নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰিমগঞ্জৰ চুৰাইবাৰীত ৪৮ কোটি টকাৰ কফ ছিৰাপ জব্দ, আটক ২

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ কৰিমগঞ্জৰ চুৰাইবাৰী আৰক্ষীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। চুৰাইবাৰী আৰক্ষীয়ে অসম-ত্ৰিপুৰাৰ প্ৰৱেশদ্বাৰত তিনিখন পৃথক ট্ৰাকৰ পৰা প্ৰায় ৪৮ কোটি টকাৰ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। মঙলবাৰৰ বিয়লিৰ পৰা নিয়মিতভাৱে তিনিখন পৃথক বাহনত তালাচী চলাই এই বৃহৎ সফলতা অৰ্জন কৰে । চেকগেটৰ ইনচাৰ্য প্ৰণৱ মিলিৰ নেতৃত্বত এই সফলতা লাভ কৰে। ৬নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ প্ৰতিদিনে শ শ সামগ্ৰী বাহন ত্ৰিপুৰাত প্ৰৱেশ কৰে। আৰক্ষীয়ে মাজতে নিয়মীয়াকৈ তালাচী চলাই ড্ৰাগছৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত চুৰাইবাৰী আৰক্ষী অতি সক্ৰিয়। প্ৰথমে দুপৰীয়া দুই বজাত চুৰাইবাৰীত শ্বিলঙৰ পৰা আগৰতলালৈ যোৱা বাৰচকীয়া WB11D-4702 নম্বৰৰ গাড়ীখনত তালাচী চলাই তিনিশ তেত্ৰিশ কাৰ্টন কফ ছিৰাপ জব্দ কৰা হয়। বাকী দুখন বাহন সন্ধিয়া সাত বজাত জব্দ কৰে। WB29B-5386 নম্বৰৰ দ্বিতীয়খন বাৰচকীয়া বাহনো একেদৰেই নাকা পইণ্টত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে আটক কৰে । ইয়াৰ উপৰি শেষৰখন দহচকীয়া কণ্টেইনাৰ বাহন এনএল০১এএফ নম্বৰৰ পৰা বাসত্তৰটা কাৰ্টনত মুঠ এঘাৰ হাজাৰ পাঁচশ বিশটা বটল আৰু দুশ এক কাৰ্টনত বত্ৰিশ হাজাৰ এশ ষাঠিটা বটল আৰু আন বাহনৰ পৰা একেলগে পাঁচশ ছিয়ানব্বৈ কাৰ্টনত মুঠ পঁচানব্বৈ হাজাৰ তিনিশ ষাঠিটা কফ ছিৰাপৰ বটল জব্দ কৰা হয়। ইনচাৰ্য প্ৰণৱ মিলিয়ে কয় যে উক্ত কফ ছিৰাপৰ ক’লা বজাৰত মূল্য সাতচল্লিশ কোটি ছয় লাখ আশী হাজাৰ টকা। এই গোচৰত প্ৰথম দুখন গাড়ীৰ পৰা দুজন চালক ভৱেশ কুমাৰ (৩৮) আৰু সমীনুৰ ইছলাম (৩৬)ক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰথমজনৰ ঘৰ উত্তৰ প্ৰদেশৰ বেগুছৰাই জিলাৰ হৰেকপুৰা গাঁৱত আৰু আনজনৰ ঘৰ পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনাৰ চিমুলীয়া গাঁৱত। ইফালে, তৃতীয়খন গাড়ীৰ চালকজনে সুযোগ গ্ৰহণ পলাই যায়। অসম চুৰাইবাৰী আৰক্ষীয়ে অভিযুক্ত দুজনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে ইমান বৃহৎ পৰিমাণৰ অবৈধ কফ ছিৰাপ আগতে ক’তো ধৰা পৰা নাছিল। ইফালে, চুৰাইবাৰী আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ পিছতে নিশা ৮:৩০ বজাত চুৰাইবাৰীলৈ আহিছিল আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস। তেওঁ গোটেই বিষয়টো নিৰীক্ষণ কৰে। ইফালে, আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানৰ শলাগ লৈছে সচেতন নাগৰিকে। ইপিনে, কৰিমগঞ্জ আৰক্ষীৰ এনে সফলতাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like