নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰাহঁকুছিত ছিঙিল বুঢ়াদিয়াৰ মথাউৰি : বানৰ কবলত সৰ্থেবাৰী

সৰ্থেবাৰীত বানত বুৰিল ত্ৰিশখন গাঁও
জলবন্দী কালাতলী
প্লাৱিত টিহু লচিমা পথ
পাৰাহঁকুছিত ছিঙিল বুঢ়াদিয়াৰ মথাউৰি
নিয়মীয়া বাৰ্তা, ১৯ জুন : টিহু-বুঢ়াদিয়াৰ বাঢ়নী পানীয়ে সৰ্থেবাৰী অঞ্চলত জটিল ৰূপ ধাৰণ কৰিছে। যোৱা দুদিন ধৰি টিহু আৰু বুঢ়াদিয়াৰ বাঢ়নী পানী হোৰাহোৰে সোমাই সমগ্ৰ অঞ্চলটো জলমগ্ন কৰি পেলাইছে। ইপিনে বুঢ়াদিয়াৰ জলস্তৰ বৃদ্ধি হৈ থকাৰ ফলত কালাতলি গাঁৱৰ পশ্চিম প্ৰান্তত পথটো চিগি তীব্ৰ সোঁতত পানী সোমাই থকাত যোগাযোগ বিচ্ছিন্ন হৈ জলবন্দী হৈ পৰিছে কালাতলি গাঁৱৰ ২৮ টা পৰিয়াল। অবৰ্ণনীয় পৰিবেশত আতংকৰ মাজত এই ৩৮ টা পৰিয়ালে দিন অতিবাহিত কৰিব লগীয়া হৈছে। যোৱা বছৰ বানে ঘৰ উটুৱাই নিয়া বিধবা মহিলা লাবণ্য মেধিৰ ঘৰলৈ এইবাৰো সংকট নামি আহিছে। লাৱণ্য মেধিৰ লগতে বৃদ্ধা নিৰুপমা বৈশ্যৰ ঘৰৰ পোনে পোনে নদীৰ পানীৰ তীব্ৰ সোঁত বৈ থকাত আতঙ্কৰ মাজত সময় অতিবাহিত কৰিছে পৰিয়াল দুটাই। নিৰুপমা বৈশ্যৰ ঘৰৰ সুৰক্ষাৰ বাবে বন্ধা টিনপাত আৰু বিচনা ইতিমধ্যেই বানপানীৰ প্ৰবল সোঁতত উটি গৈছে। একেদৰে বৰুণ বৰ্মন, পৰমেশ দাস, গৌতম কাকতি, ৰমেন বৰ্মন আদি কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমাই অৱস্থা বেয়া কৰি পেলাইছে। জলবন্দী হৈ থকা লোকসকলৰ খবৰ লবলৈ জনপ্ৰতিনিধি নতুবা প্ৰশাসনৰ পৰা কোনো লোক উপস্থিত হোৱা নাই বুলি স্থানীয় লোকে আক্ষেপ প্ৰকাশ কৰে। ইপিনে বুঢ়াদিয়াৰ বানে আজি পাৰাহকুছিৰ পশ্চিম প্ৰান্তত মথাউৰি ভাঙি তচনচ কৰি পেলোৱাৰ ফলত পাৰাহকুছিত বানে আহুকালৰ সৃষ্টি কৰিছে। পাৰাহকুছিৰ বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত একাঠু পৰ্যন্ত পানী হৈছে। কাছকুৰি পাম আৰু বাথানৰট্টাৰী সম্পূৰ্ণ ৰূপে জলমগ্ন হৈ পৰিছে।আনহাতে পাৰাহকুছিৰ পুব প্ৰান্তত মথাউৰিৰ ওপৰেদি বাগৰিছে বুঢ়াদিয়াৰ বাঢ়নী পানী। পাৰাহকুছিৰ পুব প্ৰান্ততো বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত বুৰ গৈছে। টিহু লচিমা পথটো ইতিমধ্যেই পানীত বুৰ যোৱাৰ ফলত যাতায়ত বিঘ্নিত হৈছে। বতিয়া, খৰিয়া, বৰগোমুৰা ক্ষুদ্ৰ গোমুৰা, কৃষ্ণ নগৰ, শান্তিপুৰ, খৰিয়া আদি গাঁৱৰ বাট পথ জলমগ্ন হৈ পৰিছে। সৰ্থেবাৰীৰ ১০ নং ওৱাৰ্ডৰ একাংশ পানীৰ তলত বুৰ গৈছে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ পানীৰ তলত বুৰ গৈছে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ত্ৰিশখন গাওঁ জলমগ্ন হৈ পৰিছে। জলস্তৰ বৃদ্ধি হৈ থকাত সমগ্ৰ অঞ্চলটোৰ বাবে এক আশংকা নামি আহিছে।
প্ৰেৰক নকুল তালুকদাৰ
You might also like