নিয়মীয়া বাৰ্তা, ১৯ জুনঃ লখিমপুৰৰ অসম অৰুনাচল সীমান্তৱৰ্তী পথালিপাহৰৰ সমীপৰ পিঠাগুৰিত ডিক্ৰং নদীত জাহ গ’ল চৰকাৰৰ বহু কোটি টকীয়া আচনি ৷ জানিব পৰামতে ডিক্ৰং নৈৰ ৮০ নং শলমাৰীৰ পৰা ২ নং পিঠাগুৰিলৈকে খহনীয়া প্ৰতিৰোধৰ বাবে মথাউৰিটো নিৰ্মাণৰ বাবে চৰকাৰে ৫ কোটিৰো অধিক টকা আবন্টন দিছিল। উক্ত মথাউৰিটো নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰিছিল ৰাম প্ৰসাদ চাহু নামৰ ঠিকাদাৰ জনে।কিন্তু উক্ত ঠিকাদাৰ জনে নিজৰ ময়মতালিৰে বৃহৎ দুৰ্নীতি আৰু অনিয়মেৰে অতি নিম্ন মানৰ কাম কৰাত ৬ মাহৰ পাছতে মথাউৰিত স্থাপন কৰা পাৰ্কুপাইন আৰু জিঅ’ বেগ সমুহ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়।ফলত নৈ পৰীয়া ৰাইজে এতিয়া আতংকত দিন পাৰ কৰিব লগা হৈছে। যিহেতু পুনৰ পানী বঢ়াৰ লগে লগে যি কোনো মূহুৰ্ততে মথাউৰিটো ছিঙি যোৱাৰ সম্ভাৱনাই অধিক হোৱা পৰিলক্ষিত হয়। উক্ত বিষয়টোৰ সন্দৰ্ভত স্থানীয় বাসিন্দা সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলাৰ খেৰাজখাত আঞ্চলিক সমিতিয়ে ঠিকাদাৰ জনৰ লগতে স্থানীয় বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাক সংবাদ মাধ্যমৰ সন্মুখত তীব্ৰ সমালোচনা কৰে।
প্ৰেৰক মুকুল ভূঞা