে কর্তৃপক্ষই ৰে’লৱে অ’ভাৰব্রীজ নির্মাণৰ দায়িত্ব গ্রহণ কৰিব৷ আনহাতে, আজিৰ সেই অনুষ্ঠানতে ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু এনআৰএলৰ মাজত আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্রশাসনীয় সংস্কাৰৰ পদক্ষেপ হিচাপে উক্ত বুজাবুজিৰ চুক্তিখন স্বাক্ষৰিত হয়৷ এই সন্দর্ভত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাহাজ চলাচলৰ বাবে ১২ লাখ লিটাৰ ডিজেল বিভিন্ন পেট্র’ল পাম্পৰ পৰা ক্রয় কৰি আহিছে৷ বিভিন্ন সময়ত এই ডিজেল ক্রয়ক লৈ বহুতৰে মাজত বিভিন্ন প্রশ্ণৰ উদয় হৈ আহিছে৷ এতিয়াৰে পৰা বিভাগটোৱে এনআৰএলৰ পৰা সেই ডিজেল ক্রয় কৰিব৷ পূর্বতে এই ডিজেল ক্রয়ক লৈ ক’ৰবাত যদি কোনো খেলিমেলি, কেলেংকাৰি আদিও হৈছিল, এতিয়া চৰকাৰে পোনপটীয়াভাৱে এনআৰএলৰ পৰা ক্রয় কৰাৰ লগে লগে সেই অধ্যায় বন্ধ হৈ যাব৷ কাৰণ, চৰকাৰে বছৰৰ মূৰত এনআৰএলক দিয়া চেকৰ পৰা কোনেও কমিছন বিচাৰি যাব নোৱাৰিব৷ চৰকাৰে এনে ধৰণৰ সৰু সৰু সংস্কাৰৰ জৰিয়তে বিভাগসমূহক কার্যক্ষম কৰাৰ চেষ্টা কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু এনআৰএলৰ মাজত হোৱা বুজাবুজি চুক্তিত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক পার্থ পেগু আৰু এনআৰএলৰ চিজিএম (মার্কেটিং) সুব্রত দাসে স্বাক্ষৰ কৰে৷