নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণ্ডলক কন্দল নলগাবলৈ জামুগুৰিহাটত সকীয়নি মন্ত্ৰী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, ১৯ জুন : ভূমি সংক্ৰান্তীয় বিষয়ত ৰাজহ চক্ৰৰ কাৰ্যালয়ত মণ্ডল সকলে যাতে কোনো কন্দল নলগায় তাৰ বাবে মণ্ডলসকলক সকিয়াই দিয়ে অসম চৰকাৰৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।আজি জামুগুৰিহাটত শোণিতপুৰ জিলাৰ ভিতৰতে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত  চি বি এছ চি পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ প্ৰথমখন আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰিবলৈ আহি নিজৰ ভাষণত  ৰাজহ চক্ৰ কাৰ্যালয়ৰ মণ্ডল সকলক সকিয়াই দিয়ে ৰাজহ মন্ত্ৰী গৰাকীয়ে। ভূমি সংক্ৰান্তীয় সকলো বিবাদ মীমাংসাৰ বাবে বসুন্ধৰা-২ৰ জৰিয়তে সকলো কাম চলি থকাৰ সময়তে দুই এটকা পইচাৰ কাৰণে মণ্ডলসকলে মাজে সময়ে হাত দাঙি থাকিব লগা হোৱাটো অতিকৈ লজ্জাজনক বুলিও অভিহিত কৰি মন্ত্ৰী যোগেন মহনে দুৰ্ণীতি ৰোধ কৰাৰ বাবেই অহা দুটা মাহৰ ভিতৰত ৰাজ্যত ই-দলিলৰ ব্যৱস্থা কৰা হ’ব বুলিও মন্তব্য কৰে।উল্লেখ্য যে জামুগুৰিহাটৰ পাঞ্চজন্য নামঘৰৰ সমীপৰ পূৰ্বৰ মধ্য জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ গৃহত অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা আদৰ্শ বিদ্যালয়,জামুগুৰিৰ শুভাৰম্ভ অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত আছিল।
প্ৰেৰক হিৰণ্য বৰা
You might also like